Xiaomi’ৰ সাধাৰণ গোপনীয়তা নীতি
আমাৰ সাধাৰণ গোপনীয়তা নীতি 10 অক্টোবৰ, 2025 তাৰিখে আপডেট কৰা হৈছে।
আমাৰ গোপনীয়তা নীতিৰ সৈতে পৰিচিত হোৱাৰ বাবে কিছু সময় খৰচ কৰক আৰু আপোনাৰ যদি কিব প্ৰশ্ন আছে তেনেহ'লে আমাক জনাওক।
অৱলোকন
1. পৰিচয়
2. ব্যক্তিগত তথ্যই কি বুজায়?
3. আমি কি তথ্য সংগ্ৰহ কৰো আৰু কি উদ্দেশ্যে?
4. আমি কিদৰে তৃতীয় পক্ষসমূহৰ সৈতে আপোনাৰ ব্যক্তিগত তথ্যৰ ভাগ-বতৰা কৰো?
5. আপোনাৰ ব্যক্তিগত তথ্য সংসাধন কৰাৰ আইনী আধাৰ কি?
6. আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰি ৰাখিবলৈ আমাৰ সুৰক্ষামূলক ব্যৱস্থাসমূহ কি কি?
7. আপোনাৰ ব্যক্তিগত তথ্যসমূহ কিমান দিনলৈ জমা কৰি ৰখা হ’ব?
8. আপুনি আপোনাৰ গোপনীয়তাৰ অগ্ৰাধিকাৰসমূহ কেনেদৰে পৰিচালনা কৰে?
9. আপোনাৰ তথ্য সুৰক্ষাৰ অধিকাৰসমূহ কি কি?
10. আপোনাৰ তথ্য সুৰক্ষা অধিকাৰ কেনেদৰে মানি চলিব আৰু আমাৰ সৈতে কেনেদৰে যোগাযোগ কৰিব?
11. আপোনাৰ ব্যক্তিগত তথ্য কেনেদৰে বিশ্বব্যাপী প্ৰেৰণ কৰা হয়?
12. নাবালকসকলক কেনেদৰে সুৰক্ষা প্ৰদান কৰিব?
13. আপুনি কোনো তৃতীয় পক্ষৰ চৰ্তাৱলীসমূহত সন্মতি প্ৰকাশ কৰিব লাগিব নেকি?
14. এই গোপনীয়তাৰ নীতি আমি কেনেকৈ আপডেট কৰো?
1. পৰিচয়
গোপনীয়তা হৈছে Xiaomi-ৰ মূল নীতিসমূহৰ এটা আৰু আপোনাৰ গোপনীয়তাক সুৰক্ষিত কৰি ৰখা হৈছে আমাৰ প্ৰথম অগ্ৰাধিকাৰ৷ যদিও প্ৰতিটো Xiaomi সামগ্ৰী বা সেৱাৰ নিজা গোপনীয়তা নীতি থাকে, আমি এই সাদাৰণ গোপনীয়তা নীতিত কিছুমান মূল দিশ সংক্ষিপ্তাকাৰে অন্তৰ্ভুক্ত কৰিছো৷ এনেদৰে, আপুনি তথ্যসমূহ দুটা স্তৰত তাৎক্ষণিকভাৱে লাভ কৰিব পাৰিব: এয়া এটা একেবাৰে সৰল সংস্কৰণ আৰু আনটো আপোনাৰ পচন্দৰ সামগ্ৰী আৰু/বা সেৱাৰ গোপনীয়তা নীতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক বিস্তৃত আৰু সুনিৰ্দিষ্ট৷
অনুগ্ৰহ কৰি মন কৰিব Xiaomi-ৰ দ্বাৰা ব্যক্তিগত তথ্যৰ সংসাধন উক্ত সামগ্ৰী আৰু/বা সেৱাৰ লগতে প্ৰতিগৰাকী ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰা ফিচাৰ আৰু বাচি লোৱা কনফিগাৰেচনৰ ওপৰত ভিত্তি কৰি ভিন্ন হ’ব পাৰে৷
মুঠৰ ওপৰত, আমি আমাৰ ব্যৱহাৰকাৰীৰ বাবে সৰ্বোত্তম আশা কৰো। এই সাধাৰণ গোপনীয়তাৰ নীতিত বৰ্ণনা কৰা আমাৰ তথ্য সংসাধন পদ্ধতিৰ বিষয়ে আপোনাৰ কোনো প্ৰশ্ন থাকিলে, আপোনাৰ প্ৰশ্নৰ উত্তৰ লাভৰ বাবে অনুগ্ৰহ কৰি https://privacy.mi.com/supportৰ যোগেদি আমাক যোগাযোগ কৰক। আমি আপোনাৰ পৰা শুনিবলৈ পালে সুখী হ'ম।
2. ব্যক্তিগত তথ্যই কি বুজায়?
এই গোপনীয়তা নীতিৰ অধীনত "ব্যক্তিগত তথ্য"ৰ অৰ্থ হৈছে সেইবোৰ তথ্য যিবোৰৰ পৰা আপোনাৰ অঞ্চলত প্ৰযোজ্য আইন অনুসৰি অন্যভাৱে নিৰ্দিষ্টকৈ উল্লেখ নাথাকিলে পোনপটীয়াকৈ বা Xiaomiৰ প্ৰৱেশাধিকাৰ থকা কোনো ব্যক্তি বিশেষৰ অন্য কোনো তথ্যৰ সৈতে সেইবোৰ একত্ৰিত কৰি ব্যক্তি গৰাকীক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হ'ব পাৰে। ইয়াত নাম, যোগাযোগৰ সবিশেষ, চিনাক্তকৰণৰ নম্বৰ, অৱস্থানৰ তথ্য বা অনলাইন আইডেন্টিফায়াৰৰ (যেনে Xiaomi একাউন্ট আইডি) দৰে তথ্য অ্ন্তৰ্ভুক্ত থাকে৷ আমি আপোনাৰ ব্যক্তিগত তথ্য এই গোপনীয়তাৰ নীতি কঠোৰভাৱে অনুসৰণ কৰি ব্যৱহাৰ কৰিম।
3. আমি কি তথ্য সংগ্ৰহ কৰো আৰু কি উদ্দেশ্যে?
3.1 আপোনাৰ পৰা ব্যক্তিগত তথ্যৰ সংগ্ৰহ
অনুগ্ৰহ কৰি মন কৰিব Xiaomi-ৰ দ্বাৰা ব্যক্তিগত তথ্যৰ সংসাধন উক্ত সামগ্ৰী আৰু/বা সেৱাৰ লগতে প্ৰতিগৰাকী ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰা ফিচাৰ আৰু বাচি লোৱা কনফিগাৰেচনৰ ওপৰত ভিত্তি কৰি ভিন্ন হ’ব পাৰে৷ সেয়েহে, আমাৰ সামগ্ৰী আৰু সেৱাসমূহ ব্যৱহাৰ কৰোতে, আপোনাৰ ব্যক্তিগত তথ্যসমূহ আপুনি বাচি লোৱা সামগ্ৰী আৰু/ বা সেৱাসমূহৰ সৈতে আপোনাক প্ৰদান কৰিবলৈ সংসাধন কৰা হ’ব৷
আপুনি ব্যৱহাৰ কৰি থকা প্ৰডাক্ট আৰু/বা সেৱাসমূহৰ নিৰ্দিষ্ট গোপনীয়তা নীতিত অধিক তথ্য পাব পাৰে, তথাপিও আমি ব্যক্তিগত তথ্য সংগ্ৰহ কৰাৰ মুখ্য কাৰণ হ’ল আপোনাৰ পছন্দ অনুসাৰে প্ৰডাক্ট আৰু সেৱাসমূহ আপোনাক প্ৰদান কৰা। সেয়েহে, আমি আপোনাৰ বিষয়ে সংসাধন কৰা বেছিভাগ তথ্যসমূহ হৈছে এই সামগ্ৰী বা সেৱাসমূহৰ সুবিধাৰ বাবে প্ৰয়োজনীয়৷
আপুনি পচন্দ কৰা সেৱাৰ ওপৰত ভিত্তি কৰি আমি এই ধৰণৰ তথ্য়সমূহ সংগ্ৰহ কৰিব পাৰো:
3.1.1 আপুনি আমাক এইসমূহ তথ্য প্ৰদান কৰে
আপুনি আমাক প্ৰদান কৰা যিকোনো ব্যক্তিগত তথ্য আমি সংগ্ৰহ কৰিব পাৰো, যিসমূহ আপুনি পচন্দ কৰা সেৱাৰ বাবে প্ৰয়োজনীয়। উদাহৰণস্বৰূপে, আপুনি যদি mi.com ৰিটেইলিং সেৱা ব্যৱহাৰ কৰে তেন্তে আপুনি নাম, ম'বাইল ফোন নম্বৰ, ইমেইল ঠিকনা, ডেলিভাৰি ঠিকনা, অৰ্ডাৰৰ তথ্য, ইনভইচৰ সবিশেষ, বেংক একাউণ্ট নম্বৰ, একাউণ্ট হোল্ডাৰৰ নাম, ক্ৰেডিট কাৰ্ড নম্বৰ আৰু অন্য তথ্য যোগান ধৰিব পাৰে; আপুনি যদি Xiaomi ক্লাউড সেৱা ব্যৱহাৰ কৰে, তেন্তে সামগ্ৰী বা তথ্য চিংক কৰিব পাৰে; আপুনি যদি একাউণ্ট সৃষ্টি কৰে, তেন্তে আপোনাৰ লিংগ, নিৰাপত্তা-জনিত তথ্য, আৰু অন্য তথ্য যোগান ধৰিব পাৰে; যদি আপুনি কোনো প্ৰচাৰমূলক কাৰ্যকলাপত অংশগ্ৰহণ কৰে, তেন্তে আপুনি আপোনাৰ উপনাম, ইমেইল ঠিকনা, ফটো, ভিডিঅ', বা অন্য প্ৰয়োজনীয় তথ্য আমাক প্ৰদান কৰিব পাৰে; যদি আপুনি আমাৰ সৈতে, আমাৰ সমল, বা আমাৰ মাৰ্কেটিঙৰ সৈতে জড়িত হয়, বা এটা পুৰষ্কাৰ জয় কৰে, তেন্তে আপোনাৰ নাম, ম'বাইল ফোন নম্বৰ, আৰু ঠিকনা প্ৰদান কৰিব পাৰে।
3.1.2 আপুনি সেৱা ব্যৱহাৰ কৰোতে আমি সংগ্ৰহ কৰা তথ্য
ডিভাইচ বা ছিম-সম্পৰ্কিত তথ্য৷ উদাহৰণস্বৰূপে, IMEI/OAID, GAID নম্বৰ, IMSI নম্বৰ, MAC এড্ৰেছ, ক্ৰমিক নম্বৰ, ছিষ্টেম সংস্কৰণ আৰু প্ৰকাৰ, ROM সংস্কৰণ, এনড্ৰইড সংস্কৰণ, এনড্ৰইড আইডি, স্পেচ আইডি, ছিম কাৰ্ড অপাৰেটৰ আৰু ইয়াৰ অৱস্থান এলেকা, স্ক্ৰীণ ডিছপ্লেৰ তথ্য, ডিভাইচৰ কীপেডৰ তথ্য, ডিভাইচ নিৰ্মাণকাৰীৰ সবিশেষ আৰু মডেলৰ নাম, ডিভাইচ সক্ৰিয়কৰণৰ সময়, নেটৱৰ্ক অপাৰেটৰ, সংযোগৰ প্ৰকাৰ,বুনিয়াদী হাৰ্ডৱেৰৰ তথ্য, চেলচ চেনেল আৰু ব্যৱহাৰৰ তথ্য (যেনে, CPU, ষ্ট’ৰেজ, বেটাৰীৰ ব্যৱহাৰ, স্ক্ৰীণৰ ৰিজ'লিউশ্বন, ডিভাইচৰ উষ্ণতা, কেমেৰাৰ লেন্সৰ মডেল, স্ক্ৰীণখন কিমান বাৰ জাগ্ৰত বা আনলক কৰা হৈছে)।
আপোনাক ধৰি দিয়া তথ্য যাক হয়তো তৃতীয় পক্ষ আৰু আমাৰ ব্যৱসায়িক সহযোগীৰ দ্বাৰা অৰ্পন কৰিব পাৰে: আমি হয়তো তৃতীয় পক্ষ সেৱা প্ৰদানকাৰী আৰু ব্যৱসায়িক সহযোগীসকলে অৰ্পণ কৰা আপোনাৰ এডভাৰ্টাইজিং আইডিৰ দৰে তথ্য সংগ্ৰহ বা ব্যৱহাৰ কৰিব পাৰো৷
আপোনাৰ এপ্প ব্যৱহাৰ সম্পৰ্কীয় তথ্য, এটা এপ্পৰ বাবে অনন্য আইডেন্টিফায়াৰ (যেনে, VAID, OAID, AAID, ইনষ্টেন্স আইডি) আৰু সাধাৰণ এপ্প তথ্য যেনে, এপৰ সূচী, এপ আইডিৰ তথ্য, SDK সংস্কৰণ, ছিষ্টেম আপডেট ছেটিংছ, এপ্প ছেটিংছ (অঞ্চল, ভাষা, সময় ক্ষেত্ৰ, ফণ্ট), এপে কিমান বাৰ অগ্ৰভাগত প্ৰৱেশ/প্ৰস্থান কৰিছে, সেই তথ্য, আৰু এপ্পৰ স্থিতিৰ ৰেকৰ্ড (যেনে, ডাউনলোডকৰণ, ইনষ্টলকৰণ, আপডেটকৰণ আৰু বিলোপকৰণ) সামৰি।
আপুনি Xiaomi ছিষ্টেম সেৱা ব্যৱহাৰ কৰোতে সৃষ্টি হোৱা তথ্য, উদাহৰণস্বৰূপে,Xiaomi Communityত আপোনাৰ বেজসমূহ, ৰেটিং, ছাইন-ইন তথ্য, আৰু ব্ৰাউজিং হিষ্টৰী; Xiaomi Communityত আপোনাৰ বাৰ্তাসমূহ (কেৱল প্ৰেৰক আৰু প্ৰাপ্তকৰ্তাৰ বাবেহে দৃশ্যমান); সংগীত সেৱাসমূহত আপোনাৰ অডিঅ' প্লেবেক ইতিহাস আৰু অনুসন্ধান প্ৰশ্নসমূহ; থীমসমূহৰ সেৱাসমূহত আপোনাৰ লাইক, মন্তব্য, প্ৰিয়, ভাগ-বতৰা, আৰু অনুসন্ধান প্ৰশ্নসমূহ; ছিষ্টেম ভাষা, দেশ আৰু অঞ্চল, নেটৱৰ্ক স্থিতি, আৰু এপ ভল্টত এপসমূহৰ সূচী; আপোনাৰ ব্যৱহাৰৰ তথ্য, অঞ্চল, IP, প্ৰাসংগিক সমল প্ৰদানকাৰী, ৱালপেপাৰ পৰিৱৰ্তনৰ সঘনতা, প্ৰতিচ্ছৱি দৰ্শনসমূহ, প্ৰতিচ্ছৱি ব্ৰাউজিং ম'ড, প্ৰতিচ্ছৱি ব্ৰাউজিং সময়কাল, নিবন্ধসমূহত ক্লিক, আৰু প্ৰকাশ, ৱালপেপাৰ কেৰ'জলৰ গ্ৰাহকভুক্তিসমূহক সামৰি।
