Xiaomiৰ গোপনীয়তাৰ নীতি

আমাৰ গোপনীয়তাৰ নীতি 15 জানুৱাৰী 2021ত আপডেট কৰা হৈছে।

দয়া কৰি আমাৰ গোপনীয়তাৰ পদ্ধতিসমূহৰ সৈতে নিজকে সুপৰিচিত কৰিবলৈ অলপ সময় খৰচ কৰক আৰু আপোনাৰ কিবা প্ৰশ্ন থাকিলে জনাওক।

আমাৰ বিষয়ে

Xiaomi Singapore Pte. Ltd., Xiaomi Technology Netherlands B.V., আৰু Xiaomi গোটৰ (ইয়াৰ পিছত "Xiaomi", "আমি" বা "আমাৰ" ৰূপে উল্লেখ কৰা হৈছে) ভিতৰত থকা ইয়াৰ সহযোগী কোম্পানীসমূহে (ই সেই Xiaomi সত্তাসমূহক বুজায়, যিবিলাক Xiaomi Corporationৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে; দয়া কৰি বিৱৰণৰ বাৱে ইয়াত ক্লিক কৰক আৰু "শেহতীয়া আয়ৰ ৰিপৰ্ট" চাওক) আপোনাৰ গোপনীয়তাক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। এই গোপনীয়তাৰ নীতি আপোনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মনত ৰাখি সৃষ্টি কৰা হৈছে, আৰু আমাৰ ব্যক্তিগত তথ্য সংগ্ৰহ আৰু ব্যৱহাৰ পদ্ধতি সম্পৰ্কে সম্পূৰ্ণ উপলব্ধি আৰু লগতে Xiaomiক প্ৰদান কৰা আপোনাৰ ব্যক্তিগত তথ্যৰ নিয়ন্ত্ৰণ যে প্ৰকৃততে আপোনাৰ হাততহে থাকে সেই ক্ষেত্ৰত সম্পূৰ্ণ বিশ্বাস থকাটো গুৰুত্বপূৰ্ণ।

এই গোপনীয়তাৰ নীতিৰ বিষয়ে

এক স্বতন্ত্ৰ গোপনীয়তা নীতি থকা নিৰ্দিষ্ট কিছুমান Xiaomi প্ৰডাক্ট আৰু সেৱাৰ বাহিৰে এই গোপনীয়তাৰ নীতি ইয়াৰ সৈতে সম্পৰ্ক থকা বা ইয়াৰ সৈতে জড়িত সকলো Xiaomi ডিভাইচ, ৱেবছাইট বা এপ্লিকেশ্বনৰ ক্ষেত্ৰত প্ৰয়োজ্য হয়। আপুনি ৱেবছাইটত (https://www.mi.com, https://en.miui.com, https://account.xiaomi.com) থকা প্ৰডাক্ট আৰু সেৱাসমূহ আৰু আমাৰ ম'বাইল ডিভাইচসমূহত আমি প্ৰদান কৰা এপ্লিকেশ্বনসমূহ ব্যৱহাৰ কৰোতে আপুনি আমাক দিয়া অথবা আমি আপোনাৰ পৰা সংগ্ৰহ কৰা ব্যক্তিগত তথ্যসমূহ Xiaomiয়ে কেনেকৈ সংগ্ৰহ, ব্যৱহাৰ, প্ৰকাশ, সংসাধন আৰু সুৰক্ষিত কৰে সেয়া এই গোপনীয়তাৰ নীতিত বৰ্ণনা কৰা হৈছে। যদি কোনো Xiaomi প্ৰডাক্টে পৃথক গোপনীয়তাৰ নীতি প্ৰদান কৰে, তেন্তে সেই পৃথক গোপনীয়তাৰ নীতিয়ে প্ৰয়োগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব, আৰু বিশেষভাৱে সামৰি নোলোৱা যিকোনো ক্ষেত্ৰত এই গোপনীয়তাৰ নীতি প্ৰয়োগ হ'ব। তাৰোপৰি, নিৰ্দিষ্ট প্ৰডাক্ট আৰু সেৱাসমূহে আপোনাৰ ব্যক্তিগত তথ্য কিদৰে সংগ্ৰহ আৰু সংসাধন কৰে সেয়া মডেল, সেৱা বা অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হ'বও পাৰে। সবিশেষৰ বাবে আপুনি পৃথক গোপনীয়তাৰ নীতি চোৱা উচিত।

এই গোপনীয়তা নীতিৰ অধীনত "ব্যক্তিগত তথ্য"ৰ অৰ্থ হৈছে সেইবোৰ তথ্য যিবোৰৰ পৰা আপোনাৰ অঞ্চলত প্ৰযোজ্য আইন অনুসৰি অন্যভাৱে নিৰ্দিষ্টকৈ উল্লেখ নাথাকিলে পোনপটীয়াকৈ বা Xiaomiৰ প্ৰৱেশাধিকাৰ থকা কোনো ব্যক্তি বিশেষৰ অন্য কোনো তথ্যৰ সৈতে সেইবোৰ একত্ৰিত কৰি ব্যক্তি গৰাকীক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হ'ব পাৰে। আমি আপোনাৰ ব্যক্তিগত তথ্য এই গোপনীয়তাৰ নীতি অনুসৰি যথাযথভাৱে ব্যৱহাৰ কৰিম। য'তেই প্ৰসংগৰ ক্ষেত্ৰত প্ৰয়োজন হয়, ব্যক্তিগত তথ্যই প্ৰযোজ্য় আইনৰ অধীনত বৰ্গীকৃত কৰা হোৱা স্পৰ্শকাতৰ ব্যক্তিগত ডাটা বা তথ্যকো সামৰি ল'ব পাৰে।

আমি আপোনাক কিদৰে সহায় কৰিব পাৰো

মুঠৰ ওপৰত, আমি আমাৰ সকলো ব্যৱহাৰকাৰীৰ বাবে সৰ্বোত্তম আশা কৰো। এই গোপনীয়তাৰ নীতিত বৰ্ণনা কৰা আমাৰ ডাটা ব্যৱহাৰ পদ্ধতি সম্পৰ্কে আপোনাৰ কোনো উদ্বেগ থাকিলে, সেই নিৰ্দিষ্ট উদ্বেগ নিবাৰণৰ বাবে দয়া কৰি https://privacy.mi.com/supportৰ যোগেদি যোগাযোগ কৰক। আমি আপোনাৰ পৰা শুনিবলৈ পালে সুখী হ'ম। যদি আমি আপোনাৰ গোপনীয়তা বা ডাটা ব্যৱহাৰ সম্পৰ্কীয় কোনো উদ্বেগৰ সন্তোষজনক সমাধান কৰা বা উত্তৰ দিয়া নাই, তেন্তে দয়া কৰি আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ স্থিত তৃতীয় পক্ষৰ বাদানুবাদৰ সমাধান প্ৰদানকাৰীৰ (বিনামূলীয়াকৈ) সৈতে https://feedback-form.truste.com/watchdog/requestত যোগাযোগ কৰক। দয়া কৰি তলত "আমাৰ সৈতে যোগাযোগ কৰক" চাওক।

alt

1. কেনে তথ্য সংগ্ৰহ কৰা হয় আৰু আমি সেইসমূহ কিদৰে ব্যৱহাৰ কৰো?

1. 1 আমি কোনবোৰ তথ্য সংগ্ৰহ কৰো

আপোনাক আমাৰ সেৱা প্ৰদান কৰিবলৈ আমি সেই সেৱাসমূহ প্ৰদানৰ বাবে প্ৰয়োজনীয় আপোনাৰ ব্যক্তিগত তথ্যসমূহ আমাক প্ৰদান কৰিবলৈ আপোনাক অনুৰোধ জনাম। আমি কেৱল সেই তথ্যসমূহহে সংগ্ৰহ কৰিম যিবিলাক নিৰ্দিষ্ট, সুদৃঢ়, সুস্পষ্ট আৰু ন্যায়সংগত কাৰণৰ বাবে প্ৰয়োজনীয় আৰু নিশ্চিত কৰো যে এই তথ্যসমূহ এই কাৰণসমূহৰ সৈতে সামঞ্জস্যহীন অন্য কোনো ধৰণৰ কাৰণৰ বাবে সংসাধন কৰা নহ'ব। আমি অনুৰোধ জনোৱা তথ্যবোৰ যোগান ধৰিবনে নাই সেই সম্পৰ্কে প্ৰায়বোৰ ক্ষেত্ৰতে আপুনি সিদ্ধান্ত ল'ব পাৰে, কিন্তু আপুনি যদি আপোনাৰ ব্যক্তিগত তথ্য যোগান নধৰে, তেন্তে আমি আপোনাক আমাৰ প্ৰডাক্ট অথবা সেৱা আগবঢ়াবলৈ বা আপোনাৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ সক্ষম নহ'বও পাৰো।

আপুনি পচন্দ কৰা সেৱাৰ ওপৰত ভিত্তি কৰি আমি এই ধৰণৰ তথ্য়সমূহ সংগ্ৰহ কৰিব পাৰো:

1.1.1 আপুনি আমাক এইসমূহ তথ্য প্ৰদান কৰে

আপুনি আমাক প্ৰদান কৰা যিকোনো ব্যক্তিগত তথ্য আমি সংগ্ৰহ কৰিব পাৰো, যিসমূহ আপুনি পচন্দ কৰা সেৱাৰ বাবে প্ৰয়োজনীয়। উদাহৰণস্বৰূপে, আপুনি যদি mi.com ৰিটেইলিং সেৱা ব্যৱহাৰ কৰে তেন্তে আপুনি নিজৰ নাম, ম'বাইল ফোন নম্বৰ, ইমেইল ঠিকনা, অৰ্ডাৰ, ইনভইচৰ সবিশেষ, বেংক একাউণ্টৰ নম্বৰ, একাউণ্টৰ ধাৰকৰ নাম, ক্ৰেডিট কাৰ্ড নম্বৰ আৰু অন্যান্য তথ্য যোগান ধৰিব পাৰে; আপুনি যদি Xiaomi ক্লাউড সেৱা ব্যৱহাৰ কৰে, তেন্তে সামগ্ৰী আৰু ডাটা চিংক কৰিব পাৰে; আপুনি যদি একাউণ্ট সৃষ্টি কৰে, তেন্তে নিজৰ লিংগ, আপোনাৰ নিৰাপত্তা সম্পৰ্কীয় তথ্য আৰু অন্য তথ্য যোগান ধৰিব পাৰে; যদি আপুনি কোনো প্ৰচাৰমূলক কাৰ্যকলাপত অংশগ্ৰহণ কৰে, তেন্তে আপুনি আপোনাৰ উপনাম, ইমেইল ঠিকনা, ফটো, ভিডিঅ', আৰু অন্য প্ৰয়োজনীয় তথ্য আমাক প্ৰদান কৰিব পাৰে; যদি আপুনি আমাৰ সৈতে, আমাৰ সমলৰ সৈতে, বা আমাৰ মাৰ্কেটিঙৰ সৈতে জড়িত হয়, বা এটা পুৰষ্কাৰ জিকে, তেন্তে নাম, ম'বাইল ফোন নম্বৰ আৰু ঠিকনা প্ৰদান কৰিব পাৰে।

1.1.2 আপুনি সেৱা ব্যৱহাৰ কৰোতে আমি সংগ্ৰহ কৰা তথ্য

• ডিভাইচ বা ছিম সংক্ৰান্তীয় তথ্য। উদাহৰণস্বৰূপে, IMEI নম্বৰ/OAID নম্বৰ, GAID নম্বৰ, IMSI নম্বৰ, MAC ঠিকনা, ক্ৰমিক নম্বৰ, MIUI সংস্কৰণ আৰু প্ৰকাৰ, ROM সংস্কৰণ, Android সংস্কৰণ, Android আইডি, ক্ষেত্ৰ আইডি, ছিম কাৰ্ড অপাৰেটৰ আৰু ইয়াৰ অৱস্থান এলেকা, স্ক্ৰীণ ডিছপ্লেৰ তথ্য, ডিভাইচৰ কীপেডৰ তথ্য, ডিভাইচ নিৰ্মাণকাৰীৰ সবিশেষ আৰু মডেলৰ নাম, ডিভাইচ সক্ৰিয়কৰণৰ সময়, নেটৱৰ্ক অপাৰেটৰ, সংযোগৰ প্ৰকাৰ, হাৰ্ডৱেৰৰ তথ্য, বিক্ৰীৰ পথ আৰু ব্যৱহাৰৰ তথ্য (যেনে, চিপিইউ, সংগ্ৰহণ, বেটাৰীৰ ব্যৱহাৰ, স্ক্ৰীণৰ ৰিজ'লিউশ্বন, ডিভাইচৰ উষ্ণতা আৰু কেমেৰাৰ লেন্সৰ মডেল, কিমান বাৰ স্ক্ৰীণৰ উজ্জ্বলতা বৃদ্ধি কৰা হৈছে আৰু কিমান বাৰ স্ক্ৰীণ আনলক কৰা হৈছে )।

• আপোনাৰ নিৰ্দিষ্ট তথ্য যিবিলাক হয়তো তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী বা ব্যৱসায়িক অংশীদাৰসকলে প্ৰদান কৰিছে: আপোনাৰ বিজ্ঞাপন আইডিৰ দৰে তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী বা ব্যৱসায়িক অংশীদাৰসকলে প্ৰদান কৰা তথ্য আমি সংগ্ৰহ বা ব্যৱহাৰ কৰিব পাৰো।

• আপোনাৰ এপ্লিকেশ্বন ব্যৱহাৰ সম্পৰ্কীয় তথ্য, এপ্লিকেশ্বনৰ বাবে অনন্য চিনাক্তকাৰী (যেনে, VAID নম্বৰ, OAID নম্বৰ, AAID নম্বৰ, ইনষ্টেন্ট আইডি), এপ্লিকেশ্বনৰ সাধাৰণ তথ্য যেনে, এপ্লিকেশ্বনৰ সূচী, এপ্লিকেশ্বনৰ আইডিৰ তথ্য, SDK সংস্কৰণ, ছিষ্টেম আপডেট ছেটিংছ, এপ্লিকেশ্বন ছেটিংছ (অঞ্চল, ভাষা, সময় ক্ষেত্ৰ, ফণ্ট), এপ্লিকেশ্বনে কিমান বাৰ অগ্ৰভাগত প্ৰৱেশ/প্ৰস্থান কৰিছে, সেই তথ্য আৰু এপ্লিকেশ্বনৰ স্থিতিৰ ৰেকৰ্ডক (যেনে, ডাউনলোডকৰণ, ইনষ্টলকৰণ, আপডেটকৰণ আৰু বিলোপকৰণ) সামৰি।

• আপুনি MIUI ব্যৱহাৰ কৰোতে সৃষ্টি হোৱা তথ্য, উদাহৰণস্বৰূপে, Mi সম্প্ৰদায়ত আপোনাৰ বেজসমূহ, ৰেটিং, ছাইন-ইন তথ্য আৰু ব্ৰাউজিং ৰেকৰ্ডসমূহ; Mi সম্প্ৰদায়ত আপোনাৰ বাৰ্তাসমূহ (কেৱল প্ৰেৰক আৰু প্ৰাপ্তকাৰী পক্ষসমূহৰ বাবেহে দৃশ্যমান); সংগীত সেৱাসমূহত আপোনাৰ অডিঅ' প্লেবেক ইতিহাস আৰু অনুসন্ধান প্ৰশ্নসমূহ; থীম সেৱাসমূহত আপোনাৰ লাইক, মন্তব্য, প্ৰিয়, ভাগ-বতৰা, অনুসন্ধান প্ৰশ্নসমূহ; ছিষ্টেম ভাষা, দেশ আৰু অঞ্চল, নেটৱৰ্ক স্থিতি আৰু এপ ভল্টত এপসমূহৰ সূচী; আপোনাৰ ব্যৱহাৰৰ তথ্য, অঞ্চল, IP, প্ৰাসংগিক সমল প্ৰদানকাৰী, ৱালপেপাৰ পৰিৱৰ্তনৰ সঘনতা, প্ৰতিচ্ছৱি দৰ্শনসমূহ, প্ৰতিচ্ছৱি ব্ৰাউজিং ম'ড, প্ৰতিচ্ছৱি ব্ৰাউজিং সময়কাল, নিবন্ধসমূহত ক্লিক আৰু প্ৰকাশ, ৱালপেপাৰ কেৰ'চলৰ গ্ৰাহকভুক্তিসমূহক সামৰি।

• অৱস্থানৰ তথ্য (কেৱল নিৰ্দিষ্ট সেৱা/বৈশিষ্ট্যৰ বাবেহে): আপুনি যদি অৱস্থান-সম্পৰ্কীয় সেৱাসমূহ (নেভিগেশ্বন চফ্টৱেৰ, বতৰ চফ্টৱেৰ আৰু ডিভাইচৰ অৱস্থান চিনাক্তকৰণ বৈশিষ্ট্য থকা চফ্টৱেৰ) ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ সঠিক আৰু আনুমানিক অৱস্থান সম্পৰ্কে বিভিন্ন ধৰণৰ তথ্য। উদাহৰণস্বৰূপে, অঞ্চল, দেশৰ ক'ড, নগৰৰ ক'ড, ম'বাইল নেটৱৰ্কৰ ক'ড, ম'বাইলৰ ৰাষ্ট্ৰ ক'ড, চেল পৰিচয়, দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ তথ্য, সময় ক্ষেত্ৰৰ ছেটিংছ, ভাষা ছেটিংছ। আপুনি যিকোনো সময়তে ফোনৰ ছেটিংছত (ছেটিংছ - অনুমতিসমূহ) প্ৰতিটো এপ্লিকেশ্বনৰ নিজৰ অৱস্থানৰ তথ্য অফ কৰিব পাৰে।

• লগ তথ্য: আপোনাৰ কিছুমান নিৰ্দিষ্ট ফাংচন, এপ আৰু ৱেবছাইটৰ ব্যৱহাৰ সম্পৰ্কীয় তথ্য। উদাহৰণস্বৰূপে, কুকিসমূহ আৰু অন্য চিনাক্তকৰণ প্ৰযুক্তি, আইপি ঠিকনাসমূহ, নেটৱৰ্ক অনুৰোধৰ তথ্য, অস্থায়ী বাৰ্তাৰ ইতিহাস, মান্য ছিষ্টেম লগ, ক্ৰেশ্বৰ তথ্য, সেৱাসমূহ (যেনে, পঞ্জীয়নৰ সময়, প্ৰৱেশ সময়, কাৰ্যকলাপৰ সময় ইত্যাদি) ব্যৱহাৰ কৰি সৃষ্টি কৰা লগৰ তথ্য।

• অন্য তথ্য: পৰিবেশজনিত বৈশিষ্ট্যসমূহৰ মান (ECV) (উদাহৰণস্বৰূপে, Mi একাউণ্ট আইডি, ডিভাইচ আইডি, সংযোজিত ৱাই-ফাই আইডিৰ অৱস্থানৰ তথ্যৰ পৰা সৃষ্টি হোৱা মান)।

1.1.3 তৃতীয় পক্ষৰ উৎসসমূহৰ পৰা পোৱা তথ্য

আইনে অনুমতি দিলে আমি তৃতীয় পক্ষৰ উৎসসমূহৰ পৰা আপোনাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিম। উদাহৰণস্বৰূপে,

• যিবোৰ নিৰ্দিষ্ট সেৱাত আপোনাৰ অনুমোদন সাপেক্ষে একাউণ্ট আৰু বিত্তীয় লেনদেন অন্তৰ্ভুক্ত থাকিব পাৰে, আমি সুৰক্ষা আৰু প্ৰতাৰণা প্ৰতিৰোধৰ কাৰণে, বৈধ তৃতীয় পক্ষৰ উৎসৰ জৰিয়তে আপুনি যোগান ধৰা তথ্যৰ (যেনে ফোন নম্বৰ) মান্যতা পৰীক্ষা কৰিব পাৰো;

• আমি আপোনালৈ বিজ্ঞাপন সেৱা আগবঢ়াবলৈ নিৰ্ধাৰিত চিনাক্তকৰণ প্ৰতীকসমূহ (উদাহৰণস্বৰূপে, কোনো বিজ্ঞাপনদাতাৰ IMEI/OAID/GAID) প্ৰাপ্ত কৰিব পাৰো;

• আমি তৃতীয় পক্ষৰ চচিয়েল নেটৱৰ্ক সেৱাসমূহৰ (উদাহৰণস্বৰূপে, আপুনি যেতিয়া Xiaomi সেৱাত ছাইন ইন কৰিবলৈ কোনো চচিয়েল নেটৱৰ্ক একাউণ্ট ব্যৱহাৰ কৰে) পৰা একাউণ্ট আইডি, উপনাম, অৱতাৰ আৰু ইমেইল ঠিকনাৰ দৰে কিছুমান নিৰ্দিষ্ট তথ্যও আহৰণ কৰিব পাৰো;