অৱস্থানৰ তথ্য (কেৱল নিৰ্দিষ্ট সেৱা/বৈশিষ্ট্যসমূহৰ বাবে): আপুনি যদি অৱস্থান-সম্পৰ্কীয় সেৱাসমূহ (নেভিগেশ্বন, বতৰ, ডিভাইচ সন্ধান, ইত্যাদি) ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ নিৰ্ভুল আৰু আনুমানিক অৱস্থান সম্পৰ্কে বিভিন্ন ধৰণৰ তথ্য। এই তথ্যত অঞ্চল, দেশৰ ক'ড, নগৰৰ ক'ড, ম'বাইল নেটৱৰ্কৰ ক'ড, ম'বাইলৰ ৰাষ্ট্ৰ ক'ড, চেল পৰিচয়, দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ তথ্য, সময় ক্ষেত্ৰৰ ছেটিংছ, আৰু ভাষা ছেটিংছ অন্তৰ্ভুক্ত হ'ব পাৰে। আপুনি ছেটিংছ> এপ্পসমূহ> অনুমতিসমূহ> অনুমতিসমূহ> অৱস্থান-ত যিকোনো সময়তে অৱস্থান তথ্যলৈ নিজ নিজ এপ্পসমূহৰ প্ৰৱেশ প্ৰতিবন্ধিত কৰিব পাৰে।
লগ তথ্য: আপোনাৰ কিছুমান নিৰ্দিষ্ট ফিচাৰ, এপ্প আৰু ৱেবছাইটৰ ব্যৱহাৰ সম্পৰ্কীয় তথ্য। ইয়াত কুকিসমূহ আৰু অন্য চিনাক্তকৰণ প্ৰযুক্তি, আইপি ঠিকনাসমূহ, নেটৱৰ্ক অনুৰোধৰ তথ্য, অস্থায়ী বাৰ্তাৰ ইতিহাস, মান্য ছিষ্টেম লগ, ক্ৰেশ্বৰ তথ্য, আৰু এটা সেৱা (যেনে, পঞ্জীয়নৰ সময়, প্ৰৱেশ সময়, কাৰ্যকলাপৰ সময় ইত্যাদি) ব্যৱহাৰ কৰি সৃষ্টি কৰা লগৰ তথ্য অন্তৰ্ভুক্ত হৈ থাকিব পাৰে।
অন্যান্য তথ্য: পৰিবেশজনিত বৈশিষ্ট্যসমূহৰ মূল্য (ECV) (অৰ্থাৎ Xiaomi একাউণ্ট আইডি, ডিভাইচ আইডি, সংযোজিত ৱাই-ফাই আইডি আৰু অৱস্থানৰ তথ্যৰ পৰা সৃষ্টি হোৱা মূল্য)।
3.1.3 তৃতীয় পক্ষৰ উৎসসমূহৰ পৰা পোৱা তথ্য
আইনে অনুমতি দিলে আমি তৃতীয় পক্ষৰ উৎসসমূহৰ পৰা আপোনাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিম। উদাহৰণস্বৰূপে:
নিৰ্দিষ্ট সেৱাত আপোনাৰ অনুমোদন সাপেক্ষে একাউণ্ট আৰু বিত্তীয় লেনদেন অন্তৰ্ভুক্ত থাকিব পাৰে, আমি সুৰক্ষা প্ৰদান আৰু প্ৰতাৰণা প্ৰতিৰোধৰ কাৰণে, বৈধ তৃতীয় পক্ষৰ উৎসৰ জৰিয়তে আপুনি যোগান ধৰা তথ্যৰ (যেনে ফোন নম্বৰ) মান্যতা পৰীক্ষা কৰিব পাৰো;
মডেল সৰ্বোৎকৃষ্টকৰণৰ এডভাৰ্টাইজিং নিৰ্ধাৰিত অনন্য আইডেন্টিফায়াৰৰ (যেনে বিজ্ঞাপনদাতাৰ পৰা আহৰণ কৰা IMEI/OAID/GAID) জৰিয়তে সম্পাদন কৰা হয় আৰু, কিছুমান নিৰ্দিষ্ট পৰিস্থিতিত, আপোনাৰ বিজ্ঞাপন সেৱাৰ ব্যৱহাৰৰ সৈতে সম্পৰ্কিত আংশিক ৰূপান্তৰ কাৰ্যদক্ষতা তথ্যক (যেনে ক্লিক) বিজ্ঞাপন সেৱা প্ৰদান কৰিবলৈও ব্যৱহাৰ কৰা হ'ব।
আমি তৃতীয় পক্ষৰ চচিয়েল নেটৱৰ্ক সেৱাসমূহৰ (উদাহৰণস্বৰূপে, আপুনি যেতিয়া Xiaomi সেৱাত ছাইন ইন কৰিবলৈ কোনো চচিয়েল নেটৱৰ্ক একাউণ্ট ব্যৱহাৰ কৰে) পৰা একাউণ্ট আইডি, উপনাম, প্ৰ'ফাইল ফটো আৰু ইমেইল ঠিকনাসমূহৰ দৰে কিছুমান নিৰ্দিষ্ট তথ্যও আহৰণ কৰিব পাৰো৷
আপোনাৰ বিষয়ে আমাক আনে যোগান ধৰা তথ্য, যেনে, অন্য এজন ব্যৱহাৰকাৰীয়ে আপোনাৰ বাবে mi.comৰ পৰা কিবা বস্তু ক্ৰয় কৰিলে আমাক প্ৰদান কৰিব পৰা আপোনাৰ ডেলিভাৰী ঠিকনা।
3.1.4 অনা-ব্যক্তিগতভাৱে চিনাক্তযোগ্য তথ্য
কোনো ব্যক্তিৰ সৈতে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত নোহোৱা বা প্ৰযোজ্য স্থানীয় আইন অনুসৰি ব্যক্তিগত তথ্য হিচাপে নিৰ্দিষ্ট নকৰা কিছুমান অন্যধৰণৰ তথ্যও আমি সংগ্ৰহ কৰিব পাৰো। তেনে তথ্যক অনা-ব্যক্তিগতভাৱে চিনাক্তযোগ্য তথ্য বুলি কোৱা হয়। আমি অনা-ব্যক্তিগতভাৱে চিনাক্তযোগ্য তথ্য সংগ্ৰহ, ব্যৱহাৰ, স্থানান্তৰ আৰু প্ৰকাশ কৰিব পাৰো। এয়া হ'ল আমি সংগ্ৰহ কৰা তথ্য আৰু সেইসমূহ আমি কেনেকৈ অনা-ব্যক্তিগতভাৱে চিনাক্তযোগ্য একত্ৰিত ফৰ্মেটত ব্যৱহাৰ কৰিব পাৰো, তাৰে উদাহৰণ:
এই তথ্যত আপুনি এটা নিৰ্দিষ্ট সেৱা ব্যৱহাৰ কৰাৰ সময়ত সৃষ্টি হোৱা পৰিসাংখ্যিক তথ্য অন্তৰ্ভুক্ত থাকিব পাৰে (যেনে অনা-চিনাক্তকৰণযোগ্য ডিভাইচ-সম্পৰ্কীয় তথ্য, দৈনিক ব্যৱহাৰ, পৃষ্ঠা দৰ্শন, পৃষ্ঠালৈ প্ৰৱেশৰ সময়কাল, আৰু ছেচন ইভেণ্ট);
নেটৱৰ্ক মনিটৰিংৰ তথ্য (যেনে, অনুৰোধৰ সময়, অনুৰোধ বা ত্ৰুটি অনুৰোধসমূহৰ সংখ্যা ইত্যাদি);
এপ্প ক্ৰেশ্বৰ ইভেণ্টসমূহ (যেনে, এটা এপ্প ক্ৰেশ্ব হোৱাৰ পিছত স্বয়ংক্ৰিয়ভাৱে সৃষ্ট লগসমূহ)।
এই ধৰণৰ তথ্য সংগ্ৰহৰ উদ্দেশ্য হৈছে আমি আপোনাক প্ৰদান কৰা সেৱা উন্নত কৰা। সংগ্ৰহ কৰা তথ্যৰ প্ৰকাৰ আৰু পৰিমাণ আপুনি আমাৰ প্ৰডাক্ট আৰু/বা সেৱাসমূহ কেনেকৈ ব্যৱহাৰ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে।
আমি এই তথ্য আপোনাক আটাইতকৈ প্ৰয়োজনীয় তথ্য প্ৰদান আৰু আপুনি আটাইতকৈ বেছি আগ্ৰহ প্ৰকাশ কৰা আমাৰ ৱেবছাইটৰ অংশ, সামগ্ৰী আৰু সেৱাসমূহ বুজি পাবলৈ একলগ কৰো৷ উদাহৰণস্বৰূপে, আমি হয়তো এটা দিনত সক্ৰিয় হৈ থকা ব্যৱহাৰকাৰীসকলৰ সংখ্যা জানিব ললগা হ’ব পাৰে, কিন্তু সেই দিনটোত কোন সক্ৰিয় হৈ আছে তাক জনাৰ প্ৰয়োজন নাথাকিব পাৰে, আৰু এনেদৰেই পৰিসংখ্যিক বিশ্লেষণৰ বাবে এই পুঞ্জীভূত তথ্য পৰ্যাপ্ত হৈ পৰে৷ আমি আপোনাৰ ব্যক্তিগত ডাটা অনা-ব্যক্তিগতভাৱে চিনাক্তযোগ্য তথ্যৰ পৰা পৃথক কৰাৰ চেষ্টা কৰিম আৰু নিশ্চিত কৰিম যে দুয়োটা প্ৰকাৰৰ ডাটা পৃথকভাৱে ব্যৱহাৰ কৰা হয়। অৱশ্যে, যদি আমি অনা-ব্যক্তিগতভাৱে চিনাক্তযোগ্য তথ্যক ব্যক্তিগত তথ্যৰ সৈতে একত্ৰিত কৰো, তেন্তে গোপনীয়তা আইন আৰু এই গোপনীয়তা নীতিৰ নিৰ্দেশমৰ্মে তেনে একত্ৰিত তথ্যসমূহক এইদৰে একত্ৰিত হৈ থকা পৰ্যন্ত ব্যক্তিগত তথ্য ৰূপে গণ্য কৰা হ'ব।
3.2 আমি সংগ্ৰহ কৰা ব্যক্তিগত তথ্য কিদৰে ব্যৱহাৰ কৰো
ব্যক্তিগত তথ্য সংগ্ৰহ কৰাৰ উদ্দেশ্য হৈছে আপোনাক প্ৰডাক্ট আৰু/বা সেৱা প্ৰদান কৰা আৰু আমি যাতে প্ৰযোজ্য আইন, অধিনিয়ম আৰু অন্য নিয়ামক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰো সেয়া নিশ্চিত কৰা। ইয়াত অন্তৰ্ভুক্ত হৈ থাকে:
আপোনাৰ বাবে আমাৰ সামগ্ৰী আৰু/বা সেৱা প্ৰদান কৰা, সংসাধন কৰা, পৰিচালনা কৰা, উন্নত, আৰু বিকাশ সাধন কৰা, যেনে, ডেলিভাৰী, সক্ৰিয়কৰণ, সত্যাপন, বিক্ৰীৰ-পিছৰ সেৱা, গ্ৰাহক সেৱা, আৰু বিজ্ঞাপন।
লোকচান আৰু প্ৰতাৰণা প্ৰতিৰোধ কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কাৰ্যকৰী কৰা আৰু বৰ্তাই ৰখা, যেনে, ব্যৱহাৰকাৰীক চিনাক্ত কৰা আৰু ব্যৱহাৰকাৰীৰ পৰিচয় সত্যাপন কৰা। তলত উল্লেখ কৰা দুটা চৰ্ত পূৰণ হ'লেহে আমি আপোনাৰ তথ্য প্ৰতাৰণা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰো: এয়া প্ৰয়োজনীয়, আৰু এই ডাটা Xiaomiৰ ব্যৱহাৰকাৰী আৰু সেৱাসমূহ সুৰক্ষিত কৰাৰ বৈধ স্বাৰ্থৰ উদ্দেশ্যে মূ্ল্যায়নৰ বাবে ব্যৱহাৰ কৰা হ'ব।
ডিভাইচ আৰু সেৱাসমূহৰ সম্পৰ্কে আপোনাৰ প্ৰশ্ন, বা অনুৰোধসমূহৰ পৰিচালনা, উদাহৰণস্বৰূপে, গ্ৰাহকৰ প্ৰশ্নৰ উত্তৰ প্ৰদান, ছিষ্টেম আৰু এপ্প সম্পৰ্কীয় জাননী প্ৰেৰণ, আৰু ইভেণ্ট আৰু প্ৰচাৰসমূহত (যেনে, ছুইপষ্টেকছ) আপোনাৰ অন্তৰ্ভুক্তি পৰিচালনা কৰা।
সম্পৰ্কিত প্ৰচাৰমূলক কাৰ্যকলাপ সম্পাদন যেনে মাৰ্কেটিং আৰু প্ৰচাৰমূলক সামগ্ৰী আৰু আপডেট প্ৰদান । আপুনি যদি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰচাৰমূলক সমল লাভ কৰিব নিবিচাৰে তেনেহ'লে বাৰ্তাটোত (যেনে বাৰ্তাটোৰ তলত থকা সদস্যভুক্তিৰ লিংক) দিয়া পদ্ধতি অনুসৰি অথবা প্ৰযোজ্য আইন অনুসৰি এইটো পোৱাটো বন্ধ কৰিব পাৰে, যদিহে প্ৰযোজ্য আইনত এয়া নিৰ্ধাৰিত কৰি দিয়া নাথাকে। অনুগ্ৰহ কৰি তলত অনুচ্ছেদ 9 “আপোনাৰ তথ্য সুৰক্ষাৰ অধিকাৰসমূহ কি কি” চাওক৷