• আনে আপোনাৰ বিষয়ে আমাক যোগান ধৰা তথ্য (উদাহৰণস্বৰূপে, অন্য ব্যৱহাৰকাৰীয়ে আপোনাৰ বাবে mi.comৰ পৰা কিবা বস্তু ক্ৰয় কৰিলে প্ৰদান কৰিব পৰা আপোনাৰ ডেলিভাৰী ঠিকনা)।

1.1.4 অনা-ব্যক্তিগতভাৱে চিনাক্তযোগ্য তথ্য

কোনো ব্যক্তিৰ সৈতে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত নোহোৱা বা প্ৰযোজ্য স্থানীয় আইন অনুসৰি ব্যক্তিগত তথ্য হিচাপে নিৰ্দিষ্ট নকৰা কিছুমান অন্যধৰণৰ তথ্যও আমি সংগ্ৰহ কৰিব পাৰো। তেনে তথ্যক অনা-ব্যক্তিগতভাৱে চিনাক্তযোগ্য তথ্য বুলি কোৱা হয়। আমি অনা-ব্যক্তিগতভাৱে চিনাক্তযোগ্য তথ্য সংগ্ৰহ, ব্যৱহাৰ, স্থানান্তৰ আৰু প্ৰকাশ কৰিব পাৰো। এয়া হ'ল আমি সংগ্ৰহ কৰা তথ্য আৰু সেইসমূহ আমি কেনেকৈ অনা-ব্যক্তিগতভাৱে চিনাক্তযোগ্য একত্ৰিত ফৰ্মেটত ব্যৱহাৰ কৰিব পাৰো, তাৰে উদাহৰণ:

• আমি আপুনি কোনো নিৰ্দিষ্ট সেৱা ব্যৱহাৰ কৰোতে সৃষ্টি হোৱা পৰিসংখ্যামূলক ডাটা অন্তৰ্ভুক্ত কৰিব পাৰো (যেনে, চিনাক্ত কৰিব নোৱাৰা ডিভাইচ সংক্ৰান্তীয় তথ্য, দৈনিক ব্যৱহাৰৰ ইভেণ্ট, পৃষ্ঠালৈ প্ৰৱেশৰ ইভেণ্ট, পৃষ্ঠা প্ৰৱেশৰ সময় ইভেণ্ট আৰু ছেচন ইভেণ্টসমূহ);

• নেটৱৰ্ক নিৰীক্ষণৰ ডাটা (যেনে, অনুৰোধৰ সময়, অনুৰোধৰ সংখ্যা বা ত্ৰুটি অনুৰোধ আদি);

• এপ্লিকেশ্বন ক্ৰেশ্বৰ ইভেণ্টসমূহ (যেনে, এপ্লিকেশ্বনটো ক্ৰেশ্ব কৰাৰ পিছত স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হোৱা লগিং ইত্যাদি)।

এই ধৰণৰ তথ্য সংগ্ৰহৰ উদ্দেশ্য হৈছে আমি আপোনাক প্ৰদান কৰা সেৱা উন্নত কৰা। কি প্ৰকাৰৰ আৰু কিমান পৰিমাণৰ তথ্য সংগ্ৰহ কৰা হয় সেইবোৰ আপুনি আমাৰ প্ৰডাক্ট আৰু সেৱাৰ ব্যৱহাৰ কৰাৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে।

আমি আপোনাক অধিক উপযোগী তথ্য প্ৰদান কৰিবলৈ, আৰু আমাৰ ৱেবছাইট, প্ৰডাক্ট আৰু সেৱাৰ কোনবোৰ অংশৰ প্ৰতি আপুনি অধিক আকৰ্ষিত সেই কথা বুজিবলৈ এই তথ্যসমূহ সংগ্ৰহ কৰো। উদাহৰণস্বৰূপে, আমাক এটা দিনত সক্ৰিয় হৈ থকা ব্যৱহাৰকাৰীৰ সংখ্যাহে প্ৰয়োজন হ'ব পাৰে; আৰু সেই দিনটোত কোন সক্ৰিয় হৈ আছে সেয়া আমি জনাৰ প্ৰয়োজন নাই, সেয়েহে একত্ৰিত ডাটা পৰিসংখ্যামূলক বিশ্লেষণৰ বাবে পৰ্যাপ্ত। আমি আপোনাৰ ব্যক্তিগত ডাটা অনা-ব্যক্তিগতভাৱে চিনাক্তযোগ্য তথ্যৰ পৰা পৃথক কৰাৰ চেষ্টা কৰিম আৰু নিশ্চিত কৰিম যে দুয়োটা প্ৰকাৰৰ ডাটা পৃথকভাৱে ব্যৱহাৰ কৰা হয়। অৱশ্যে, যদি আমি অনা-ব্যক্তিগতভাৱে চিনাক্তযোগ্য তথ্যক ব্যক্তিগত তথ্যৰ সৈতে একত্ৰিত কৰো, তেন্তে তেনে একত্ৰিত তথ্যসমূহক এইদৰে একত্ৰিত হৈ থকা পৰ্যন্ত ব্যক্তিগত তথ্য ৰূপে গণ্য কৰা হ'ব।

1.2 আমি সংগ্ৰহ কৰা ব্যক্তিগত তথ্য কিদৰে ব্যৱহাৰ কৰো

ব্যক্তিগত তথ্য সংগ্ৰহ কৰাৰ উদ্দেশ্য হৈছে আপোনাক প্ৰডাক্ট আৰু/বা সেৱা প্ৰদান কৰা আৰু আমি যাতে প্ৰযোজ্য আইন, অধিনিয়ম আৰু অন্য নিয়ামক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰো সেয়া নিশ্চিত কৰা। ইয়াত অন্তৰ্ভুক্ত হৈ থাকে:

• আপোনাৰ বাবে আমাৰ প্ৰডাক্ট আৰু/বা সেৱা প্ৰদান কৰা, সংসাধন কৰা, পৰিচালনা কৰা, উন্নত আৰু বিকাশ সাধন কৰা, যেনে, ডেলিভাৰী, সক্ৰিয়কৰণ, সত্যাপন, বিক্ৰীৰ পিছৰ সেৱা, গ্ৰাহক সেৱা, আৰু বিজ্ঞাপন।

• লোকচান আৰু প্ৰতাৰণা প্ৰতিৰোধ কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কাৰ্যকৰী কৰা আৰু বৰ্তাই ৰখা, যেনে, ব্যৱহাৰকাৰীক চিনাক্ত কৰাত সহায় কৰা, ব্যৱহাৰকাৰীৰ পৰিচয় সত্যাপন কৰা। তলত উল্লেখ কৰা দুটা চৰ্ত পূৰণ হ'লেহে আমি আপোনাৰ তথ্য প্ৰতাৰণা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰো: এয়া প্ৰয়োজনীয়; আৰু এই ডাটা Xiaomiৰ ব্যৱহাৰকাৰী আৰু সেৱাসমূহ সুৰক্ষিত কৰাৰ বৈধ স্বাৰ্থৰ উদ্দেশ্যে মূ্ল্যায়নৰ বাবে ব্যৱহাৰ কৰা হ'ব।

• ডিভাইচ আৰু সেৱাসমূহৰ সম্পৰ্কে আপোনাৰ প্ৰশ্ন, বা অনুৰোধসমূহৰ পৰিচালনা, উদাহৰণস্বৰূপে, গ্ৰাহকৰ প্ৰশ্নৰ উত্তৰ প্ৰদান, ছিষ্টেম আৰু এপ্লিকেশ্বন সম্পৰ্কীয় জাননী প্ৰেৰণ, আপোনাৰ কাৰ্যকলাপসমূহৰ (যেনে, ছুইপষ্টেকছ) পৰিচালনা।

• মাৰ্কেটিং আৰু প্ৰচাৰমূলক সামগ্ৰী আৰু আপডেটসমূহৰ দৰে প্ৰাসংগিক প্ৰচাৰমূলক কাৰ্যকলাপ অনুষ্ঠিতকৰণ। আপুনি যদি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰচাৰমূলক সমল লাভ কৰিব নিবিচাৰে তেনেহ'লে বাৰ্তাটোত (যেনে, বাৰ্তাটোৰ তলত থকা সদস্যভুক্তিৰ লিংক) দিয়া পদ্ধতি অনুসৰি অথবা প্ৰযোজ্য আইন অনুসৰি এইটো পোৱাটো বন্ধ কৰিব পাৰে, যদিহে প্ৰযোজ্য আইনত এয়া নিৰ্দিষ্ট কৰা নাথাকে। দয়া কৰি লগতে তলত "আপোনাৰ অধিকাৰসমূহ" চাওক।

• আভ্যন্তৰীণউদ্দেশ্যসমূহ, উদাহৰণ স্বৰূপে, আমাৰ প্ৰডাক্ট আৰু সেৱাসমূহ উন্নত কৰাৰ বাবে আমাৰ প্ৰডাক্ট আৰু সেৱাসমূহৰ ব্যৱহাৰৰ সৈতে সম্পৰ্কিত পৰিসংখ্যামূলক তথ্যৰ ডাটা বিশ্লেষণ, গৱেষণা আৰু বিকাশ। উদাহৰণস্বৰূপে, পৰিচয় লুকুওৱাৰ প্ৰক্ৰিয়াৰ পাছত মেচিন শিক্ষণ বা মডেল এলগ'ৰিদম প্ৰশিক্ষণ দিয়া হয়।

• আপোনাৰ ডিভাইচৰ কাৰ্যক্ষমতা সৰ্বোৎকৃষ্টকৰণ, যেনে, আপোনাৰ এপ্লিকেশ্বনৰ মেম'ৰিৰ ব্যৱহাৰ বা চিপিইউ ব্যৱহাৰ বিশ্লেষণ কৰা।

• আমাৰ ব্যৱসায়িক পৰিচালনাৰ বাবে আপোনাৰ সৈতে জড়িত তথ্য সঞ্চয় আৰু পৰিচালনা কৰা, (যেনে, ব্যৱসায়িক পৰিসংখ্যা) বা আমাৰ আইনী বাধ্যবাধকতা পূৰণৰ বাবে।