আভ্যন্তৰীণ উদ্দেশ্যে, উদাহৰণ স্বৰূপে, আমাৰ প্ৰডাক্ট আৰু সেৱাসমূহ উন্নত কৰাৰ বাবে আমাৰ প্ৰডাক্ট আৰু সেৱাসমূহৰ ব্যৱহাৰৰ সৈতে সম্পৰ্কিত পৰিসংখ্যামূলক তথ্যৰ ডাটা বিশ্লেষণ, গৱেষণা আৰু বিকাশ। উদাহৰণস্বৰূপে, পৰিচয় লুকুওৱাৰ প্ৰক্ৰিয়াৰ পাছত মেচিন শিক্ষণ বা মডেল এলগ'ৰিদম প্ৰশিক্ষণ দিয়া হয়।
আপোনাৰ ডিভাইচৰ কাৰ্যক্ষমতা সৰ্বোৎকৃষ্টকৰণ, যেনে, আপোনাৰ এপ্পৰ মেম'ৰিৰ ব্যৱহাৰ বা CPU ব্যৱহাৰ বিশ্লেষণ কৰা।
আমাৰ ব্যৱসায়িক পৰিচালনাৰ বাবে (যেনে, ব্যৱসায়িক পৰিসংখ্যা) বা আমাৰ আইনী বাধ্যবাধকতা পূৰণৰ বাবে আপোনাৰ সৈতে জড়িত তথ্য সঞ্চয় আৰু পৰিচালনা কৰা।
Xiaomiৰ আইনসন্মত লাভৰ ওপৰত ভিত্তি কৰি সংসাধন (প্ৰযোজ্য আইনপ্ৰদত্ত ক্ষমতাত, উদাহৰণস্বৰূপে GDPR ৰ অধীনত)৷ আইনসন্মত লাভৰ ভিতৰত আছে আমাৰ ব্যৱসায়সমূহ অধিক দক্ষতাপূৰ্ণভাৱে ব্যৱস্থাপন কৰিবলৈ আৰু চলাবলৈ আৰু আমাৰ সামগ্ৰী আৰু সেৱাসমূহ প্ৰদান কৰিবলৈ নিজকে সক্ষম কৰি তোলা; আমাৰ ব্যৱসায়, ছিষ্টেম, সামগ্ৰী, সেৱা আৰু গ্ৰাহকসকলৰ (লোকচান প্ৰতিৰোধ আৰু প্ৰতাৰণা-ৰোধী কাৰণসমূহক সামৰি) নিৰাপত্তাক সুৰক্ষা প্ৰদান কৰা; আভ্যন্তৰীণ পৰিচালনা; আভ্যন্তৰীণ নীতি আৰু প্ৰক্ৰিয়াসমূহৰ অনুপালন; আৰু এই নীতিত বিৱৰিত অন্য আইনসন্মত লাভসমূহ।
উদাহৰণস্বৰূপে, আমাৰ সেৱাসমূহৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ, আৰু আমাৰ এপসমূহৰ কাৰ্যদক্ষতা অধিক ভালদৰে উপলব্ধি কৰাত সহায় কৰিবলৈ, আমি প্ৰাসংগিক তথ্য, যেনে, আপোনাৰ ব্যৱহাৰৰ সঘনতা, ক্ৰেশ্ব লগ তথ্য, সামগ্ৰিক ব্যৱহাৰ, কাৰ্যদক্ষতা ডাটা আৰু এপ উৎস আদি ৰেকৰ্ড কৰিব পাৰো। কৰ্তৃত্বহীন বিক্ৰেতাসকলে ডিভাইচ আনলক কৰাটো প্ৰতিৰোধ কৰিবলৈ, আমি চালিত কম্পিউটাৰটোৰ Xiaomi একাউণ্ট আইডি, চিৰিয়েল নম্বৰ আৰু IP ঠিকনা আৰু আপোনাৰ ম'বাইল ডিভাইচৰ চিৰিয়েল নম্বৰ আৰু ডিভাইচ তথ্য সংগ্ৰহ কৰিব পাৰো।
আপোনাৰ ডিভাইচত নোটছ ব্যৱহাৰ কৰাৰ দৰে সেৱাসমূহ স্থানীয়ভাৱে টাৰ্মিনেল ডিভাইচসমূহত প্ৰদান কৰা যিবোৰে আমাৰ ছাৰ্ভাৰৰ সৈতে যোগাযোগ কৰাৰ প্ৰয়োজন নহয়।
আপোনাৰ সন্মতি সাপেক্ষে অন্য উদ্দেশ্যসমূহ।
আমি আপোনাৰ তথ্য (য'ত ব্যক্তিগত তথ্যও অন্তৰ্ভুক্ত থাকিব পাৰে) কিদৰে ব্যৱহাৰ কৰো, সেইবিষয়ে সবিশেষ থকা উদাহৰণ তলত দিয়া হৈছে:
আপুনি ক্ৰয় কৰা Xiaomi প্ৰডাক্ট আৰু সেৱাসমূহ আপোনাৰ বাবে সক্ৰিয় আৰু পঞ্জীয়নভুক্তকৰণ।
আপোনাৰ Xiaomi একাউন্ট সৃষ্টি আৰু পৰিচালনা৷ আমাৰ ৱেবছাইটসমূহত বা আমাৰ ম'বাইল ডিভাইচসমূহৰ জৰিয়তে আপুনি কোনো Xiaomi একাউণ্ট সৃষ্টি কৰোতে সংগ্ৰহ কৰা ব্যক্তিগত তথ্য আপোনাৰ বাবে ব্যক্তিগত Xiaomi একাউণ্ট আৰু প্ৰ'ফাইল পৃষ্ঠা সৃষ্টি কৰোতে ব্যৱহাৰ কৰা হয়।
আপোনাৰ ক্ৰয়ৰ অৰ্ডাৰ সংসাধন৷ ই-কমাৰ্চ অৰ্ডাৰৰ সৈতে জড়িত তথ্য ক্ৰয়ৰ অৰ্ডাৰ সংসাধন আৰু গ্ৰাহক সেৱা আৰু পুনৰ ডেলিভাৰীকে ধৰি আনুসংগিক বিক্ৰীৰ পিছৰ সেৱাবোৰৰ বাবে ব্যৱহাৰ কৰা হ'ব পাৰে। লগতে, অৰ্ডাৰ নম্বৰটো ডেলিভাৰী অংশীদাৰৰ সৈতে পুনৰ নিশ্চিত কৰাৰ লগতে পাৰ্চেলটোৰ ডেলিভাৰী ৰেকৰ্ড কৰিবলৈও ব্যৱহাৰ কৰা হ'ব। নাম, ঠিকনা, ফোন নম্বৰ আৰু ডাক ক'ডকে ধৰি প্ৰাপ্তকৰ্তাৰ তথ্য ডেলিভাৰীৰ বাবে ব্যৱহাৰ কৰা হ'ব। আপোনাৰ ইমেইল ঠিকনাটো আপোনালৈ পাৰ্চেল ট্ৰেকিঙৰ তথ্য প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হয়। ক্ৰয় কৰা আইটেমসমূহৰ এখন সূচী ইনভইচ মুদ্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু পাৰ্চেলটোত কি আছে ব্যৱহাৰকাৰীয়ে সেয়া চাবলৈ সক্ষম হয়।
Xiaomi Communityত অংশগ্ৰহণ৷ Xiaomi Community আৰু অন্য Xiaomi ইণ্টাৰনেট প্লেটফৰ্ম সম্পৰ্কীয় ব্যক্তিগত তথ্য প্ৰ'ফাইল পৃষ্ঠা প্ৰদৰ্শন, অন্য ব্যৱহাৰকাৰীৰ সৈতে কথোপকথন, Xiaomi Communityত অংশগ্ৰহণৰ বাবে ব্যৱহাৰ কৰা হ'ব পাৰে।
ছিষ্টেম সেৱাসমূহ প্ৰদান। তলত উল্লেখ কৰা তথ্যসমূহ ছিষ্টেম সেৱাসমূহ সক্ৰিয় কৰিবলৈ ব্যৱহাৰ কৰা হয়: GAID নম্বৰ, IMEI নম্বৰ, IMSI নম্বৰ, ফোন নম্বৰ, ডিভাইচ আইডি, ডিভাইচ অপাৰেটিং ছিষ্টেম, MAC ঠিকনা, ডিভাইচৰ প্ৰকাৰ, ছিষ্টেম আৰু কাৰ্যক্ষমতা তথ্যৰ দৰে ডিভাইচ আৰু ছিম কাৰ্ড-সম্পৰ্কীয় তথ্য আৰু ম'বাইলৰ কাণ্ট্ৰী ক'ড, ম'বাইল নেটৱৰ্ক ক'ড, অৱস্থান ক্ষেত্ৰ ক'ড, আৰু চেলৰ পৰিচয়।
সক্ৰিয়কৰণ বিফল নিৰূপন৷ ছিম কাৰ্ড সক্ৰিয়কৰণৰ বিফলতালৈ (যেনে, চৰ্ট মেচেজ ছাৰ্ভিছ (SMS) গেটৱে আৰু নেটৱৰ্ক বিফলতা) প্ৰৱেশ কৰিবলৈ অৱস্থান সম্পৰ্কীয় তথ্য ব্যৱহাৰ কৰা হয়, যাতে সেই সেৱাৰ নেটৱৰ্ক অপাৰেটৰক চিনাক্ত কৰিব পাৰি আৰু নেটৱৰ্ক অপাৰেটৰক বিফলতা সম্পৰ্কে অৱগত কৰিব পাৰি।
অন্য ছিষ্টেম সেৱাসমূহ প্ৰদান। আপুনি এটা Xiaomi ছিষ্টেম সেৱা ব্যৱহাৰ কৰোতে সংগ্ৰহ কৰা তথ্যসমূহ সেই সেৱাৰ ফাংচনসমূহ সম্পাদন আৰু সেৱাৰ সৰ্বোৎকৃষ্টকৰণৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়, যেনে, ছিষ্টেম সেৱাৰ সৈতে জড়িত কাৰ্যকলাপ ডাউনলোড কৰা, আপডেট কৰা, কাৰ্যকৰীকৰণ, বা সৰ্বোৎকৃষ্টকৰণৰ বাবে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, থীমসমূহে সংগ্ৰহ কৰা ব্যক্তিগত তথ্যসমূহ আপোনাৰ ডাউনলোডিং আৰু ব্ৰাউজিঙৰ ইতিহাসৰ আধাৰত ব্যক্তিগতকৃত থীম অনুমোদন সেৱা প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হ'ব পাৰে।
আপোনাৰ ডিভাইচৰ সন্ধান৷ আপোনাৰ ডিভাইচটো চুৰি হ'লে বা হেৰালে, Xiaomiৰ ডিভাইচ সন্ধান সুবিধাই সেইটো বিচৰা আৰু সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। ডিভাইচে প্ৰদান কৰা অৱস্থান তথ্য ব্যৱহাৰ কৰি আপুনি এখন মেপত সেইটো অৱস্থিত কৰিব, দূৰৱৰ্তীভাৱে ডাটা মচিব, বা ডিভাইচটো লক কৰিব পাৰে। ডিভাইচ সন্ধান বৈশিষ্ট্য ব্যৱহাৰ কৰোতে, অৱস্থান তথ্য ডিভাইচৰ পৰা কেপছাৰ কৰা হয়; কোনো কোনো ক্ষেত্ৰত এই তথ্য চেল টাৱাৰ বা ৱাই-ফাই হটস্পটৰ পৰাও সংগ্ৰহ কৰা হয়। আপুনি ছেটিংছ> Xiaomi একাউণ্ট> Xiaomi ক্লাউড> ডিভাইচ সন্ধানত যিকোনো সময়তে এইটো ফিচাৰ অন বা অফ কৰিব পাৰে।
ফটোসমূহত অৱস্থান তথ্য ৰেকৰ্ডিং। ফটো তোলোতে আপুনি আপোনাৰ অৱস্থানৰ তথ্য ৰেকৰ্ড কৰিব পাৰে। এই তথ্য আপোনাৰ ফটো ফ'ল্ডাৰসমূহৰ ভিতৰত দৃশ্যমান হয় আৰু অৱস্থানক আপোনাৰ ফটোৰ ধৰ্ম তথ্যত অন্তৰ্ভুক্ত কৰা হয়। আপুনি যদি এখন ফটো লওতে আপোনাৰ অৱস্থান ৰেকৰ্ড হোৱাটো নিবিচাৰে, তেন্তে আপুনি যিকোনো সময়তে আপোনাৰ ডিভাইচৰ কেমেৰা ছেটিংছৰ ভিতৰত এইটো অফ কৰিব পাৰে।
বাৰ্তাৰ ফিচাৰসমূহ প্ৰদান (উদাহৰণস্বৰূপে, Mi টক, Mi মেছেজ)। আপুনি যদি Mi টক ডাউনলোড আৰু ব্যৱহাৰ কৰে, তেন্তে Mi টকে সংগ্ৰহ কৰা তথ্য এই সেৱা সক্ৰিয় কৰাৰ কাৰণে আৰু ব্য়ৱহাৰকাৰী আৰু বাৰ্তাৰ প্ৰাপ্তকৰ্তাক চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হ'ব পাৰে। লগতে, এজন ব্যৱহাৰকাৰীয়ে এপটো পুনঃইনষ্টল কৰাৰ পাছত পূৰ্বৰ চাটসমূহ পুনঃলোড কৰিবলৈ আৰু বিভিন্ন ডিভাইচলৈ চিংক্ৰ'নাইজ কৰাত সুবিধা হ'বলৈ চাট ইতিহাস সঞ্চয় কৰা হয়। Mi বাৰ্তা সেৱাটো সক্ৰিয় আৰু বাৰ্তাৰ ৰাউটিঙক সামৰি ইয়াৰ মৌলিক কাৰ্যকাৰিতা সক্ষম কৰিবলৈ প্ৰেৰক আৰু প্ৰাপ্তকৰ্তাৰ ফোন নম্বৰ আৰু Mi বাৰ্তা আইডিৰ দৰে তথ্য এই সেৱাৰ বাবে ব্যৱহাৰ কৰা হ'ব পাৰে।
অৱস্থান-আধাৰিত সেৱাসমূহ প্ৰদান Xiaomi ছিষ্টেম সেৱাসমূহ ব্যৱহাৰ কৰাৰ কালছোৱাত, আমাৰ দ্বাৰা বা তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী আৰু ব্যৱসায়িক অংশীদাৰৰ দ্বাৰা (অধিক তথ্যৰ বাবে তলত "আমি কিদৰে আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বতৰা, হস্তান্তৰ আৰু ৰাজহুৱাভাৱে প্ৰকাশ কৰো" চাওক) আপোনাক সেৱা প্ৰদান কৰিবলৈ আৰু এন্ড্ৰইড প্লেটফৰ্মৰ অংশ ৰূপে ব্যৱহাৰকাৰীৰ সম্ভাৱনীয় সৰ্বোত্তম অভিজ্ঞতা সম্ভৱ কৰাৰ বাবে সেই অৱস্থানৰ সঠিক সবিশেষ (যেনে বতৰৰ বিৱৰণ) প্ৰদান কৰিবলৈও অৱস্থান তথ্য ব্যৱহাৰ কৰা হ'ব পাৰে। আপুনি ছেটিংছত যিকোনো সময়তে গাইগুটীয়া এপসমূহৰ অৱস্থান সেৱাৰ ব্যৱহাৰ বন্ধ কৰিবলৈ অৱস্থান সেৱা অফ কৰিব পাৰে।