• Xiaomiৰ আইনসন্মত স্বাৰ্থৰ ওপৰত ভিত্তি কৰি সংসাধন (প্ৰযোজ্য অধিকাৰক্ষেত্ৰসমূহত, যেনে, GDPR)> আইনসন্মত স্বাৰ্থৰ ভিতৰত আছে আমাৰ ব্যৱসায়সমূহ অধিক দক্ষতাপূৰ্ণভাৱে ব্যৱস্থাপন কৰিবলৈ আৰু চলাবলৈ আৰু আমাৰ প্ৰডাক্ট আৰু সেৱাসমূহ প্ৰদান কৰিবলৈ নিজকে সক্ষম কৰি তোলা; আমাৰ ব্যৱসায়, ছিষ্টেম, প্ৰডাক্ট, সেৱা আৰু গ্ৰাহকসকলৰ (লোকচান প্ৰতিৰোধ আৰু প্ৰতাৰণা-ৰোধী কাৰণসমূহক সামৰি) নিৰাপত্তাক সুৰক্ষা প্ৰদান কৰা; আভ্যন্তৰীণ মেনেজমেণ্ট; আভ্যন্তৰীণ নীতি আৰু প্ৰক্ৰিয়াসমূহৰ অনুপালন; আৰু এই নীতিত বিৱৰিত অন্য আইনসন্মত স্বাৰ্থসমূহ। উদাহৰণস্বৰূপে, আমাৰ সেৱাসমূহৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ, আৰু আমাৰ এপ্লিকেশ্বনসমূহৰ কৰ্মক্ষমতাৰ স্থিতি অধিক ভালদৰে উপলব্ধি কৰাত সহায় কৰিবলৈ, আমি প্ৰাসংগিক তথ্য, যেনে, আপোনাৰ ব্যৱহাৰৰ সঘনতা, ক্ৰেশ্ব লগ তথ্য, সামগ্ৰিক ব্যৱহাৰ, কাৰ্যদক্ষতা ডাটা আৰু এপ্লিকেশ্বনৰ উৎস আদি ৰেকৰ্ড কৰিব পাৰো; কৰ্তৃত্বহীন বিক্ৰেতা আনলকিং ডিভাইচসমূহক প্ৰতিৰোধ কৰিবলৈ, আমি Mi একাউণ্ট, পৰিচালিত কম্পিউটাৰৰ ক্ৰমিক নম্বৰ আৰু IP ঠিকনা, আপোনাৰ ফোনৰ ক্ৰমিক নম্বৰ আৰু ডিভাইচ তথ্য সংগ্ৰহ কৰিব পাৰো।

• স্থানীয় সেৱাসমূহ প্ৰদান কৰা যিবোৰে আমাৰ ছাৰ্ভাৰৰ সৈতে যোগাযোগ কৰাৰ প্ৰয়োজন নহয়, যেনে, আপোনাৰ ডিভাইচত টোকা ব্যৱহাৰ কৰা।

• আপোনাৰ সন্মতি সাপেক্ষে অন্য উদ্দেশ্য।

আমি আপোনাৰ তথ্য (য'ত ব্যক্তিগত তথ্যও অন্তৰ্ভুক্ত থাকিব পাৰে) কিদৰে ব্যৱহাৰ কৰো, সেইবিষয়ে সবিশেষ থকা উদাহৰণ তলত দিয়া হৈছে:

• আপুনি ক্ৰয় কৰা Xiaomi প্ৰডাক্ট আৰু সেৱাসমূহ আপোনাৰ বাবে সক্ৰিয় আৰু পঞ্জীয়নভুক্তকৰণ।

• আপোনাৰ Mi একাউণ্টৰ সৃষ্টি আৰু পৰিচালনা। আমাৰ ৱেবছাইটসমূহত বা আমাৰ ম'বাইল ডিভাইচসমূহৰ জৰিয়তে আপুনি কোনো Mi একাউণ্ট সৃষ্টি কৰোতে সংগ্ৰহ কৰা ব্যক্তিগত তথ্য আপোনাৰ বাবে ব্যক্তিগত Mi একাউণ্ট আৰু প্ৰ'ফাইল পৃষ্ঠা সৃষ্টি কৰোতে ব্যৱহাৰ কৰা হয়।

• আপোনাৰ ক্ৰয়ৰ অৰ্ডাৰ সংসাধন। ই-কমাৰ্চ অৰ্ডাৰৰ সৈতে জড়িত ডাটা ক্ৰয়ৰ অৰ্ডাৰ সংসাধন আৰু গ্ৰাহক সেৱা আৰু পুনৰ ডেলিভাৰীৰ দৰে আনুসংগিক বিক্ৰীৰ পিছৰ সেৱাবোৰৰ বাবে ব্যৱহাৰ কৰা হ'ব পাৰে। লগতে, অৰ্ডাৰ নম্বৰটো ডেলিভাৰী অংশীদাৰৰ সৈতে পুনৰ নিশ্চিত কৰাৰ লগতে পাৰ্চেলটোৰ ডেলিভাৰী ৰেকৰ্ড কৰিবলৈও ব্যৱহাৰ কৰা হ'ব। নাম, ঠিকনা, ফোন নম্বৰ আৰু ডাক ক'ডকে ধৰি প্ৰাপ্তকৰ্তাৰ তথ্য ডেলিভাৰীৰ বাবে ব্যৱহাৰ কৰা হ'ব। আপোনাৰ ইমেইল ঠিকনাটো আপোনালৈ পাৰ্চেল ট্ৰেকিঙৰ তথ্য প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হয়। ক্ৰয় কৰা আইটেমসমূহৰ এখন সূচী ইনভইচ মুদ্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু পাৰ্চেলটোত কি আছে ব্যৱহাৰকাৰীয়ে সেয়া চাবলৈ সক্ষম হয়।

• Mi সম্প্ৰদায়ত অংশগ্ৰহণ। Mi সম্প্ৰদায় আৰু অন্য Xiaomi ইণ্টাৰনেট প্লেটফৰ্ম সম্পৰ্কীয় ব্যক্তিগত তথ্য প্ৰ'ফাইল পৃষ্ঠা প্ৰদৰ্শন, অন্য ব্যৱহাৰকাৰীৰ সৈতে কথোপকথন, Mi সম্প্ৰদায়ত অংশগ্ৰহণৰ বাবে ব্যৱহাৰ কৰা হ'ব পাৰে।

• MIUI সেৱাসমূহ প্ৰদান। তলত উল্লেখ কৰা তথ্যসমূহ: (GAID নম্বৰ, IMEI নম্বৰ, IMSI নম্বৰ, ফোন নম্বৰ, ডিভাইচ আইডি, ডিভাইচ অপাৰেটিং ছিষ্টেম, MAC ঠিকনা, ডিভাইচৰ প্ৰকাৰ, ছিষ্টেম আৰু কাৰ্যক্ষমতা তথ্যৰ দৰে ডিভাইচ আৰু ছিম কাৰ্ড-সম্পৰ্কীয় তথ্য আৰু ম'বাইলৰ ৰাষ্ট্ৰ ক'ড, ম'বাইল নেটৱৰ্ক ক'ড, অৱস্থান ক্ষেত্ৰ ক'ড আৰু চেলৰ পৰিচয়কে ধৰি অৱস্থানৰ তথ্যসমূহ), MIUI সেৱাসমূহ সক্ৰিয় কৰিবলৈ ব্যৱহাৰ কৰা হয়।

• সক্ৰিয়কৰণৰ বিফলতাৰ নিদান: ছিম কাৰ্ড সক্ৰিয়কৰণৰ বিফলতালৈ (যেনে, চৰ্ট মেচেজ ছাৰ্ভিছ (এছএমএছ) গেটৱে আৰু নেটৱৰ্ক বিফলতা) প্ৰৱেশ কৰিবলৈ অৱস্থান সম্পৰ্কীয় তথ্য ব্যৱহাৰ কৰা হয়, যাতে সেই সেৱাৰ নেটৱৰ্ক অপাৰেটৰক চিনাক্ত কৰিব পাৰি আৰু নেটৱৰ্ক অপাৰেটৰক বিফলতা সম্পৰ্কে অৱগত কৰিব পাৰি।

• অন্যান্য MIUI সেৱাসমূহ প্ৰদান। আপুনি এটা MIUI সেৱা ব্যৱহাৰ কৰোতে সংগ্ৰহ কৰা তথ্যসমূহ সেৱাৰ সৰ্বোৎকৃষ্টকৰণ কৰি থাকোতে সেই সেৱাৰ ফাংচনসমূহ সম্পাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়, উদাহৰণ স্বৰূপে, MIUI সেৱাৰ সৈতে জড়িত কাৰ্যকলাপ ডাউনলোড কৰা, আপডেট কৰা, কাৰ্যকৰীকৰণ বা সৰ্বোৎকৃষ্টকৰণৰ বাবে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, থীমসমূহে সংগ্ৰহ কৰা ব্যক্তিগত তথ্যসমূহ আপোনাৰ ডাউনলোডিং আৰু ব্ৰাউজিঙৰ ইতিহাসৰ আধাৰত ব্যক্তিগতকৃত থীম অনুমোদন সেৱা প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হ'ব পাৰে।

• আপোনাৰ ডিভাইচৰ সন্ধান। আপোনাৰ ফোনটো যদি চুৰি হয় বা হেৰায়, Xiaomiৰ ডিভাইচ সন্ধান সুবিধাই আপোনাৰ ফোনটো বিচৰা আৰু সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। আপোনাৰ ফোনটোৱে প্ৰদান কৰা অৱস্থানৰ তথ্য ব্যৱহাৰ কৰি আপুনি এখন মেপত নিজৰ ফোনটোৰ অৱস্থান নিৰ্ধাৰণ, আপোনাৰ ফোনটো মচিব বা আপোনাৰ ফোনটো লক কৰিব পাৰে। আপুনি যেতিয়া সক্ৰিয়ভাৱে নিজৰ ফোনটো বিচাৰি থাকে তেতিয়া আপোনাৰ ম'বাইল ডিভাইচৰ পৰা অৱস্থানৰ তথ্য কেপচাৰ কৰা হয়; কোনো কোনো ক্ষেত্ৰত এই তথ্য চেল টাৱাৰ বা ৱাই-ফাই হটস্পটৰ পৰাও সংগ্ৰহ কৰা হয়। আপুনি ফোন ছেটিংছত (ছেটিংছ - Mi একাউণ্ট - Xiaomi ক্লাউড - ডিভাইচ সন্ধান) যিকোনো সময়তে এই বৈশিষ্ট্যটো অন বা অফ কৰিব পাৰে।