তথ্য, হাৰ্ডৱেৰ, আৰু চফ্টৱেৰ বিশ্লেষণৰ জৰিয়তে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নীতকৰণ৷ ব্যৱহাৰকাৰীৰ অভিজ্ঞতা প্ৰ'গ্ৰামৰ দৰে কিছুমান বাছি ল'ব পৰা সুবিধাই ব্যৱহাৰকাৰীয়ে ম'বাইল ফোন, আৰু Xiaomi ছিষ্টেম সেৱাসমূহ, আৰু Xiaomiয়ে প্ৰদান কৰা অন্য সেৱাসমূহ কিদৰে ব্যৱহাৰ কৰে সেয়া Xiaomiক বিশ্লেষণ কৰিবলৈ দিয়ে, লগতে ক্ৰেশ্ব ৰিপৰ্ট প্ৰেৰণ কৰাৰ দৰে ব্যৱহাৰকাৰী অভিজ্ঞতা উন্নত কৰিবলৈ দিয়ে। ব্যৱহাৰকাৰীৰ অভিজ্ঞতা অধিক উন্নত কৰিবলৈ Xiaomiয়ে হাৰ্ডৱেৰ আৰু চফ্টৱেৰ বিশ্লেষণো সম্পন্ন কৰিব।
সুৰক্ষাৰ ফিচাৰ প্ৰদান৷ সংগ্ৰহ কৰা তথ্য চিকিউৰিটি এপ্পত, চিকিউৰিটি স্কেন, বেটাৰী চেভাৰ, ব্লকলিষ্ট, ক্লীনাৰ, ইত্যাদিৰ দৰে সুৰক্ষা আৰু চিষটেম তদাৰকী ফিচাৰসমূহৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰে কিছুমান ফিচাৰ তৃতীয় পক্ষ সেৱা প্ৰদানকাৰী আৰু/ বা আমাৰ ব্যৱসায়িক সহযোগীসকলৰ দ্বাৰা পৰিচালিত হয় (অধিক তথ্যৰ বাবে তলত "আমি কিদৰে আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বতৰা, হস্তান্তৰ আৰু ৰাজহুৱাভাৱে প্ৰকাশ কৰো" চাওক) নিৰাপত্তা স্কেন ফাংচনৰ বাবে তথ্য, যিবিলাক ভাইৰাচ সংজ্ঞা সূচীসমূহৰ দৰে ব্যক্তিগত তথ্য নহয়, ব্যৱহাৰ কৰা হয়।
পুশ্ব সেৱাসমূহ প্ৰদান। বিজ্ঞাপনৰ সফলতাৰ মূল্যায়ন কৰিবলৈ আৰু চফ্টৱেৰ আপডেট, বিক্ৰী আৰু প্ৰচাৰৰবিষয়ে তথ্যসমূহকে ধৰি নতুন সামগ্ৰীৰ ঘোষণাসমূহৰ সম্পৰ্কে ছিষ্টেমৰ পৰা অধিসূচনাসমূহ প্ৰেৰণৰ উদ্দেশ্যে Xiaomi পুশ্ব সেৱা আৰু Xiaomi অধিসূচনা সেৱা প্ৰদান কৰিবলৈ Xiaomi একাউণ্ট আইডি, GAID, FCM টোকন, Android আইডি আৰু ক্ষেত্ৰ আইডি (কেৱল দ্বিতীয় ক্ষেত্ৰ বৈশিষ্ট্য অন হৈ থকা Xiaomi ডিভাইচসমূহত) ব্যৱহাৰ কৰা হ'ব। আপোনাক উপৰোক্ত সেৱাসমূহ প্ৰদান কৰিবলৈ, প্ৰাসংগিক এপ তথ্য (এপ সংস্কৰণ আইডি, এপ পেকেজ নাম), আৰু প্ৰাসংগিক ডিভাইচ তথ্যও (মডেল, ব্ৰেণ্ড) সংগ্ৰহ কৰা হ'ব। আপোনাৰ কিছুমান ব্যক্তিগত তথ্য আমি আপোনালৈ পুচ বাৰ্তা পঠিওৱাৰ উদ্দেশ্য়ে (আমাৰ সেৱাসমূহৰ ভিতৰত বাৰ্তা প্ৰেৰণ বা ইমেইলৰ দ্বাৰা বা অন্য ধৰণেৰে) ব্যৱহাৰ কৰিব পাৰো যিবোৰে আমাৰ প্ৰডাক্ট আৰু সেৱাসমূহ আৰু/বা চয়নিত তৃতীয় পক্ষৰ প্ৰডাক্ট বা সেৱা আগবঢ়ায় বা বিজ্ঞাপন দিয়ে। য'ত প্ৰযোজ্য আইনৰ অধীনত প্ৰয়োজন হয়, তাত আপোনাৰ সন্মতি অনুসৰিহে এনে কৰা হয়। আপুনি ছেটিংছত আপোনাৰ অগ্ৰাধিকাৰসমূহ সলনি কৰাৰ দ্বাৰা বা Xiaomi পুশ্ব ব্যৱহাৰ কৰা তৃতীয় পক্ষৰ এপ্প/ৱেবছাইটৰ জৰিয়তে আপোনাৰ অগ্ৰাধিকাৰসমূহ পৰিচালনা কৰি যিকোনো সময়তে আমাৰ আৰু তৃতীয় পক্ষৰ পৰা মাৰ্কেটিংৰ তথ্য প্ৰাপ্ত কৰাটো বাদ দিব পাৰে। দয়া কৰি লগতে তলত "আপোনাৰ অধিকাৰসমূহ" চাওক।
ব্যৱহাৰকাৰীৰ পৰিচয় প্ৰমাণিতকৰণ৷ Xiaomiয়ে ব্যৱহাৰকাৰীৰ পৰিচয় সত্যাপন কৰিবলৈ আৰু কৰ্তৃত্বহীন ছাইন-ইন পৰিহাৰ কৰিবলৈ ECV ব্যৱহাৰ কৰে।
ব্যৱহাৰকাৰীৰ ফীডবেক সংগ্ৰহ৷ Xiaomi-ক সহায়ৰ বাবে আপুনি প্ৰদান কৰিবলৈ বাচি লোৱা ফীডবেক আমাৰ সেৱাসমূহ উন্নত কৰি তোলাৰ ক্ষেত্ৰত মূল্যবান। আপুনি প্ৰদান কৰা ফীডবেক সম্পৰ্কে কাৰ্যপন্থা গ্ৰহণ কৰিবৰ বাবে Xiaomiয়ে আপোনাৰ দ্বাৰা প্ৰদানিত বা ব্যক্তিগত তথ্য ব্যৱহাৰ কৰি আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু সমস্যা সমাধান তথা সেৱা উন্নীতকৰণৰ বাবে সেই যোগাযোগৰ ৰেকৰ্ড ৰাখিব পাৰে।
জাননী প্ৰেৰণ৷ সময়ে সময়ে আমি গুৰুত্বপূৰ্ণ জাননী যেনে, ক্ৰয় আৰু আমাৰ চুক্তি, চৰ্ত আৰু নীতিসমূহৰ পৰিৱৰ্তন সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰিবলৈ আমি আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব পাৰো। যিহেতু এনেধৰণৰ তথ্য Xiaomiৰ সৈতে আপোনাৰ মত বিনিময়ৰ বাবে গুৰুত্বপূৰ্ণ, আমি এই জাননীসমূহ প্ৰাপ্ত কৰাৰ বাবে সন্মত হোৱাৰ পৰামৰ্শ দিও।
প্ৰচাৰমূলক কাৰ্যকলাপৰ আয়োজন। আপুনি যদি Xiaomiৰ কোনো চচিয়েল মিডিয়া প্লেটফৰ্মৰ যোগেদি এটা ছুইপষ্টেক, প্ৰতিযোগিতা বা তেনে ধৰণৰ প্ৰচাৰত অংশগ্ৰহণ কৰে, তেন্তে আমি আপোনালৈ পুৰষ্কাৰ প্ৰেৰণ কৰিবলৈ আপুনি প্ৰদান কৰা ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব পাৰো।
বিজ্ঞাপনক সামৰি, ব্যক্তিগতকৃত সেৱা আৰু সমল প্ৰদান৷ আপোনাৰ গোপনীয়তাক সুৰক্ষা দিবলৈ, আপোনাক ব্যক্তিগতকৃত সামগ্ৰী, সেৱা আৰু কাৰ্যকলাপসমূহ, বিজ্ঞাপনক সামৰি, প্ৰদান কৰিবলৈ আমি আপোনাৰ নাম, ইমেইল, বা আপোনাক প্ৰত্যক্ষভাৱে চিনাক্ত কৰিব পৰা অন্য কোনো তথ্যৰ পৰিৱৰ্তে এটা একক আইডেন্টিফায়াৰ ব্যৱহাৰ কৰো।
আমি আমাৰ প্ৰডাক্ট, সেৱাসমূহ, সামগ্ৰী আৰু বিজ্ঞাপন প্ৰদান আৰু সেইবোৰ অধিক উন্নত কৰিবলৈ এই তথ্য অন্য তথ্যৰ (ইয়াত কম্পিউটাৰ, ম'বাইল ফোন, স্মাৰ্ট টিভি আৰু অন্য সংযুক্ত ডিভাইচসমূহৰ দৰে বিভিন্ন ডিভাইচ বা সেৱাত থকা তথ্যক সামৰি) সৈতে একত্ৰিত কৰিব পাৰো।
উদাহৰণ স্বৰূপে, আপুনি ব্যৱহাৰ কৰা যিবোৰ সেৱাৰ বাবে Xiaomi একাউণ্টৰ প্ৰয়োজন হয়, সেই সকলো সেৱাতে আমি আপোনাৰ Xiaomi একাউণ্টৰ সবিশেষ ব্যৱহাৰ কৰিব পাৰো। ইয়াৰ উপৰিও, আপোনাৰ অভিজ্ঞতা আৰু সেৱাসমূহ অধিক উন্নত কৰিবলৈ, প্ৰযোজ্য আইন আৰু অধিনিয়ম পালন কৰাৰ সময়ত আৰু আপোনাৰ অনুমতি সাপেক্ষে (য'ত প্ৰয়োজন হয়), লেবেল এটা সৃষ্টি কৰিবলৈ আমি বিভিন্ন প্ৰডাক্ট, সেৱা, বা আপোনাৰ বা আপোনাৰ সৈতে সম্পৰ্কিত সঁজুলিৰ পৰা এনে তথ্য শ্ৰেণীবদ্ধ কৰিব পাৰো যিবিলাকক পৰামৰ্শ, অনুকূলিত সমল, আৰু ব্যক্তিগতকৃত সুবিধা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হ'ব।
উদাহৰণস্বৰূপে, ব্যক্তিগতকৃত বিজ্ঞাপন আপোনাৰ কাৰ্যকলাপ, ব্যৱহাৰ, আমাৰ এপসমূহ আৰু সেৱাসমূহ সম্পৰ্কিত অগ্ৰাধিকাৰসমূহৰ ভিত্তিত প্ৰদান কৰা হ'ব। ওপৰত উল্লিখিত তথ্য বিশ্লেষণ কৰি আৰু খণ্ড নিৰ্মাণ কৰি (নিৰ্দিষ্ট উমৈহতীয়া বৈশিষ্ট্যসমূহৰ ভিত্তিত গোট) আৰু আপোনাৰ ব্যক্তিগত তথ্যক এটা বা তাতোধিক খণ্ডত ৰাখি আমি প্ৰ'ফাইলসমূহ সৃষ্টি কৰো। য'ত প্ৰযোজ্য আইনৰ অধীনত প্ৰয়োজন হয়, তাত লক্ষিত বিজ্ঞাপন কেৱল আপোনাৰ সন্মতি অনুসৰিহে কৰা হয়। আপুনি যিকোনো সময়তে ব্যক্তিগতকৃত বিজ্ঞাপনসমূহ লাভ কৰাটো বন্ধ আৰু প্ৰ'ফাইলিঙৰ বিৰোধিতা কৰাৰ অধিকাৰ থাকে, ইয়াত প্ৰত্যক্ষ বিপণনৰ উদ্দেশ্যে কৰা প্ৰ'ফাইলিঙো অন্তৰ্ভুক্ত হৈ থাকে।
**ওপৰত উল্লেখ কৰা একত্ৰীকৰণ আৰু প্ৰযোজ্য আইনৰ প্ৰয়োজন অনুসৰি আমি এনে বিভাজন আৰু ব্যক্তিগতকৰণৰ বাবে আপোনাক বিশেষ নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰদান কৰিম। আমাৰ প্ৰত্যক্ষ বিপণন প্ৰাপ্ত কৰা আৰু স্বয়ংক্ৰিয়ভাৱে সিদ্ধান্ত লোৱাটো বন্ধ কৰিবলৈ আপোনাৰ অধিকাৰ আছে। **এই অধিকাৰসমূহ প্ৰয়োগ কৰিবলৈ, আপুনি ছেটিংছ> পাছৱৰ্ড আৰু নিৰাপত্তা> গোপনীয়তা> বিজ্ঞাপন সেৱাসমূহ বা ছেটিংছ> পাছৱৰ্ড আৰু নিৰাপত্তা> ছিষ্টেম নিৰাপত্তা> বিজ্ঞাপন সেৱাসমূহত যিকোনো সময়তে এই ফিচাৰসমূহ অন বা অফ কৰিব পাৰে বা আপুনি https://privacy.mi.com/support ৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে, বা প্ৰতিটো সামগ্ৰীৰ পৃথক গোপনীয়তাৰ নীতিত বিৱৰিত নিয়ন্ত্ৰণ প্ৰক্ৰিয়াসমূহ চাব পাৰে। অনুগ্ৰহ কৰি তলত অনুচ্ছেদ 9 “আপোনাৰ তথ্য সুৰক্ষাৰ অধিকাৰসমূহ কি কি” চাওক৷
4. আমি কিদৰে তৃতীয় পক্ষসমূহৰ সৈতে আপোনাৰ ব্যক্তিগত তথ্যৰ ভাগ-বতৰা কৰো?