• ফটোত অৱস্থান তথ্যৰ ৰেকৰ্ডিং। এখন ফটো তোলোতে আপুনি আপোনাৰ অৱস্থানৰ তথ্য ৰেকৰ্ড কৰিব পাৰে। এই তথ্য আপোনাৰ ফটো ফ'ল্ডাৰসমূহৰ ভিতৰত দৃশ্যমান হয় আৰু অৱস্থানক আপোনাৰ ফটোৰ ধৰ্ম তথ্যত অন্তৰ্ভুক্ত কৰা হয়। আপুনি যদি এখন ফটো লওতে আপোনাৰ অৱস্থান ৰেকৰ্ড হোৱাটো নিবিচাৰে, তেন্তে আপুনি যিকোনো সময়তে আপোনাৰ ডিভাইচৰ কেমেৰা ছেটিংছৰ ভিতৰত এইটো অফ কৰিব পাৰে।

• বাৰ্তা-সেৱা ফাংচন প্ৰদান (উদাহৰণস্বৰূপে, Mi টক, Mi বাৰ্তা)। আপুনি যদি Mi টক ডাউনলোড আৰু ব্যৱহাৰ কৰে, তেন্তে Mi টকে সংগ্ৰহ কৰা তথ্য এই সেৱা সক্ৰিয় কৰাৰ কাৰণে আৰু ব্য়ৱহাৰকাৰী আৰু বাৰ্তাৰ প্ৰাপ্তকৰ্তাক চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হ'ব পাৰে। লগতে, এজন ব্যৱহাৰকাৰীয়ে এপসমূহ পুনঃইনষ্টল কৰাৰ পাছত পূৰ্বৰ চাটসমূহ পুনঃলোড কৰিবলৈ বা বিভিন্ন ডিভাইচলৈ চিংক্ৰ'নাইজ কৰাত সুবিধা হ'বলৈ চাট ইতিহাস সঞ্চয় কৰা হয়। Mi বাৰ্তাৰ বাবে সেৱাটো সক্ৰিয় কৰিবলৈ আৰু বাৰ্তাক পথ-প্ৰদৰ্শন কৰাকে সামৰি সেৱাটো কাৰ্যক্ষম হোৱাটো সম্ভৱ কৰিবলৈ তথ্য (প্ৰেৰণকাৰী আৰু প্ৰাপ্তকৰ্তাৰ ফোন নম্বৰ আৰু Mi বাৰ্তা আইডিসমূহ) ব্যৱহাৰ কৰা হ'ব পাৰে।

• অৱস্থান-নিৰ্দিষ্ট সেৱাসমূহ প্ৰদান। MIUI সেৱাসমূহ ব্যৱহাৰ কৰাৰ কালছোৱাত, আমাৰ দ্বাৰা, তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী আৰু ব্যৱসায়িক অংশীদাৰৰ দ্বাৰা (অধিক তথ্যৰ বাবে তলত "আমি কিদৰে আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বতৰা, হস্তান্তৰ আৰু ৰাজহুৱাভাৱে প্ৰকাশ কৰো চাওক") আপোনাক সেৱা প্ৰদান কৰিবলৈ আৰু ব্যৱহাৰকাৰীৰ সম্ভাৱনীয় সৰ্বোত্তম অভিজ্ঞতা সম্ভৱ কৰিবলৈ সেই অৱস্থানৰ সঠিক সবিশেষ, যেনে, বতৰৰ সবিশেষ, অৱস্থানলৈ প্ৰৱেশাধিকাৰ (Android প্লেটফৰ্মৰ অংশ ৰূপে) প্ৰদান কৰিবলৈও অৱস্থানৰ তথ্য ব্যৱহাৰ কৰা হ'ব পাৰে। আপুনি ছেটিংছত যিকোনো সময়তে কোনো এপৰ অৱস্থান সেৱাৰ ব্যৱহাৰ বন্ধ কৰিবলৈ অৱস্থান সেৱা অফ কৰিব পাৰে।

• ডাটা, হাৰ্ডৱেৰ, আৰু চফ্টৱেৰ বিশ্লেষণৰ যোগেদি ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নীতকৰণ। ব্যৱহাৰকাৰীৰ অভিজ্ঞতা প্ৰ'গ্ৰামৰ দৰে কিছুমান বাছি ল'ব পৰা সুবিধাই ব্যৱহাৰকাৰীয়ে ম'বাইল ফোন, আৰু MIUI সেৱাসমূহ, আৰু Xiaomiয়ে প্ৰদান কৰা অন্য সেৱাসমূহ কিদৰে ব্যৱহাৰ কৰে সেয়া Xiaomiক বিশ্লেষণ কৰিবলৈ দিয়ে, লগতে ক্ৰেশ্ব ৰিপৰ্ট প্ৰেৰণ কৰাৰ দৰে ব্যৱহাৰকাৰী অভিজ্ঞতা উন্নত কৰিবলৈ দিয়ে। ব্যৱহাৰকাৰীৰ অভিজ্ঞতা অধিক উন্নত কৰিবলৈ Xiaomiয়ে হাৰ্ডৱেৰ আৰু চফ্টৱেৰ বিশ্লেষণো সম্পন্ন কৰিব।

• নিৰাপত্তা ব্যৱহাৰ কৰিবলৈ আপোনাক অনুমতি প্ৰদান। সংগৃহীত তথ্যৰ নিৰাপত্তাৰ বাবে আৰু নিৰাপত্তা এপত নিৰাপত্তা স্কেন, বেটাৰী ৰাহিকাৰক, অৱৰোধসূচী, পৰিষ্কাৰক আদিৰ দৰে ছিষ্টেম প্ৰতিপালন ফাংচনসমূহৰ বাবে ব্যৱহাৰ কৰা হ'ব পাৰে। এই কাৰ্যকাৰিতাসমূহৰ কিছুমান তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীয়ে আৰু/বা ব্যৱসায়িক অংশীদাৰে পৰিচালনা কৰে (অধিক তথ্যৰ বাবে তলত "আমি কিদৰে আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বতৰা, হস্তান্তৰ আৰু ৰাজহুৱাভাৱে প্ৰকাশ কৰো চাওক")। নিৰাপত্তা স্কেন ফাংচনৰ বাবে তথ্য (যিবিলাক ভাইৰাচ সংজ্ঞা সূচীসমূহৰ দৰে ব্যক্তিগত তথ্য নহয়) ব্যৱহাৰ কৰা হয়।

• পুচ সেৱা প্ৰদান। বিজ্ঞাপনৰ সফলতাৰ মূল্যায়ন কৰিবলৈ আৰু চফ্টৱেৰ আপডেট, বিক্ৰী আৰু প্ৰচাৰকে ধৰি নতুন প্ৰডাক্টৰ ঘোষণাসমূহৰ সম্পৰ্কে MIUIৰ পৰা অধিসূচনাসমূহ প্ৰেৰণৰ উদ্দেশ্যে Xiaomi পুচ সেৱা আৰু Mi অধিসূচনা সেৱা প্ৰদান কৰিবলৈ Mi একাউণ্ট আইডি, GAID, FCM টোকন, Android আইডি আৰু ক্ষেত্ৰ আইডি (কেৱল দ্বিতীয় ক্ষেত্ৰ বৈশিষ্ট্য অন হৈ থকা Xiaomi ডিভাইচসমূহত) ব্যৱহাৰ কৰা হ'ব। আপোনাক উপৰোক্ত সেৱাসমূহ প্ৰদান কৰিবলৈ, এপ্লিকেশ্বন প্ৰাসংগিক তথ্য (এপ সংস্কৰণ আইডি, এপ পেকেজ নাম), আৰু ডিভাইচ প্ৰাসংগিক তথ্যও (মডেল, ব্ৰেণ্ড) সংগ্ৰহ কৰা হ'ব। আপোনাৰ কিছুমান ব্যক্তিগত তথ্য আমি আপোনালৈ পুচ বাৰ্তা পঠিওৱাৰ উদ্দেশ্য়ে (আমাৰ সেৱাসমূহৰ ভিতৰত বাৰ্তা প্ৰেৰণ বা ইমেইলৰ দ্বাৰা বা অন্য ধৰণেৰে) ব্যৱহাৰ কৰিব পাৰো যিবোৰে আমাৰ প্ৰডাক্ট আৰু সেৱাসমূহ আৰু/বা চয়নিত তৃতীয় পক্ষৰ প্ৰডাক্ট বা সেৱা আগবঢ়ায় বা বিজ্ঞাপন দিয়ে। য'ত প্ৰযোজ্য আইনৰ অধীনত প্ৰয়োজন হয়, তাত আপোনাৰ সন্মতি অনুসৰিহে এনে কৰা হয়। আপুনি ছেটিংছত আপোনাৰ অগ্ৰাধিকাৰসমূহ সলনি কৰাৰ দ্বাৰা বা Xiaomi পুচ ব্যৱহাৰ কৰি তৃতীয় পক্ষৰ এপ/ৱেবছাইটৰ জৰিয়তে আপোনাৰ অগ্ৰাধিকাৰসমূহ পৰিচালনা কৰি যিকোনো সময়তে আমাৰ আৰু তৃতীয় পক্ষৰ পৰা বিপণন সম্পৰ্কীয় তথ্য প্ৰাপ্ত কৰাটো বাদ দিব পাৰে। দয়া কৰি লগতে তলত "আপোনাৰ অধিকাৰসমূহ" চাওক।

• ব্যৱহাৰকাৰীৰ পৰিচয়ৰ সত্যাপন। Xiaomiয়ে ব্যৱহাৰকাৰীৰ পৰিচয় সত্যাপন কৰিবলৈ আৰু কৰ্তৃত্বহীন লগইন পৰিহাৰ কৰিবলৈ ECV মান ব্যৱহাৰ কৰে।

• ব্যৱহাৰকাৰীৰ ফীডবেক সংগ্ৰহ। Xiaomiক সহায়ৰ বাবে আপুনি প্ৰদান কৰিবলৈ পচন্দ কৰা ফীডবেক আমাৰ সেৱাসমূহ উন্নত কৰি তোলাৰ ক্ষেত্ৰত মূল্যবান। আপুনি প্ৰদান কৰা ফীডবেক সম্পৰ্কে কাৰ্যপন্থা গ্ৰহণ কৰিবৰ বাবে Xiaomiয়ে আপোনাৰ দ্বাৰা প্ৰদানিত বা ব্যক্তিগত তথ্য ব্যৱহাৰ কৰি আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু সমস্যা সমাধান তথা সেৱা উন্নীতকৰণৰ বাবে সেই যোগাযোগৰ ৰেকৰ্ড ৰাখিব পাৰে।

• জাননী প্ৰেৰণ। সময়ে সময়ে আমি গুৰুত্বপূৰ্ণ জাননী যেনে, ক্ৰয় আৰু আমাৰ চুক্তি, চৰ্ত আৰু নীতিসমূহৰ পৰিৱৰ্তন সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰিবলৈ আমি আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব পাৰো। যিহেতু এই ধৰণৰ তথ্যসমূহ Xiaomৰ সৈতে আপোনাৰ কথোপকথনৰ ক্ষেত্ৰত যথেষ্ঠ গুৰুত্বপূৰ্ণ সেয়ে এই ধৰণৰ তথ্য প্ৰাপ্ত কৰাৰ বাবে অস্বীকাৰ কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া নহয়।

• প্ৰচাৰমূলক কাৰ্যকলাপৰ আয়োজন। আপুনি যদি Mi সম্প্ৰদায় বা Xiaomiৰ কোনো চচিয়েল মিডিয়া প্লেটফৰ্মৰ যোগেদি এটা ছুইপষ্টেক, প্ৰতিযোগিতা বা তেনে ধৰণৰ প্ৰচাৰত অংশগ্ৰহণ কৰে, তেন্তে আমি আপোনালৈ পুৰষ্কাৰ প্ৰেৰণ কৰিবলৈ আপুনি প্ৰদান কৰা ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব পাৰো।

• ব্যক্তিগতকৃত সেৱাসমূহ আৰু সমল প্ৰদান, বিজ্ঞাপনক সামৰি। আপোনাৰ গোপনীয়তাক সুৰক্ষা দিবলৈ, আপোনাক ব্যক্তিগতকৃত প্ৰডাক্ট, সেৱা আৰু কাৰ্যকলাপসমূহ, বিজ্ঞাপনক সামৰি, প্ৰদান কৰিবলৈ আমি আপোনাৰ নাম, ইমেইল, বা আপোনাক প্ৰত্যক্ষভাৱে চিনাক্ত কৰিব পৰা অন্য কোনো তথ্যৰ পৰিৱৰ্তে এটা অনন্য চিনাক্তকাৰী ব্যৱহাৰ কৰো।

আমি আমাৰ প্ৰডাক্ট, সেৱাসমূহ, সামগ্ৰী আৰু বিজ্ঞাপন প্ৰদান আৰু সেইবোৰ অধিক উন্নত কৰিবলৈ এই তথ্য অন্য তথ্যৰ (ইয়াত কম্পিউটাৰ, ম'বাইল ফোন, স্মাৰ্ট টিভি আৰু অন্য সংযুক্ত ডিভাইচসমূহৰ দৰে বিভিন্ন ডিভাইচ বা সেৱাত থকা তথ্যক সামৰি) সৈতে একত্ৰিত কৰিব পাৰো।

উদাহৰণ স্বৰূপে, আপুনি ব্যৱহাৰ কৰা যিবোৰ সেৱাৰ বাবে Mi একাউণ্ট একাউণ্টৰ প্ৰয়োজন হয়, সেই সকলো সেৱাতে আমি আপোনাৰ Mi একাউণ্টৰ সবিশেষ ব্যৱহাৰ কৰিব পাৰো। ইয়াৰ উপৰিও, আপোনাৰ বাবে অভিজ্ঞতা অধিক উন্নত কৰিবলৈ আৰু আমাৰ সেৱাসমূহ অধিক উন্নত কৰিবলৈ, প্ৰযোজ্য আইন আৰু অধিনিয়ম অনুসৰি আৰু আপোনাৰ অনুমতি সাপেক্ষে (য'ত প্ৰয়োজন হয়) লেবেল সৃষ্টি কৰা, পৰামৰ্শ দিয়া, সমল কাষ্টমাইজ কৰা আৰু সুবিধাসমূহ ব্যক্তিগতকৰণ কৰাৰ কাৰণে আপোনাৰ বা আপোনাৰ সৈতে জড়িত বিভিন্ন প্ৰডাক্ট, সেৱা আৰু সৰঞ্জামৰ পৰা তথ্য সংগ্ৰহ কৰি সেইবোৰ শ্ৰেণীবদ্ধ কৰো।

ব্যক্তিগতকৃত বিজ্ঞাপনৰ বাবে, এইসমূহ উদাহৰণস্বৰূপে আপোনাৰ কাৰ্যকলাপ, ব্যৱহাৰ, আমাৰ এপসমূহ আৰু সেৱাসমূহ সম্পৰ্কিত অগ্ৰাধিকাৰসমূহৰ ভিত্তিত প্ৰদান কৰা হ'ব। ওপৰত উল্লিখিত তথ্য বিশ্লেষণ কৰি আৰু খণ্ড নিৰ্মাণ কৰি (নিৰ্দিষ্ট উমৈহতীয়া বৈশিষ্ট্যসমূহৰ ভিত্তিত গোট সৃষ্টি কৰি) আৰু আপোনাৰ ব্যক্তিগত তথ্যক এটা বা তাতোধিক খণ্ডত ৰাখি আমি প্ৰ'ফাইলসমূহ সৃষ্টি কৰো। য'ত প্ৰযোজ্য আইনৰ অধীনত প্ৰয়োজন হয়, তাত লক্ষিত বিজ্ঞাপন কেৱল আপোনাৰ সন্মতি অনুসৰিহে কৰা হয়। আপুনি যিকোনো সময়তে ব্যক্তিগতকৃত বিজ্ঞাপনসমূহ লাভ কৰাটো বন্ধ আৰু প্ৰ'ফাইলিঙৰ বিৰোধিতা কৰাৰ অধিকাৰ থাকে, ইয়াত প্ৰত্যক্ষ বিপণনৰ উদ্দেশ্যে কৰা প্ৰ'ফাইলিঙো অন্তৰ্ভুক্ত হৈ থাকে।

আৰু ওপৰত উল্লেখ কৰা একত্ৰীকৰণ আৰু প্ৰযোজ্য আইনৰ প্ৰয়োজন অনুসৰি আমি এনে একত্ৰীকৰণৰ বাবে আপোনাক বিশেষ নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰদান কৰিম। আমাৰ প্ৰত্যক্ষ বিপণন প্ৰাপ্ত কৰা আৰু স্বয়ংক্ৰিয়ভাৱে সিদ্ধান্ত লোৱাটো বন্ধ কৰিবলৈ আপোনাৰ অধিকাৰ আছে। এই অধিকাৰসমূহ প্ৰয়োগ কৰিবলৈ, আপুনি ছেটিংছত (ছেটিংছ > পাছৱৰ্ড আৰু নিৰাপত্তা > গোপনীয়তা > বিজ্ঞাপন সেৱাসমূহ বা ছেটিংছ > পাছৱৰ্ড আৰু নিৰাপত্তা > ছিষ্টেম নিৰাপত্তা > বিজ্ঞাপন সেৱাসমূহ) যিকোনো সময়তে ইয়াক অন বা অফ কৰিব পাৰে বা আপুনি https://privacy.mi.com/supportৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে, বা প্ৰতিটো প্ৰডাক্টৰ পৃথক গোপনীয়তাৰ নীতিত বিৱৰিত নিয়ন্ত্ৰণ প্ৰক্ৰিয়াসমূহ চাব পাৰে। দয়া কৰি লগতে তলত "আপোনাৰ অধিকাৰসমূহ" চাওক।

2 কুকি আৰু অন্য প্ৰযুক্তিসমূহ

কুকি, ৱেব বীকন আৰু পিক্সেল টেগসমূহৰ দৰে প্ৰযুক্তিসমূহ Xiaomi আৰু আমাৰ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী আৰু ব্যৱসায়িক অংশীদাৰসকলে ব্যৱহাৰ কৰে (অধিক তথ্যৰ বাবে তলত "আমি কিদৰে আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বতৰা, হস্তান্তৰ আৰু ৰাজহুৱাভাৱে প্ৰকাশ কৰো চাওক)"। এই প্ৰযুক্তিসমূহ সামগ্ৰিকভাৱে ট্ৰেণ্ড বিশ্লেষণ কৰিবলৈ, ছাইট পৰিচালনা কৰিবলৈ, বেৱছাইটত ব্যৱহাৰকাৰীৰ গতিবিধি ট্ৰেক কৰিবলৈ, আৰু আমাৰ ব্যৱহাৰকাৰীসকলৰ বিষয়ে জনতাত্বিক তথ্য আহৰণৰ বাবে ব্যৱহাৰ কৰা হয়। আমি এই কোম্পানীসমূহ দ্বাৰা কোনো ব্যক্তিৰ ওপৰত এই প্ৰযুক্তিসমূহৰ ব্যৱহাৰৰ ওপৰত আধাৰিত সামগ্ৰিক ৰিপৰ্ট প্ৰাপ্ত কৰিব পাৰো। এই প্ৰযুক্তিসমূহে আমাক ব্যৱহাৰকাৰীৰ আচৰণক অধিক ভালদৰে বুজাত সহায় কৰে, ই আমাক জনায় যে মানুহে আমাৰ ৱেবছাইটৰ কোনটো অংশ চাইছে, লগতে বিজ্ঞাপন আৰু ৱেবত কৰা অনুসন্ধানৰ প্ৰভাৱক সহজ আৰু মূল্যাংকন কৰে।

• লগ ফাইলসমূহ: অধিকাংশ ৱেবছাইটৰ দৰে আমি কিছুমান নিৰ্দিষ্ট তথ্য সংগ্ৰহ কৰো আৰু লগ ফাইলসমূহত সঞ্চয় কৰি থও। এই তথ্যত ইণ্টাৰনেট প্ৰট'কল (IP) ঠিকনাসমূহ, ব্ৰাউজাৰৰ প্ৰকাৰ, ইণ্টাৰনেট সেৱা প্ৰদানকাৰী (ISP), প্ৰসংগ/প্ৰস্থান পৃষ্ঠাসমূহ, অপাৰেটিং ছিষ্টেম, তাৰিখ/সময় ষ্টাম্প, আৰু/বা ক্লিকষ্ট্ৰীম ডাটা অন্তৰ্ভুক্ত থাকিব পাৰে। আমি এই স্বয়ংক্ৰিয়ভাৱে সংগৃহীত ডাটা আপোনাৰ বিষয়ে সংগ্ৰহ কৰা অন্য তথ্যৰ সৈতে লিংক নকৰো।