আমাৰ সামগ্ৰী আৰু সেৱাসমূহ আপোনাক যোগান ধৰিবলৈ, আমি আপোনাৰ ব্যক্তিগত তথ্য বিশ্বাসী সহযোগী বা সেৱা প্ৰদানকাৰীৰ সৈতে ভাগ-বতৰা কৰিব পাৰো৷ উদাহৰণস্বৰূপে, যেতিয়া আপুনি আমাৰ অফিচিয়েল ৱেবচাইটত কোনো সামগ্ৰী অৰ্ডাৰ দিয়ে, আমি সংশ্লিষ্ট পাৰ্চেল ডেলিবাৰী সেৱা প্ৰদানকাৰীৰ সৈতে আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বতৰা কৰো যি আপোনাৰ ক্ৰয় প্ৰেৰণ পৰিচালনা কৰিব৷
বৰ্ধিত প্ৰয়োজনীয়তাৰ উপৰি, Xiaomi য়ে এইসকলক সম্পৰ্কিত ব্যক্তিগত তথ্য উন্মোচিত কৰিব: প্ৰযোজ্য আইন অনুযায়ী নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত নিয়ামক কৰ্তৃপক্ষ থকা ৰাজহুৱা নিকায় বা আন সংস্থা; আদালত আৰু ন্যায়াধিকৰণ, প্ৰযোজ্য আইন অনুযায়ী নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত; আইন প্ৰণয়নকাৰী সংস্থা, প্ৰযোজ্য আইন অনুযায়ী নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত৷
যেতিয়া প্ৰযোজ্য আইনৰ দ্বাৰা অনুমতিপ্ৰাপ্ত হয়, Xiaomi য়ে এই নিকায়সমূহক আপোনাৰ ব্যক্তিগত তথ্য উন্মোচিত কৰিব৷ এনে যিকোনো পৰিপ্ৰেক্ষিতত, আমি সেইসমূহ তথ্যহে প্ৰকাশ কৰো যি ওপৰোক্ত অৰ্হতাসম্পন্ন নিকায় বা সংস্থাসমূহৰ বাবে তেওঁলোকৰ আইনপ্ৰদত্ত উদ্দেশ্যত উপনীত হ’বলৈ প্ৰয়োজনীয়৷
যেতিয়া প্ৰয়োজন হয় আৰু প্ৰযোজ্য আইনৰ দ্বাৰা অনুমতিপ্ৰাপ্ত হয়, আমি আমাৰ নিজা ব্যৱসায়, অধিকাৰ, সম্পত্তি আৰু সেৱাসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ ওপৰোক্ত নিকায়সমূহক আপোনাৰ ব্যক্তিগত তথ্য প্ৰকাশ কৰিম৷
আমি আমাৰ একাউন্টৰন্ট, অডিটৰ, উকীল বা আন বৃত্তিধাৰী বাহ্যিক পৰামৰ্শদাতাক আপোনাৰ ব্যক্তিগত তথ্যসমূহ শ্বেয়াৰ কৰিব পাৰো যি আমি যেতিয়া বৃত্তিগত পৰামৰ্শ আমাক আগবঢ়াবলৈ তেওঁলোকক কওঁ বা প্ৰযোজ্য আইন অনুসৰি তেওঁলোকৰ পেচাগত সেৱাৰ প্ৰয়োজন হয় তেতিয়া গোপনীয়তাৰ বৃত্তিগত বাধ্যবাধকতাত আমাক সেৱা আগবঢ়ায়৷
Xiaomi গোটত থকা এটা সংস্থাৰ সৈতে সম্পৰ্ক থকা এটা বাস্তৱিক অথবা সম্ভাব্য বিক্ৰী নাইবা বাণিজ্যিক লেনদেন কৰাৰ ক্ষেত্ৰত বিনিয়োগকাৰী তথা অন্যান্য প্ৰাসংগিক তৃতীয় পক্ষসমূহৰ সৈতে আমি আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বতৰা কৰিব পাৰো৷
ইয়াৰ বিষয়ে অধিক তথ্যৰ বাবে, যিহেতু প্ৰতিটো সামগ্ৰী বা সেৱাৰ নিজা নিজা বৈশিষ্ট্য থাকে, অনুগ্ৰহ কৰি আপুনি ব্যৱহাৰ কৰা সামগ্ৰীসমূহ আৰু/ বা সেৱাসমূহৰ নিৰ্দিষ্ট গোপনীয়তা নীতিসমূহ চাওক৷
5. আপোনাৰ ব্যক্তিগত তথ্য সংসাধন কৰাৰ আইনী আধাৰ কি?
আইন অনুসৰি আপোনাৰ ব্যক্তিগত তথ্য সংসাধন কৰিবৰ বাবে আমাক এক আইনী আধাৰৰ প্ৰয়োজন। আপোনাৰ অধিকাৰক্ষেত্ৰৰ আইন অনুসৰি য'ত প্ৰযোজ্য হয়, এই গোপনীয়তাৰ নীতিৰ অধীনত আপোনাৰ ব্যক্তিগত তথ্য সংসাধনৰ বাবে আইনী আধাৰসমূহ হৈছে:
চুক্তিবদ্ধ দায়বদ্ধতাসমূহৰে মোকাবিলা কৰিবলৈ৷ যেতিয়া আপুনি এটা প্ৰ'ফাইল বা একাউণ্ট সৃষ্টি কৰে বা Xiaomi সামগ্ৰী আৰু সেৱাসমূহ লাভ কৰে, তেতিয়া আপোনাৰ ব্যক্তিগত তথ্য সংসাধনৰ উদ্দেশ্যসমূহ মুখ্যতঃ সেই সেৱাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় আৰু আমি আপোনাৰ ব্যক্তিগত তথ্য সংসাধন কৰিম যাতে আমি আপোনাক সেই সেৱা প্ৰদান কৰিব পাৰো৷ অনুগ্ৰহ কৰি মন কৰিব যে আপোনাৰ কিছুমান ব্যক্তিগত তথ্য প্ৰদান কৰাটো বাধ্যতামূলক (যেনে এনেদৰে বা এটা তৰা চিহ্নৰ সৈতে চিহ্নিত কৰা হ'লে)। যদি আপুনি আমাক তেনে ব্যক্তিগত তথ্য প্ৰদান নকৰে, তেন্তে আমি আপোনাক আমাৰ প্ৰডাক্ট বা সেৱাসমূহ প্ৰদান কৰিবলৈ সক্ষম নহ'বও পাৰো।
আপোনাৰ সন্মতিৰ ফলস্বৰূপে৷ আপুনিও এই সামগ্ৰী বা ইয়াৰে সম্পৰ্কিত সেৱাসমূহ আপোনাক আগবঢ়োৱাৰ উদ্দেশ্যে স্বেচ্ছামূলকভাৱে আমাক ব্যক্তিগত তথ্য প্ৰদান কৰিব পাৰে৷
Xiaomi’ৰ আইনগত বাধ্যবাধকতাৰ অধীনত৷ এটা ডাটা কন্ট্ৰ’লাৰ হিচাপে, Xiaomi আইনগত বাধ্যবাধকতাৰ অধীন৷ কিছুমান ক্ষেত্ৰত (যেনে এক মতানক্যৰ ফলস্বৰূপে বা ডাটা সুৰক্ষা নিৰীক্ষণ প্ৰাধিকৰণৰ অনুৰোধত আপোনাৰ ব্যক্তিগত তথ্য সঞ্চয় কৰিবলৈ), এই বাধ্যবাধকতাসমূহ পূৰণ কৰিবলৈ সক্ষম হোৱাৰ বাবে আপোনাৰ ব্যক্তিগত তথ্যৰ সংসাধন প্ৰয়োজনীয় হ'ব।
আইনগত লাভৰ পৰিসৰৰ ভিতৰত। কোনো কোনো সময়ত, আৰু আপোনাৰ ওপৰত নিম্নতম গোপনীয়তাৰ প্ৰভাৱ বিৱেচনা কৰি, নিম্নলিখিত বৈধ স্বাৰ্থসমূহৰ বাবে আপোনাৰ ব্যক্তিগত তথ্যৰ সংসাধন প্ৰয়োজন হ'ব পাৰে:
Xiaomiৰ ভিতৰত ইনফৰ্মেচন ছিষ্টেমৰ নিৰাপত্তা, নেটৱৰ্ক নিৰাপত্তা, আৰু চাইবাৰ-চিকিউৰিটি।
ছিষ্টেম নিৰাপত্তা বৃদ্ধি কৰিবলৈ, ফিশ্বিং ৱেবছাইটৰ জালিয়াতি প্ৰতিহত কৰিবলৈ, আৰু একাউণ্ট নিৰাপত্তা সুৰক্ষিত কৰিবলৈ।
কৰ্প'ৰেট অপাৰেচন, যথোপযুক্ত প্ৰচেষ্টা, আৰু আভ্যন্তৰীণ অডিট (বিশেষকৈ, তথ্য নিৰাপত্তা আৰু/বা গোপনীয়তাৰ সৈতে সম্পৰ্কিত)।
প্ৰডাক্ট বিকাশ আৰু পৰিবৰ্ধন (Xiaomi একাউণ্ট ছেটিংছ বা বৈশিষ্ট্যসমূহৰ বিশ্লেষণ আৰু সৰ্বোৎকৃষ্টকৰণ সহ)।
6. আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰি ৰাখিবলৈ আমাৰ সুৰক্ষামূলক ব্যৱস্থাসমূহ কি কি?
6.1 Xiaomiৰ নিৰাপত্তা কবচ
আপোনাৰ ব্যক্তিগত তথ্য নিৰাপদে ৰাখিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। আমি আপোনাৰ ম'বাইল ডিভাইচৰ পৰা সংগ্ৰহ কৰা তথ্য ৰক্ষা কৰিবলৈ আৰু সেইসমূহৰ সুৰক্ষা প্ৰদানৰ বাবে সেইসমূহত কৰ্তৃত্বহীন প্ৰৱেশ, প্ৰকাশ বা অন্য তেনে বিপদাশংকা প্ৰতিৰোধ কৰিবলৈ, আমি আইনসন্মতভাৱে প্ৰয়োজনীয় যথেষ্ট বাস্তৱিক, ইলেক্ট্ৰনিক আৰু পৰিচালনা সংক্ৰান্তীয় পদ্ধতি ব্যৱহাৰ কৰিছো। আমি প্ৰযোজ্য আইন অনুযায়ী আপোনাৰ ব্যক্তিগত তথ্যক সুৰক্ষিত কৰাটো সুনিশ্চিত কৰিম।
উদাহৰণস্বৰূপে, আপুনি আপোনাৰ Xiaomi একাউণ্টত এক্সেচ কৰোঁতে, যদি আপোনাৰ একাউণ্ট বিপদৰ সন্মুখীন হয়, তেন্তে অধিক নিৰাপত্তাৰ বাবে আপুনি আমাৰ দু-স্তৰীয় প্ৰমাণীকৰণ প্ৰোগ্ৰাম ব্যৱহাৰ কৰিব। যেতিয়া আপুনি আপোনাৰ Xiaomi ডিভাইচৰ পৰা আমাৰ ছাৰ্ভাৰলৈ ডাটা প্ৰেৰণ কৰে বা লাভ কৰে, তেতিয়া আমি সেই তথ্যসমূহ ট্ৰেঞ্চপ’ৰ্ট লেয়াৰ চিকিউৰিটী (“TLS”) আৰু অন্য এলগ'ৰিদমসমূহ ব্যৱহাৰ কৰি এনক্ৰিপ্ট হৈ থকাটো নিশ্চিত কৰো।
আপোনাৰ সকলো ব্যক্তিগত তথ্য এনে সুৰক্ষিত ছাৰ্ভাৰত সঞ্চিত আৰু নিয়ন্ত্ৰিত পৰিৱেশত সংৰক্ষিত কৰা হয়। আমি গুৰুত্ব আৰু স্পৰ্শকাতৰতাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ তথ্যৰ শ্ৰেণীবিভাজন কৰো আৰু আপোনাৰ ব্যক্তিগত তথ্যৰ বাবে প্ৰয়োজনীয় স্তৰৰ নিৰাপত্তা নিশ্চিত কৰো। ক্লাউড-আধাৰিত ডাটা সংগ্ৰহণৰ বাবে আমাৰ বিশেষ প্ৰৱেশ নিয়ন্ত্ৰণ আছে, আৰু কোনো কৰ্তৃত্বহীন প্ৰৱেশ আৰু ব্যৱহাৰৰ পৰা তথ্য ৰক্ষা কৰিবলৈ আমি ভৌতিক নিৰাপত্তা পদক্ষেপসমূহক সামৰি আমাৰ তথ্য সংগ্ৰহ, সংগ্ৰহণ আৰু সংসাধন পদ্ধতি নিয়মীয়াকৈ সমীক্ষা কৰো।
অৱশ্যে, আপুনি সচেতন হোৱা উচিত যে ইণ্টাৰনেটৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিৰাপদ নহয়, আৰু এইটো কাৰণতে ইণ্টাৰনেটৰ জৰিয়তে আপোনাৰ পৰা বা আপোনালৈ হস্তান্তৰিত হওতে যিকোনো ব্যক্তিগত তথ্যৰ নিৰাপত্তা বা অখণ্ডতাৰ আমি নিশ্চয়তা দিব নোৱাৰো।
আমাৰ বাণিজ্যিক অংশীদাৰ তথা তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰীসকলে যাতে আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰি ৰখাত সক্ষম হয় তাক সুনিশ্চিত কৰিবলৈ আমি তেওঁলোকৰ ওপৰত যথোচিতভাৱে চকু দিও। চুক্তিমূলক প্ৰতিবন্ধকতাসমূহ প্ৰয়োগৰ দ্বাৰা আৰু প্ৰয়োজনবশতঃ গণনা আৰু মূল্যায়ন কাৰ্য সম্পন্ন কৰি এই তৃতীয় পক্ষসমূহে যথোপযুক্ত সুৰক্ষা মান বাহাল ৰাখিছে নে নাই সেয়াও আমি পৰীক্ষা কৰো। তাৰ লগতে, আপোনাৰ ব্যক্তিগত তথ্যলৈ প্ৰৱেশ কৰা আমাৰ কৰ্মচাৰীসকল আৰু আমাৰ বাণিজ্যিক অংশীদাৰ তথা তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰীসকল গোপনীয়তাৰ আৰোপযোগ্য চুক্তিমূলক বাধ্যবাধকতাসমূহ মানি চলাৰ বাবে বাধ্য। ব্যক্তিগত তথ্যক নিৰাপত্তা প্ৰদান কৰা বিষয়টোৰ গুৰুত্বৰ ওপৰত আমাৰ কৰ্মচাৰীসকলৰ সজাগতা বৃদ্ধিৰ বাবে আমি নিৰাপত্তা তথা গোপনীয়তা ৰক্ষা প্ৰশিক্ষণৰ পাঠ্যক্ৰম অনুষ্ঠিত কৰো। আপোনাৰ ব্যক্তিগত তথ্যক সুৰক্ষাকবচ প্ৰদান কৰিবলৈ আমি সকলোবোৰ ব্যৱহাৰযোগ্য তথা আইনীভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিম।
কোনো ব্যক্তিগত তথ্য উলংঘনৰ ক্ষেত্ৰত, প্ৰয়োজন বোধে, সংশ্লিষ্ট তথ্য সুৰক্ষা নিৰীক্ষণ প্ৰাধিকৰণ আৰু তথ্যৰ বিষয়ৰ উলংঘনৰ বিষয়ে অৱগত কৰা সন্নিৱিষ্ট কৰি আমি প্ৰযোজ্য তথ্য সুৰক্ষা আইন অনুসৰি আইনী প্ৰয়োজনীয়তা পূৰ কৰো।
6.2 আপুনি কি কৰিব পাৰে
Xiaomiত থকা আপোনাৰ একাউণ্টৰ নিৰাপত্তা ক্ষতিগ্ৰস্ত কৰিব পৰা অন্য ৱেবছাইটসমূহলৈ পাছৱৰ্ড ফাদিল হোৱাটো পৰিহাৰ কৰিবলৈ কাৰোৰে আগত (যদিহে তেনে ব্যক্তি আপোনাৰ দ্বাৰা কৰ্তৃত্ব-প্ৰাপ্ত নহয়) আপোনাৰ ছাইন-ইন পাছৱৰ্ড বা একাউণ্ট তথ্য প্ৰকাশ নকৰি আপুনি Xiaomi সেৱাসমূহৰ বাবে এটা অনন্য পাছৱৰ্ড ছেট কৰিব পাৰে৷ সম্ভৱ হ'লে, দয়া কৰি কাৰো আগত আপুনি প্ৰাপ্ত কৰা সত্যাপন ক'ডটো প্ৰকাশ নকৰিব (নিজকে Xiaomi গ্ৰাহক সেৱাৰ বুলি দাবী কৰা ব্যক্তিসকলক সামৰি)। যেতিয়া আপুনি বিশেষকৈ অন্য কাৰোবাৰ কম্পিউটাৰ বা ৰাজহুৱা ইণ্টাৰনেট টাৰ্মিনেলসমূহৰ পৰা এই প্লেটফৰ্মত এজন Xiaomi একাউণ্ট ব্যৱহাৰকাৰী ৰূপে ছাইন ইন কৰে, তেতিয়া আপুনি ছেচনৰ অন্তত সদায় ছাইন আউট কৰা উচিত। আপোনাৰ ব্যক্তিগত তথ্য গোপনীয়কৈ ৰখাৰ বিফলতাৰ ফলাফলস্বৰূপে যদি কোনো তৃতীয় পক্ষই আপোনাৰ ব্যক্তিগত তথ্যলৈ প্ৰৱেশ লাভ কৰে, তেন্তে তাৰ বাবে Xiaomiক জগৰীয়া কৰিব নোৱাৰি। ইতিপূৰ্বে উল্লেখ কৰা সমূহৰ উপৰিও, যদি আপোনাৰ একাউণ্ট অন্য কোনো ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে কৰ্তৃত্বহীনভাৱে এক্সেছ কৰে বা ব্যৱহাৰ কৰে বা অন্য কোনো সুৰক্ষা লংঘন হয়, তেন্তে আপুনি আমাক অবিলম্বে জনোৱা উচিত। আপোনাৰ সহায়ে আমি আপোনাৰ ব্যক্তিগত তথ্যৰ গোপনীয়তা ৰক্ষা কৰাত সহায় কৰিব।
6.3 আপোনাৰ ডিভাইচত অন্য বৈশিষ্ট্যসমূহলৈ প্ৰৱেশাধিকাৰ
আমাৰ এপ্লিকেছনসমূহে হয়তো আপোনাৰ ডিভাইচত কিছুমান ফিচাৰৰ এক্সেছ লাভ কৰিব পাৰে৷ এই তথ্যই এপ্লিকেশ্বনসমূহক আপোনাৰ ডিভাইচক চলিবলৈ আৰু এপ্লিকেশ্বনসমূহৰ সৈতে আপোনাক ভাৱ-বিনিময় কৰিবলৈ অনুমতি দিয়ে। আপুনি ডিভাইচৰ পৰ্যায়ত সেইবোৰ অফ কৰাৰ দ্বাৰা বা https://privacy.mi.com/supportৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰি যিকোনো সময়তে আপোনাৰ অনুমতিসমূহ প্ৰত্যাহাৰ কৰিব পাৰে।
7. আপোনাৰ ব্যক্তিগত তথ্যসমূহ কিমান দিনলৈ জমা কৰি ৰখা হ’ব?
সাধাৰণ নিয়ম হিচাপে, আমি এই গোপনীয়তাৰ নীতিত বৰ্ণনা কৰা উদ্দেশ্যসমূহৰ বাবে, বা প্ৰযোজ্য আইনৰ দ্বাৰা প্ৰয়োজন অনুসৰি প্ৰয়োজনীয় ম্যাদৰ বাবে ব্যক্তিগত তথ্য ধৰি ৰাখিম। আমি প্ৰযোজ্য আইনৰ দ্বাৰা প্ৰয়োজন বা অনুমতিপ্ৰাপ্ত হোৱাৰ বাহিৰে, যি ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত তথ্য পৃথক কৰা হ’ব আৰু আইনী বাধ্যবাধকতাৰ উপস্থিতি আৰু প্ৰযোজ্য আইনৰ দ্বাৰা অনুমতিপ্ৰাপ্ত আন উদ্দেশ্যে আগলৈ সংসাধন কৰা নহ’ব আৰু আন সংগ্ৰহৰ উদ্দেশ্য পূৰ হোৱাৰ পিছত, বা মচি পেলোৱাৰ বাবে আপোনাৰ অনুৰোধ আমি নিশ্চিত কৰাৰ পিছত, বা আনুষংগিক সেৱাসমূহৰ কাৰ্য আমি সম্পন্ন কৰাৰ পিছত, আমি ব্যক্তিগত তথ্য ৰখা ওৰ পেলাম আৰু বিলোপ বা বেনামী কৰি পেলাম৷ এনে পৰিস্থিতিত, আপোনাৰ ব্যক্তিগত তথ্য কেৱল প্ৰযোজ্য আইনৰ দ্বাৰা অনুমোদিত পক্ষসমূহৰ বাবে উপলব্ধ কৰি তোলা হ'ব। সংশ্লিষ্ট ধাৰণ ম্যাদ অতিবাহিত হোৱাৰ পিছত, এনে ব্যক্তিগত তথ্য বিলোপ কৰা হ'ব বা অনামী কৰি তোলা হ'ব।
8. আপুনি আপোনাৰ গোপনীয়তাৰ অগ্ৰাধিকাৰসমূহ কেনেদৰে পৰিচালনা কৰে?
আমি স্বীকাৰ কৰো যে ব্যক্তি বিশেষে গোপনীয়তা সম্পৰ্কীয় ধাৰণা ভিন্ন হ'ব পাৰে। সেয়েহে, আমি আপোনাক আপোনাৰ ব্যক্তিগত তথ্যৰ সংগ্ৰহ, ব্যৱহাৰ, প্ৰকাশ বা সংসাধন প্ৰতিবন্ধিত আৰু আপোনাৰ গোপনীয়তাৰ ছেটিংছ নিয়ন্ত্ৰণ কৰাৰ উপায়সমূহৰ উদাহৰণ প্ৰদান কৰো:
আপোনাৰ ডিভাইচৰ ছেটিংছ> Xiaomi একাউণ্ট-ত, বা https://account.xiaomi.comলৈ ছাইন ইন কৰি আপোনাৰ একাউণ্ট নিৰাপত্তা তথ্য, ব্যক্তিগত তথ্য, অনুমতিসমূহ, আৰু ডিভাইচ ব্যৱস্থাপনা চাওক আৰু আপডেট কৰক;
মোৰ একাউণ্ট > তথ্য সম্পাদনাত এই প্লেটফৰ্মৰ একাউণ্টত আপোনাৰ তথ্য চাওক আৰু আপডেট কৰক।
মোৰ একাউন্ট > জাননীৰ পচন্দত এই প্লেটফৰ্মৰ একাউন্টটোত আপোনাৰ জাননীৰ পচন্দ আপডেট কৰক;
এটা সেৱা বা একাউণ্ট বাতিল কৰক৷ আপুনি আপোনাৰ Xiaomi একাউণ্ট বাতিল কৰিব বিচাৰিলে, ছেটিংছ > Xiaomi একাউণ্ট > সহায় > একাউণ্ট বিলোপ কৰক-ত নিম্নলিখিত পদক্ষেপসমূহ ব্যৱহাৰ কৰি, বা https://account.xiaomi.comলৈ গৈ তেনে কৰিব পাৰে।
যদি প্ৰাসংগিক গোপনীয়তা নীতিসমূহত উল্লেখ কৰা উদ্দেশ্যসমূহৰ বাবে আমি আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰাত আপুনি সন্মত হৈছিল, তেন্তে আপুনি যিকোনো সময়তে https://privacy.mi.com/supportত আমাৰ সৈতে যোগাযোগ কৰি আপোনাৰ সিদ্ধান্ত পৰিৱৰ্তন কৰিব পাৰে।
অনুগ্ৰহ কৰি মন কৰিব যে Xiaomi একাউণ্টৰ বাতিলকৰণে Xiaomiৰ সকলো সামগ্ৰী আৰু ইয়াৰে সম্পৰ্কিত সেৱা ব্যৱহাৰত আপোনাক বাধা আৰোপ কৰিব। আপোনাৰ বা আনৰ আইনগত অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ, আপোনাৰ বিভিন্ন Xiaomi সামগ্ৰী আৰু সেৱাসমূহৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি আপোনাৰ বাতিলকৰণৰ অনুৰোধ ৰক্ষা কৰা হ'বনে নহয় সেই বিষয়ে আমি বিচাৰ কৰিম।
9. আপোনাৰ তথ্য সুৰক্ষাৰ অধিকাৰসমূহ কি কি?