• স্থানীয় সংগ্ৰহণ – HTML5/Flash: আমি সমল অগ্ৰাধিকাৰসমূহ সঞ্চয় কৰিবলৈ HTML5 বা Flashৰ দৰে স্থানীয় সংগ্ৰহণ অৱজেক্ট (LSOসমূহ) ব্যৱহাৰ কৰো। আমাৰ ছাইটত কোনো নিৰ্দিষ্ট বৈশিষ্ট্য প্ৰদান কৰিবলৈ বা আপোনাৰ ৱেব ব্ৰাউজিং কাৰ্যকলাপ অনুসৰি বিজ্ঞাপন প্ৰদৰ্শন কৰিবলৈ আমি ব্যৱসায়িক সহযোগিতা কৰা তৃতীয় পক্ষসমূহেও তথ্য সংগ্ৰহ আৰু সঞ্চয়ৰ বাবে HTML5 বা Flash কুকিসমূহ ব্যৱহাৰ কৰে। HTML5 LSOসমূহ আঁতৰোৱাৰ বাবে বিভিন্ন ব্ৰাউজাৰে তেওঁলোকৰ নিজা ব্যৱস্থাপনা সঁজুলি আগবঢ়াব পাৰে। Flash কুকিসমূহ ব্যৱস্থাপনৰ বাবে, দয়া কৰি ইয়াত ক্লিক কৰক

• বিজ্ঞাপন কুকিসমূহ: আমি আমাৰ ৱেবছাইটত বিজ্ঞাপন প্ৰদৰ্শন কৰিবলৈ বা অন্য ছাইটত আমাৰ বিজ্ঞাপন পৰিচালনা কৰিবলৈ আমাৰ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী আৰু ব্যৱসায়িক অংশীদাৰসকলৰ (অধিক তথ্যৰ বাবে তলত "আমি কিদৰে আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বতৰা, হস্তান্তৰ আৰু ৰাজহুৱাভাৱে প্ৰকাশ কৰো চাওক") সৈতে সহযোগ কৰো। আমাৰ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী আৰু ব্যৱসায়িক অংশীদাৰসকলে আপোনাৰ অনলাইন কাৰ্যকলাপ আৰু ৰাপসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ আৰু আপোনাৰ প্ৰ'ফাইল আৰু ৰাপসমূহৰ সৈতে অধিক সামঞ্জস্য থকা বিজ্ঞাপনসমূহ প্ৰদান কৰিবলৈ বিজ্ঞাপন কুকিসমূহ ব্যৱহাৰ কৰিব পাৰে। আমি আপোনাক এনে বিজ্ঞাপন সেৱা প্ৰদান কৰাৰ আগতে আপোনাৰ পৰা আগতীয়া সুস্পষ্ট সন্মতি আৰু বিৰোধহীনতাৰ স্পষ্ট ইতিবাচক সঁহাৰি আহৰণ কৰিম। আপুনি যদি আপোনাৰ আগ্ৰহ-ভিত্তিত বিজ্ঞাপন প্ৰদানৰ বাবে এই তথ্য ব্যৱহাৰ কৰাটো নিবিচাৰে, তেন্তে, আপুনি কুকি ছেটিংছ পৰিৱৰ্তন কৰি এইটো বন্ধ কৰিব পাৰে। https://preferences-mgr.truste.com

• ম'বাইল এনালিটিক্স: দৰ্শনকাৰীয়ে আমাৰ ৱেবছাইট কিদৰে ব্যৱহাৰ কৰে সেই সম্পৰ্কে তথ্য সংগ্ৰহ কৰিবলৈ আমি আমাৰ কিছুমান ম'বাইল এপ্লিকেশ্বনৰ ভিতৰত এনালিটিক্স কুকি ব্যৱহাৰ কৰো। এই কুকিসমূহে আপুনি কিমান সঘনাই এপ্লিকেশ্বনটো ব্যৱহাৰ কৰে, এপ্লিকেশ্বনটোৰ ভিতৰত সংঘটিত ইভেণ্টসমূহ, একত্ৰিত ব্যৱহাৰ, কাৰ্যদক্ষতা ডাটা আৰু এপ্লিকেশ্বনটোৰ ভিতৰত ক'ত ক্ৰেশ্ব সংঘটিত হয়, সেই তথ্য ৰেকৰ্ড কৰে। আমি এনালিটিক্স চফ্টৱেৰৰ ভিতৰত সঞ্চয় কৰা তথ্য আপুনি ম'বাইল এপ্লিকেশ্বনৰ ভিতৰত জমা দিয়া কোনো ব্যক্তিগত তথ্যৰ সৈতে লিংক নকৰো।

3 আপোনাৰ ব্যক্তিগত তথ্য আমি কেনেকৈ ভাগ-বতৰা, হস্তান্তৰ আৰু ৰাজহুৱাভাৱে প্ৰকাশ কৰো

3.1 ভাগ-বতৰা

আমি কোনো ব্যক্তিগত তথ্য তৃতীয় পক্ষক বিক্ৰী নকৰো।

আপোনাৰ প্ৰয়োজনীয়তাৰ ভিত্তিত প্ৰডাক্ট তথা সেৱাসমূহ আগবঢ়োৱাকে সামৰি আমাৰ প্ৰডাক্ট তথা সেৱাসমূহ প্ৰদান আৰু উন্নত কৰিবলৈ আমি কেতিয়াবা কেতিয়াবা তৃতীয় পক্ষসমূহৰ সৈতে আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বতৰা (তলত বৰ্ণনা কৰা অনুসৰি) কৰো। ডাটা ভাগ-বতৰাৰ বিষয়ে অধিক বিৱৰণ তলত উল্লেখ কৰা হৈছে।

3.1.1 আপুনি সক্ৰিয়ভাৱে পচন্দ বা অনুৰোধ কৰাসমূহৰ ভাগ-বতৰা

আপুনি সন্মতিৰে সৈতে বা আপোনাৰ অনুৰোধ মৰ্মে, আপুনি মনোনীত কৰা নিৰ্দিষ্ট তৃতীয় পক্ষসমূহৰ লগত আপোনাৰ সন্মতি/অনুৰোধৰ পৰিসৰৰ ভিতৰত থাকি আমি আপোনাৰ ব্যক্তিগত তথ্যৰ ভাগ-বতৰা কৰিম। উদাহৰণস্বৰূপে, আপুনি যেতিয়া এটা তৃতীয় পক্ষৰ ৱেবছাইট বা এপত ছাইন ইন কৰিবলৈ Mi একাউণ্ট ব্যৱহাৰ কৰে।

3.1.2 আমাৰ গোটৰ সৈতে তথ্যৰ ভাগ-বতৰা

বাণিজ্যিক কামকাজসমূহ সফলতাৰে পৰিচালনা কৰিবলৈ আৰু আমাৰ প্ৰডাক্ট তথা সেৱাসমূহৰ সকলো বৈশিষ্ট্য আপোনাৰ বাবে উপলব্ধ কৰিবলৈ, আমি Xiaomiৰ অন্য সহযোগী প্ৰতিষ্ঠানসমূহৰ সৈতে সময়ে সময়ে আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বতৰা কৰিব পাৰো।

3.1.3 আমাৰ গোটৰ ইক'ছিষ্টেম কোম্পানীসমূহৰ সৈতে ভাগ-বতৰা

Xiaomiয়ে বহু কোম্পানীৰ এটা গোটৰ সৈতে কাম কৰে, আৰু এইসমূহে একেলগে Mi ইক'ছিষ্টেমৰ সৃষ্টি কৰে। Mi ইক'ছিষ্টেম কোম্পানীসমূহ Xiaomiৰ দ্বাৰা বিনিয়োজিত আৰু বিকাশিত স্বতন্ত্ৰ কোম্পানী আৰু এই কোম্পানীসমূহ নিজৰ নিজৰ ক্ষেত্ৰত বিশেষজ্ঞ। Xiaomiয়ে আপোনাক Mi ইক'ছিষ্টেম কোম্পানীসমূহৰ ৰোমাঞ্চকৰ প্ৰডাক্ট আৰু সেৱাসমূহ প্ৰদান কৰিবলৈ আৰু সেইসমূহ উন্নত কৰিবলৈ (হাৰ্ডৱেৰ আৰু চফ্টৱেৰ দুয়োটা) আপোনাৰ ব্যক্তিগত তথ্য Mi ইক'ছিষ্টেম কোম্পানীসমূহৰ বাবে প্ৰকাশ কৰিব পাৰে। এই প্ৰডাক্ট বা সেৱাসমূহৰ কিছুমান Xiaomi ব্ৰেণ্ডৰ অধীনত থাকিলেও আনসমূহে তেওঁলোকৰ নিজৰ ব্ৰেণ্ড ব্যৱহাৰ কৰিব পাৰে। Mi ইক'ছিষ্টেম কোম্পানীসমূহেও হাৰ্ডৱেৰ আৰু চফ্টৱেৰ সেৱাসমূহ প্ৰদান কৰিবলৈ, আৰু অধিক উন্নত ফাংচন আৰু ব্যৱহাৰকাৰী অভিজ্ঞতা নিশ্চিত কৰিবলৈ সময়ে সময়ে Xiaomi ব্ৰেণ্ড আৰু Xiaomiৰ প্ৰডাক্ট বা সেৱাসমূহৰ সৈতে সম্পৰ্কীয় তথ্য Xiaomiৰ সৈতে ভাগ-বতৰা কৰিব পাৰে। আপোনাৰ ব্যক্তিগত তথ্য সংসাধনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ, ব্যক্তিগত তথ্যৰ এনক্ৰিপশ্বনক সামৰি, কিন্তু তাতে সীমাবদ্ধ নাথাকি Xiaomiয়ে উপযুক্ত সাংগঠনিক আৰু কাৰিকৰী পদক্ষেপ হাতত ল'ব।

3.1.4 তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী আৰু বাণিজ্যিক সহযোগীসকলৰ সৈতে ভাগ-বতৰা

এই গোপনীয়তাৰ নীতিত বৰ্ণিত প্ৰডাক্ট তথা সেৱাসমূহ আপোনাক প্ৰদান কৰাত আমাক সহায় কৰিবৰ বাবে, য'ত প্ৰয়োজন হয় তাত, আমি আমাৰ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী আৰু বাণিজ্যিক সহযোগীসকলৰ সৈতে আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বতৰা কৰিব পাৰো।