আমি আপোনাৰ বিষয়ে ধাৰণ কৰা ব্যক্তিগত তথ্যৰ সন্দৰ্ভত আপোনাৰ কিছুমান অধিকাৰ আছে (ইয়াৰ পিছত "অনুৰোধ" ৰূপে উল্লেখ কৰা হৈছে)। দয়া কৰি মন কৰিব যে আপুনি ক'ত অৱস্থিত তাৰ ওপৰত নিৰ্ভৰ কৰি, এই অধিকাৰসমূহ প্ৰযোজ্য স্থানীয় আইনসমূহৰ অধীনত নিৰ্দিষ্ট বৰ্জন আৰু ব্যতিক্ৰমসমূহৰ ওপৰত নিৰ্ভৰ কৰিব।
আমি আপোনাৰ বিষয়ে ধাৰণ কৰা ব্যক্তিগত তথ্যসমূহৰ বিৱৰণ থকা এখন ৰিপোৰ্ট এক্সেছ/ লাভ কৰাৰ অধিকাৰ৷ আপুনি অনুৰোধ কৰিলে আমি সংসাধন কৰা আপোনাৰ ব্যক্তিগত তথ্যৰ এটা প্ৰতিলিপি আপোনাক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। প্ৰাসংগিক তথ্যৰ ক্ষেত্ৰত অন্য কোনো অতিৰিক্ত অনুৰোধৰ বাবে, আমি প্ৰযোজ্য আইন অনুসৰি আপোনাৰ পৰা প্ৰকৃত ব্যৱস্থাপন ব্যয়ৰ ওপৰত ভিত্তি কৰি গণনা কৰা এক যুক্তিসংগত মাছুল বিচাৰিব পাৰো। যিকোনো পৰিপ্ৰেক্ষিতত, অনুগ্ৰহ কৰি মন কৰিব যে আমি আপোনাৰ পৰা ধাৰণ কৰা আপোনাৰ ব্যক৷তিগত তথ্যৰ কিছু পৰিমাণে পৰীক্ষা কৰি চাবলৈ আপুনি Xiaomi একাউন্ট আৰু/ বা এই প্লেটফৰ্মত লগইন কৰিব পাৰে৷
আপোনাৰ ব্যক্তিগত তথ্য শুদ্ধ কৰাৰ অধিকাৰ৷ যদিহে আমাৰ ওচৰত থকা আপোনাৰ তথ্য ভুল বা অসম্পূৰ্ণ হয়, তেন্তে ব্যৱহাৰৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি আপোনাৰ ব্যক্তিগত তথ্যসমূহ শুদ্ধ তথা সম্পূৰ্ণ কৰি তোলাৰ অধিকাৰ আপোনাৰ আছে। মন কৰিব যে আপোনাৰ কিছুমান তথ্য শুদ্ধ কৰিবলৈ আপুনি Xiaomi একাউন্ট আৰু/ বা এই প্লেটফৰ্মত লগইন কৰিব পাৰে৷
আপোনাৰ ব্যক্তিগত তথ্য মচি পেলোৱাৰ অধিকাৰ৷ প্ৰযোজ্য আইনৰ প্ৰয়োজনীয়তাৰ আধাৰত, আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰি থকাৰ বাবে আমাৰ কোনো যুক্তিসংগত কাৰণ নেথাকিলে সেইসমূহ বিলোপ বা অপসাৰণ কৰিবলৈ অনুৰোধ জনোৱাৰ অধিকাৰ আপোনাৰ ওচৰত থাকিব। আপোনাৰ বিলোপন সম্পৰ্কীয় অনুৰোধৰ বিভিন্ন দিশৰ ওপৰত আমি বিবেচনা কৰিম আৰু আপোনাৰ ব্যক্তিগত তথ্য মচাৰ ক্ষেত্ৰত অগ্ৰসৰ হ'বলৈ কাৰিকৰী উপায়সমূহক সামৰি যুক্তিসংগত পদক্ষেপ গ্ৰহণ কৰিম। **অনুগ্ৰহ কৰি মনত ৰাখিব যে প্ৰযোজ্য আইন (উদাহৰণ স্বৰূপে, যেতিয়া এনে ব্যক্তিগত তথ্যৰ সংসাধনৰ পৰা বা সেই সম্পৰ্কত উদ্ভৱ হ'ব পৰা সাম্ভাব্য দাবীৰ বাবে আপোনাৰ ব্যক্তিগত তথ্য সংৰক্ষণ কৰাৰ প্ৰয়োজন হয়) আৰু/বা নিৰাপত্তামূলক প্ৰযুক্তিৰ সীমাবদ্ধতাসমূহৰ বাবে আমি তথ্যসমূহ বেকআপ ছিষ্টেমৰ পৰা ততালিকে আঁতৰাবলৈ সক্ষম নহ'বও পাৰো। **যদি তেনে হয়, তেন্তে তথ্য বিলোপ নকৰালৈকে বা সেই তথ্য বেনামী নকৰালৈকে আমি আপোনাৰ তথ্য নিৰাপদে মজুত ৰাখিম আৰু যিকোনো পৰৱৰ্তী সংসাধনৰ পৰা আঁতৰাই ৰাখিম।
আপোনাৰ ব্যক্তিগত তথ্যৰ সংসাধনত আপত্তিৰ অধিকাৰ৷ আপোনাৰ ব্যক্তিগত তথ্যসমূহ সংসাধনত, আপোনাৰ পৰিস্থিতিৰ ভিত্তিত, আপত্তিৰ অধিকাৰ আছে, যি Xiaomiৰ আইনী স্বাৰ্থ বা প্ৰযোজ্য আইনৰ দ্বাৰা অনুমতিপ্ৰাপ্ত আন আইনী ভিত্তিৰ ওপৰত আধাৰিত৷ যদি আপুনি এনে সংসাধনত আপত্তি দৰ্শায়, আমি প্ৰযোজ্য আইনৰ দ্বাাৰ অনুমতিপ্ৰাপ্ত নোহোৱালৈকে এই ভিত্তি আৰু উদ্দেশ্যসমূহৰ বাবে আমি পিছলৈ আপোনাৰ তথ্য সংসাধন নকৰো৷
আপোনাৰ ব্যক্তিগত তথ্যৰ সংসাধনত বাধাৰ অধিকাৰ৷ আমাৰ দ্বাৰা আপোনাৰ ব্যক্তিগত তথ্যৰ সংসাধন সীমিত কৰাৰ অধিকাৰ আপোনাৰ আছে, উদাহৰণ স্বৰূপে, যেতিয়া আপোনাৰ জ্ঞান অনুসৰি সংসাধন বেআইনী হয়, কিন্তু আপুনি আপোনাৰ ব্যক্তিগত তথ্য মচাৰ বিৰোধিতা কৰে। এনে ক্ষেত্ৰত, আপোনাৰ ব্যক্তিগত তথ্য কেৱল আপোনাৰ সন্মতি সাপেক্ষেহে, আইনী দাবীৰ অনুশীলন বা প্ৰতিৰক্ষাৰ বাবে বা প্ৰযোজ্য আইনৰ দ্বাৰা অনুমতিপ্ৰাপ্ত আন আইনগত উদ্দেশ্যে/ভিত্তিৰ বাবে/অধীনত সংসাধন কৰা হ'ব।
তথ্য বহনসাধ্যতাৰ অধিকাৰ৷ আইনৰ দ্বাৰা প্ৰদান কৰা কিছুমান পৰিস্থিতিত, আপোনাৰ সৈতে সম্পৰ্কিত ব্যক্তিগত তথ্য এক সংগঠিত, সচৰাচৰ ব্যৱহৃত, আৰু মেচিন-পঠনযোগ্য ফৰ্মেটত প্ৰাপ্ত কৰা আৰু/বা সেই ব্যক্তিগত তথ্য আন এক ডাটা কন্ট্ৰ’লাৰলৈ সঞ্চাৰ কৰাৰ অধিকাৰ আছে।
সন্মতি প্ৰত্যাহাৰ কৰাৰ অধিকাৰ৷ যিসমূহ ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত তথ্য সংসাধনৰ বাবে আপোনাৰ সন্মতিৰ প্ৰয়োজন, আপুনি যিকোনো সময়তে আপোনাৰ সন্মতি প্ৰত্যাহাৰ কৰিব পাৰে। অৱশ্যে, অনুগ্ৰহ কৰি মন কৰিব যে যদি আপুনি আপোনাৰ সন্মতি প্ৰত্যাহাৰ কৰে, তেন্তে আপুনি সামগ্ৰী আৰু ইয়াৰ সম্পৰ্কিত সেৱাসমূহ ব্যৱহাৰ জাৰি ৰাখিব আৰু/বা কিছুমান তথ্য, বৈশিষ্ট্য বা সেৱালৈ প্ৰৱেশ কৰিব নোৱাৰিবও পাৰে। আপোনাৰ সন্মতি বা কৰ্তৃত্বৰ প্ৰত্যাহাৰে সেই প্ৰত্যাহাৰৰ সময়লৈকে থকা সন্মতিৰ আধাৰত সম্পন্ন কৰা আমাৰ সংগ্ৰহ আৰু সংসাধন মান্যতাক প্ৰভাৱিত নকৰিব।
প্ৰযোজ্য আইনৰ অধীনত আন অধিকাৰসমূহ৷
অনুগ্ৰহ কৰি, মনত ৰাখিব যে আপোনাৰ ব্যক্তিগত তথ্যৰ সৈতে সম্পৰ্ক থকা কিছুমান তথ্য https://account.xiaomi.comত আপোনাৰ Xiaomi একাউণ্টত বা আপোনাৰ ডিভাইচত আপোনাৰ Xiaomi একাউণ্টত ছাইন ইন কৰিও প্ৰৱেশ, আপডেট, আৰু বিলোপ কৰিব পাৰে। অতিৰিক্ত তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক বা https://privacy.mi.com/supportৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰক।
10. আপোনাৰ তথ্য সুৰক্ষা অধিকাৰ কেনেদৰে মানি চলিব আৰু আমাৰ সৈতে কেনেদৰে যোগাযোগ কৰিব?
যদি এই গোপনীয়তাৰ নীতি সম্পৰ্কে আপোনাৰ কোনো মতামত বা প্ৰশ্ন আছে বা Xiaomi-ৰ দ্বাৰা আপোনাৰ ব্যক্তিগত তথ্যৰ সংগ্ৰহ, ব্যৱহাৰ, বা প্ৰকাশ সম্পৰ্কে কোনো প্ৰশ্ন আছে, বা আপুনি উপৰোক্ত অনুচ্ছেদ অনুসৰি আপোনাৰ ডাটা সুৰক্ষা অধিকাৰ ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে https://privacy.mi.com/supportলৈ গৈ বা তলৰ ঠিকনাত আমাৰ সৈতে যোগাযোগ কৰক (আপোনাৰ অনুৰোধ লিখিতভাৱে কৰা বাধ্যতামূলক)। আমি ব্যক্তিগত তথ্য সম্পৰ্কীয় প্ৰশ্ন বা আইটেম ডাউনলোড বা প্ৰৱেশাধিকাৰৰ অনুৰোধসমূহ লাভ কৰিলে, এনে সমস্যাসমূহ চাবলৈ কৰিবলৈ ডাটা সুৰক্ষা বিষয়া (ডিপিঅ') সহ আমাৰ এটা পেছাদাৰী টিম আছে, যাক https://privacy.mi.com/support বা তলৰ ডাক ঠিকনাত যোগাযোগ কৰিব পাৰি। যদিহে আপোনাৰ প্ৰশ্নটো এটা গুৰুত্বপূৰ্ণ সমস্যাৰ সৈতে সম্পৰ্কিত হয়, তেন্তে আমি আপোনাৰ পৰা অধিক তথ্য বিচাৰিব পাৰো। আপুনি যদি আমাৰ লগত আলোচনা কৰে, তেন্তে আমি আপোনাক অভিযোগ দাখিল কৰাৰ প্ৰাসংগিক চেনেলবোৰৰ বিষয়ে তথ্য যোগান ধৰিম যিবোৰ আপোনাৰ বাস্তৱিক পৰিস্থিতিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পাৰে।
- ইউৰোপিয়ান ইকনমিক এৰীয়া (EEA), UK আৰু CH ৰ ব্যৱহাৰকাৰীসকলৰ বাবে:
Xiaomi Technology Netherlands B.V., Prinses Margrietplantsoen 39, 2595 AM, The Hague, The Netherlands
- ভাৰতত অৱস্থিত ব্যৱহাৰকাৰীৰ বাবে:
Xiaomi Technology India Private Limited, Building Orchid, Block E, Embassy Tech Village, Outer Ring Road, Devarabisanahalli, Bengaluru, Karnataka - 560103, India
স্পৰ্শকাতৰ ব্যক্তিগত ডাটা আৰু তথ্যসমূহৰ সম্পৰ্কীয় কোনো বিসংগতি বা অভিযোগসমূহ তলত উল্লেখ কৰা মনোনীত অভিযোগ-নিষ্পত্তি বিষয়ালৈ প্ৰেৰণ কৰা উচিত:
নাম: Vishwanath C
টেলিফোন: 080 6885 6286, সোম-শণি পুৱা 9 বজাৰ পৰা সন্ধিয়া 6 বজালৈ
ইমেইল: grievance.officer@xiaomi.com
- আন দেশ/ ক্ষেত্ৰত অৱস্থিত ব্যৱহাৰকাৰীৰ বাবে:
Xiaomi Technologies Singapore Pte. Ltd. 1 Fusionopolis Link #04-02/03 Nexus@one-north, Singapore 138542
অনুগ্ৰহ কৰি আপোনাৰ পৰিচয় সত্যাপন কৰাত Xiaomiক সক্ষম কৰি তুলিবলৈ আপুনি পৰ্যাপ্ত তথ্য প্ৰদান কৰাটো নিশ্চিত কৰক আৰু লগতে নিশ্চিত কৰক যে আপুনিয়েই হ'ল তথ্যৰ বিষয়বস্তু বা তথ্যৰ বিষয়বস্তুৰ হৈ কাম কৰাৰ বাবে আইনসন্মতভাৱে কৰ্তৃত্বপ্ৰাপ্ত। আপোনাৰ অনুৰোধ সংসাধন কৰিব পাৰি বুলি নিশ্চিত কৰিবলৈ আমি যেতিয়া এবাৰ পৰ্যাপ্ত তথ্য লাভ কৰিম, তেতিয়া আপোনাৰ প্ৰযোজ্য তথ্য সুৰক্ষা আইনত উল্লেখ কৰা যিকোনো সময়সীমাৰ ভিতৰত আপোনাৰ অনুৰোধৰ উত্তৰ দিবলৈ চেষ্টা কৰিম।
যিবিলাক অনুৰোধ অৰ্থহীন, স্পষ্টৰূপে ভিত্তিহীন বা অত্যাধিক, যিবিলাক অনুৰোধে আনৰ গোপনীয়তাৰ অধিকাৰৰ ক্ষতি কৰে, যিবিলাক অনুৰোধ চুড়ান্তৰূপে অবাস্তৱ, আৰু যিবিলাক অনুৰোধৰ বাবে অত্যাধিক কাৰিকৰী কাৰ্য সম্পন্ন কৰিবলগীয়া হয়, সেইবিলাকৰ লগতে যিবিলাক অনুৰোধ স্থানীয় আইনৰ ক্ষেত্ৰত অপ্ৰয়োজনীয়, যিবিলাক তথ্য ৰাজহুৱা কৰা হৈছে, যিবিলাক তথ্য গোপনীয়তাৰ চৰ্তৰ অধীনত প্ৰদান কৰা হয়, সেই অনুৰোধসমূহৰ সংসাধন নাকচ কৰাৰ অধিকাৰ আমাৰ হাতত থাকিব। যদি আমি বিশ্বাস কৰো যে তথ্য বিলোপ বা প্ৰৱেশাধিকাৰৰ অনুৰোধৰ কিছুমান নিৰ্দিষ্ট দিশৰ ফলত যদি আমি ওপৰত উল্লেখ কৰা প্ৰবঞ্চনা-ৰোধ বা নিৰাপত্তা প্ৰদানৰ বাবে তথ্যৰ আইনী ব্যৱহাৰত অসমৰ্থ হৈ পৰিম, তেনে পৰিস্থিতিতো ইয়াক নাকচ কৰা হ'ব পাৰে। প্ৰযোজ্য আইনৰ দ্বাৰা প্ৰয়োজন হ'লে আপোনাৰ অনুৰোধ প্ৰক্ৰিয়া নকৰাৰ যিকোনো সিদ্ধান্ত আৰু এই সিদ্ধান্তৰ আধাৰৰ বিষয়ে আমি আপোনাক অৱগত কৰিম, যি ক্ষেত্ৰত আমি প্ৰযোজ্য আইনৰ অধীনত নিৰ্ধাৰিত যিকোনো সময়সীমাৰ ভিতৰত আপোনাক অৱগত কৰিম।
যদিহে লাভ কৰা উত্তৰত আপুনি সন্তুষ্ট নহয়, তেন্তে আপুনি সেই অভিযোগ আপোনাৰ অধিকাৰক্ষেত্ৰৰ প্ৰাসংগিক নিয়ামক প্ৰাধিকৰণলৈ হস্তান্তৰ কৰিব পাৰে। যদি আপুনি EEA/UK/CH ত অৱস্থিত, অনুগ্ৰহ কৰি মুখ্য EEA/UK/CH উপযুক্ত কৰ্তৃপক্ষৰ ইয়াত দিয়া তালিকা চাওক৷
11. আপোনাৰ ব্যক্তিগত তথ্য কেনেদৰে বিশ্বব্যাপী প্ৰেৰণ কৰা হয়?
Xiaomiয়ে এক গ্ল'বেল পৰিচালনা তথা নিয়ন্ত্ৰণ আন্তঃগাঁথনিৰ জৰিয়তে ব্যক্তিগত তথ্য সংসাধন আৰু বেক আপ কৰে। বৰ্তমানে, ভাৰত, নেডাৰলেণ্ড, ৰাছিয়া আৰু চিংগাপুৰত Xiaomiৰ তথ্য কেন্দ্ৰ আছে। গোপনীয়তাৰ নীতিত বৰ্ণনা কৰা উদ্দেশ্যসমূহৰ বাবে, আপোনাৰ তথ্য প্ৰযোজ্য আইন অনুযায়ী এই তথ্য কেন্দ্ৰবোৰলৈ হস্তান্তৰ কৰা হ'ব পাৰে।
আমি আপোনাৰ তথ্য তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰী তথা বাণিজ্যিক অংশীদাৰসকললৈও হস্তান্তৰ কৰিব পাৰো আৰু সেইবাবে আপোনাৰ তথ্য অন্য দেশ তথা অঞ্চললৈও হস্তান্তৰিত হ'ব পাৰে। এই বিশ্বব্যপ্ত কেন্দ্ৰসমূহ, তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰীসমূহ, আৰু ব্যৱসায়িক অংশীদাৰসমূহ যি অধিকাৰক্ষেত্ৰসমূহত অৱস্থিত সেইসমূহে আপোনাৰ অধিকাৰক্ষেত্ৰসমূহৰ সৈতে একেই মানদণ্ডসহ আপোনাৰ ব্যক্তিগত তথ্যক নিৰাপত্তা প্ৰদান কৰিবও পাৰে বা নকৰিবও পাৰে। বিভিন্ন তথ্য সুৰক্ষা আইন আৰু আমি বিদেশী কেন্দ্ৰসমূহৰ সৈতে স্তানান্তৰ আৰু জমা কৰিব পৰা আপোনালোকৰ ব্যক্তিগত তথ্যসমূহত বহুতো বিপদাশংকা দেখা যায়, অৱশ্যে, ই এই গোপনীয়তা নীতি মানি চলাত আৰু আপোনাৰ ব্যক্তিগত তথ্যক সুৰক্ষা প্ৰদান কৰাত আমাৰ সংকল্পক সলনি কৰিব নোৱাৰে৷
বিশেষকৈ:
ৰাছিয়াত চলোৱা কামকাজত আমি সংগ্ৰহ তথা সৃষ্টি কৰা ব্যক্তিগত তথ্য ৰাছিয়াত অৱস্থিত তথ্য কেন্দ্ৰসমূহত সংসাধন আৰু সঞ্চয় কৰা হয়, এই ক্ষেত্ৰত ৰাছিয়াত প্ৰযোজ্য আইনৰ অনুমোদন অনুযায়ী সীমান্ত পাৰ হৈ যোৱা সঞ্চাৰ হৈছে ইয়াৰ ব্যতিক্ৰম।
ভাৰতত চলোৱা কামকাজত আমি সংগ্ৰহ তথা সৃষ্টি কৰা ব্যক্তিগত তথ্য ভাৰতত অৱস্থিত তথ্য কেন্দ্ৰসমূহত সঞ্চয় কৰা হয়।
যদি আমি ব্যক্তিগত তথ্য আপোনাৰ অধিকাৰক্ষেত্ৰৰ বাহিৰলৈ হস্তান্তৰ কৰিবলগীয়া হয়, তেন্তে আমাৰ সহযোগী প্ৰতিষ্ঠান বা তৃতীয়-পক্ষ সেৱা প্ৰদানকাৰীসকলেই হওক, বা ব্যৱসায়িক অংশীদাৰসমূহেই হওক, প্ৰযোজ্য আইন ব্যৱস্থাসমূহ আমি মানি চলিম। আমি সুনিশ্চিত কৰো যে তেনে সকলোবোৰ হস্তান্তৰ কাৰ্যত সমমানৰ সুৰক্ষাকবচ প্ৰয়োগ কৰি প্ৰযোজ্য স্থানীয় ডাটা সুৰক্ষা আইনৰ প্ৰয়োজনীতাখিনি পুৰণ কৰা হয়। আপুনি https://privacy.mi.com/supportত আমাৰ সৈতে যোগাযোগ কৰি আমি প্ৰয়োগ কৰা সুৰক্ষানীতিবোৰৰ বিষয়ে জানিব পাৰে।
যদি আপুনি আমাৰ সেৱাসমূহ EEA, UK, বা CHত ব্যৱহাৰ কৰে, তেন্তে Xiaomi Technology Netherlands B.V.-এ ডাটা কন্ট্ৰ’লাৰ হিচাপে কাম কৰিব আৰু আপোনাৰ কিছুমান ব্যক্তিগত তথ্যৰ সংসাধনৰ বাবে Xiaomi Technologies Singapore Pte. Ltd.দায়ৱদ্ধ থাকিব৷ যদি Xiaomi-এ EEA, UK বা CHত আপোনাৰ পৰা উদ্ভৱ হোৱা ব্যক্তিগত তথ্য EEA, UK, বা CHৰ বাহিৰৰত অৱস্থিত কোনো Xiaomi Group-ৰ সংস্থা, তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰী, বা ব্যৱসায়িক অংশীদাৰৰ সৈতে ভাগ-বতৰা কৰে (অনুগ্ৰহ কৰি অধিক তথ্যৰ বাবে ওপৰৰ অনুচ্ছেদ 4 চাওক), য'ত স্থানীয় আইনে আপোনাৰ দেশ বা ক্ষেত্ৰৰ দৰে একে মানদণ্ড অনুসৰি ব্যক্তিগত তথ্য সুৰক্ষিত নকৰিবও পাৰে, তেন্তে Xiaomi-এ সৰ্বোচ্চ ইউৰোপীয় মানদণ্ড অনুসৰি আপোনাৰ তথ্য সুৰক্ষিত কৰিবলৈ GDPR বা প্ৰযোজ্য UK বা চুইছ আইনত প্ৰদানিত EU Standard Contractual Clause বা আন যিকোনো সুৰক্ষানীতি ব্যৱহাৰ কৰিব।
12. নাবালকসকলক কেনেদৰে সুৰক্ষা প্ৰদান কৰিব?
শিশুৰ দ্বাৰা আমাৰ প্ৰডাক্ট আৰু সেৱাসমূহ ব্যৱহাৰক পৰ্যৱেক্ষণ কৰাটো আমি পিতৃ-মাতৃ বা অভিভাৱকৰ দায়িত্ব বুলি বিৱেচনা কৰো। তথাপিও, আমি শিশুৰ বাবে এই সেৱাসমূহ পোনপটীয়াকৈ উপলব্ধ নকৰো বা সঞ্চাৰৰ বাবে শিশুৰ ব্যক্তিগত তথ্য ব্যৱহাৰ নকৰো।
আপুনি যদি এগৰাকী পিতৃ বা মাতৃ অথবা অভিভাৱক আৰু আপুনি যদি ভাৱে যে আপোনাৰ নাবালক সন্তানে Xiaomiক ব্যক্তিগত তথ্য প্ৰদান কৰিছে, তেন্তে সেই ব্যক্তিগত তথ্য ততালিকে আঁতৰাই পেলাবলৈ আৰু প্ৰযোজ্য Xiaomi সেৱাৰ পৰা সেই নাবালকৰ গ্ৰাহকভুক্তি ৰদ হোৱাটো নিশ্চিত কৰিবলৈ আপুনি অনুগ্ৰহ কৰি https://privacy.mi.com/supportৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰক।
13. আপুনি কোনো তৃতীয় পক্ষৰ চৰ্তাৱলীসমূহত সন্মতি প্ৰকাশ কৰিব লাগিব নেকি?
আমাৰ গোপনীয়তাৰ নীতি এটা তৃতীয় পক্ষই আগবঢ়োৱা প্ৰডাক্ট বা সেৱাৰ বাবে প্ৰযোজ্য নহয়। আপুনি ব্যৱহাৰ কৰা সেৱাসমূহৰে ওপৰত ভিত্তি কৰি, ই হয়তো পেমেন্ট প্ৰচেছিং সেৱা ইত্যাদিৰ দৰে তৃতীয় পক্ষৰ সামগ্ৰী বা সেৱাসমূহ চামিল কৰিব পাৰে৷ ইয়াৰে কিছুমান তৃতীয় পক্ষৰ ৱেবছাইটত লিংকৰ ৰূপত প্ৰদান কৰা হ’ব আৰু কিছুমান SDK, API ইত্যাদিৰ ৰূপত এক্সেছ কৰিব পৰা যাব৷ যেতিয়া আপুনি এই সামগ্ৰী বা সেৱাসমূহ ব্যৱহাৰ কৰে এই তৃতীয় পক্ষসমূহৰ দ্বাৰা আপোনাৰ তথ্য সংগ্ৰহ কৰা হ’ব পাৰে৷ এই কাৰণতে, আমি দৃঢ় পৰামৰ্শ আগবঢ়াও যে আপুনি আমাৰ গোপনীয়তাৰ নীতি পঢ়াৰ দৰে তৃতীয় পক্ষৰ গোপনীয়তাৰ নীতিসমূহ পঢ়িবলৈও সময় খৰচ কৰক। তৃতীয় পক্ষই আপোনাৰ পৰা সংগ্ৰহ কৰা ব্যক্তিগত তথ্য কিদৰে ব্যৱহাৰ কৰে সেইক্ষেত্ৰত আমি দায়বদ্ধ নহয় বা নিয়ন্ত্ৰণ কৰিব নোৱাৰো। আমাৰ গোপনীয়তাৰ নীতি আমাৰ সেৱাসমূহৰ পৰা লিংক হৈ থকা অন্য ছাইটসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।
14. এই সাধাৰণ গোপনীয়তাৰ নীতি আমি কেনেকৈ আপডেট কৰো?
আমি ব্যৱসায়, প্ৰযুক্তি আৰু প্ৰযোজ্য আইন আৰু ভাল কৰ্মপন্থাৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ ভিত্তিত সময়ে সময়ে এই গোপনীয়তাৰ নীতিৰ পুনৰীক্ষণ কৰো, আৰু আমি এই গোপনীয়তাৰ নীতি আপডেটো কৰিব পাৰো। যদি আমি এই গোপনীয়তাৰ নীতিত প্ৰাসংগিক পৰিৱৰ্তন সাধন কৰো, তেন্তে আমি আপোনাক এটা পপ-আপ উইণ্ড’, আপোনাৰ Xiaomi একাউন্টৰে সম্পৰ্কিত ইমেইল ঠিকনালৈ ইমেইলৰ জৰিয়তে বা আন কোনো আইনগত আৰু উপলব্ধ উপায়েৰে অৱগত কৰিম, যাতে আমি কি তথ্য সংগ্ৰহ কৰো আৰু আমি সেইসমূহ কেনেদৰে ব্যৱহাৰ কৰো সেয়া আপুনি বুজি পায়। এই গোপনীয়তাৰ নীতিৰ এনেধৰণৰ পৰিৱৰ্তনসমূহ ওপৰৰ জাননীত নিৰ্দিষ্ট কৰা কাৰ্যকৰী তাৰিখৰ পৰা প্ৰযোজ্য হ’ব। আমাৰ গোপনীয়তাৰ নীতিৰ বিষয়ে শেহতীয়া তথ্যৰ বাবে এই পৃষ্ঠাক নিয়মীয়াকৈ পৰীক্ষা কৰিবলৈ আমি আপোনাক উৎসাহিত কৰো। প্ৰযোজ্য আইনৰ প্ৰয়োজনীয়তা অনুসৰি, আমি যেতিয়া আপোনাৰ পৰা অতিৰিক্ত ব্যক্তিগত তথ্য সংগ্ৰহ কৰিম বা যেতিয়া আমি নতুন উদ্দেশ্যত আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ তথা প্ৰকাশ কৰিম তেতিয়া আমি আপোনাৰ পৰা মুকলি সন্মতি বিচাৰিম।