ইয়াৰ ভিতৰত আছে আমাৰ বিতৰণ সেৱা প্ৰদানকাৰীসকল, ডাটা চেণ্টাৰসমূহ, ডাটা সংগ্ৰহণ কেন্দ্ৰসমূহ, গ্ৰাহক সেৱা প্ৰদানকাৰীসকল, বিজ্ঞাপন তথা বিপণন সেৱা প্ৰদানকাৰীসকল আৰু অন্যান্য বাণিজ্যিক সহযোগীসকল। এই তৃতীয় পক্ষসমূহে Xiaomiৰ হৈ বা এই গোপনীয়তাৰ নীতিৰ এটা বা তাতোধিক উদ্দেশ্যত আপোনাৰ ব্যক্তিগত তথ্য সংসাধন কৰিব পাৰে। আমি নিশ্চয়তা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰতিবদ্ধ যে আপোনাক সেৱা আগবঢ়াবলৈ প্ৰয়োজন হোৱা ব্যক্তিগত তথ্যৰ ভাগ-বতৰা কৰা কাৰ্য কেৱল বিধিসন্মত, আইনী, অপৰিহাৰ্য, সুনিৰ্দিষ্ট আৰু স্পষ্টৰূপে প্ৰকাশিত উদ্দেশ্যৰ বাবেহে। তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীসকলে আপোনাৰ অধিকাৰক্ষেত্ৰত প্ৰযোজ্য গোপনীয়তাৰ বিধি মানি চলাটো সুনিশ্চিত কৰাৰ ক্ষেত্ৰত Xiaomiয়ে যথোচিতভাৱে চকু দিব আৰু চুক্তি সম্পাদন কৰিব। কোনো কোনো ক্ষেত্ৰত তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীসকলৰ নিজা উপ-সংসাধকো থাকিব পাৰে।

কাৰ্যদক্ষতাৰ পৰিমাপ, বিশ্লেষণ আৰু অন্যান্য বাণিজ্যিক সেৱা প্ৰদান কৰিবলৈ, আমি একত্ৰিত ৰূপত তৃতীয় পক্ষসমূহৰ (আমাৰ ৱেবছাইটসমূহত থকা বিজ্ঞাপনদাতাসকলৰ দৰে) সৈতেও আমি তথ্য (অনা-ব্যক্তিগত তথ্য) ভাগ-বতৰা কৰিব পাৰো। আমি বিজ্ঞাপনদাতা তথা অন্যান্য ব্যৱসায়িক অংশীদাৰসকলক তেওঁলোকৰ বিজ্ঞাপন কাৰ্য তথা সেৱাসমূহৰ সাৰ্থকতা আৰু ক'ভাৰেজ মূল্যায়ন কৰাত সহায় কৰিবলৈ আমাৰ ওচৰত থকা তথ্যৰ ব্যৱহাৰ কৰো, আৰু তেওঁলোকৰ সেৱাসমূহ ব্যৱহাৰ কৰা লোকসকলৰ প্ৰকৃতি কেনেধৰণৰ আৰু তেওঁলোকৰ ৱেবছাইট, এপ তথা সেৱাসমূহ মানুহে কিদৰে ব্যৱহাৰ কৰে তাৰ বুজ লও। আমি তেওঁলোকৰ সৈতে আমাৰ সেৱাসমূহৰ সাধাৰণ ব্যৱহাৰ ট্ৰেণ্ডসমূহো বিনিময় কৰো, যেনে মানুহৰ এটা নিৰ্দিষ্ট গোটত কোনো এক নিৰ্দিষ্ট প্ৰডাক্ট ক্ৰয় কৰা বা কোনো নিৰ্দিষ্ট লেনদেনত জড়িত থকা উপভোক্তাসকলৰ সংখ্যা।

3.1.5 অন্যান্য

আইনী প্ৰয়োজনীতা, আইনী প্ৰক্ৰিয়া, মেল-মোকৰ্দমা অনুসৰি আৰু/বা ৰাজহুৱা এজেন্সি তথা চৰকাৰী এজেন্সিসমূহৰ অনুৰোধ মৰ্মে, Xiaomiয়ে আপোনাৰ ব্যক্তিগত তথ্য প্ৰকাশ কৰিবলগীয়া হ'ব পাৰে। যদিহে প্ৰকাশকৰণ ৰাষ্ট্ৰীয় সুৰক্ষা, আইন বলৱৎ, বা অন্য জন-স্বাৰ্থমূলক কাৰণত অপৰিহাৰ্য বা যথোচিত হয়, তেতিয়াও আমি আপোনাৰ তথ্য প্ৰকাশ কৰিব পাৰো।

আমাৰ চৰ্তসমূহ কাৰ্যকৰী কৰিবলৈ বা আমাৰ ব্যৱসায়, আধিকাৰ, সম্পদ, প্ৰডাক্টসমূহ সুৰক্ষিত কৰিবলৈ, নাইবা ব্যৱহাৰকাৰীসকলক সুৰক্ষা প্ৰদান কৰিবলৈ, অথবা যদিহে তলত দিয়া উদ্দেশ্যসমূহৰ (প্ৰডাক্টৰ কৰ্তৃত্বহীন ব্যৱহাৰ নিৰ্ণয়, প্ৰতিৰোধ বা প্ৰবঞ্চনাৰ সমস্যা সমাধান, আমাৰ চৰ্ত বা নীতিসমূহৰ উলংঘন, বা অন্য অনিষ্টকৰ বা বেআইনী কাৰ্যকলাপ) বাবে এই প্ৰকাশকৰণ যথাৰ্থভাৱে অপৰিহাৰ্য হয়, তেন্তে তেতিয়াও আমি আপোনাৰ তথ্য প্ৰকাশ কৰিব পাৰো। (Xiaomiয়ে আপোনাৰ ব্যক্তিগত তথ্য সংগ্ৰহ, ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰে, অৱশ্যে ই কেৱল প্ৰযোজ্য তথ্য সুৰক্ষা আইনৰ অধীনত অনুমতি দিয়া পৰ্যন্তহে)। ই আপোনাৰ ব্যক্তিগত তথ্য জনসাধাৰণ বা চৰকাৰী এজেন্সিসমূহক প্ৰদান; প্ৰবঞ্চনা, উলংঘন আৰু অন্য হানিকাৰক আচৰণ প্ৰতিৰোধ কৰিবলৈ আপোনাৰ একাউণ্টৰ বিশ্বাসযোগ্যতা সম্পৰ্কে তৃতীয় পক্ষৰ অংশীদাৰসকলৰ সৈতে যোগাযোগ কৰা কাৰ্যক সামৰি ল'ব পাৰে।

তাৰোপৰি, আমি এইসমূহৰ সৈতে আপোনাৰ ব্যক্তিগত তথ্য ভাগ-বতৰা কৰিব পাৰো:

• আমি পেছাদাৰী পৰামৰ্শ বিচাৰোতে আমাক পৰামৰ্শ দিয়া হিচাপৰক্ষক, হিচাপ পৰীক্ষক, আইনজীৱি, বা তেনেধৰণৰ পৰামৰ্শদাতাসকলৰ সৈতে; আৰু

• Xiaomi গোটত থকা এটা সংস্থাৰ সৈতে সম্পৰ্ক থকা এটা বাস্তৱিক অথবা সম্ভাব্য বিক্ৰী নাইবা বাণিজ্যিক লেনদেন কৰাৰ ক্ষেত্ৰত বিনিয়োগকাৰী তথা অন্যান্য প্ৰাসংগিক তৃতীয় পক্ষসমূহৰ সৈতে; আৰু

• এই গোপনীয়তাৰ নীতিত বিশদভাৱে উল্লেখ কৰা বা অন্যভাৱে আপোনাক অধিসূচিত কৰা অন্য তৃতীয় পক্ষসমূহৰ সৈতে, লগতে আপুনি নিৰ্দিষ্ট প্ৰকাশকৰণৰ সন্দৰ্ভত তেনে কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিলে।

3.2 হস্তান্তৰ

তলত দিয়া পৰিস্থিতিসমূহৰ বাহিৰে আন ক্ষেত্ৰত Xiaomiয়ে কোনো ব্যক্তিলৈ আপোনাৰ তথ্য হস্তান্তৰ নকৰে:

• যেতিয়া আমি আপোনাৰ পৰা স্পষ্ট সন্মতি আদায় কৰো;

• যেতিয়া Xiaomi আপোনাৰ ব্যক্তিগত তথ্যক প্ৰভাৱিত কৰিব পৰা ইয়াৰ সকলোবোৰ বা আংশিক সম্পত্তি বিলয়ন, অধিগ্ৰহণ বা বিক্ৰী কৰা কাৰ্যত জড়িত হয়, তেতিয়া আমি মালিকীস্বত্ব, ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা সাল-সলনি আৰু আপোনাৰ ব্যক্তিগত তথ্যৰ ক্ষেত্ৰত আপোনাৰ বাবে থকা কোনো বিকল্পৰ বিষয়ে ই-মেইল আৰু/বা আমাৰ ৱেবছাইটবোৰত এক গুৰুত্বপূৰ্ণ জাননী জাৰী কৰি বা অন্য উপযুক্ত পদ্ধতিৰে আপোনাক অৱগত কৰিম।

• এই গোপনীয়তাৰ নীতিত উল্লিখিত পৰিস্থিতিসমূহত বা আপোনাক অধিসূচিত কৰা অনুসৰি।

3.3 ৰাজহুৱা প্ৰকাশ

নিম্নলিখিত পৰিস্থিতিসমূহত Xiaomiয়ে আপোনাৰ ব্যক্তিগত তথ্য ৰাজহুৱাভাৱে প্ৰকাশ কৰিব পাৰে:

• যেতিয়া আমি কোনো প্ৰচাৰ, প্ৰতিযোগিতা, বা ছুইপষ্টেকৰ বাবে বিজয়ীৰ নাম ঘোষণা কৰিবলগীয়া হয়, অৱশ্যে এই ক্ষেত্ৰত আমি কেৱল সীমিত তথ্যহে প্ৰকাশ কৰো;

• যেতিয়া আমি আপোনাৰ পৰা স্পষ্ট সন্মতি আহৰণ কৰো, বা যেতিয়া আপুনি সেই তথ্য চ'চিয়েল মিডিয়া পৃষ্ঠা বা ৰাজহুৱা ফ'ৰামসমূহৰ দৰে আমাৰ সেৱাসমূহৰ যোগেদি প্ৰকাশ কৰে; আৰু

• আইন বা যুক্তিৰ ভিত্তিত ৰাজহুৱাভাৱে প্ৰকাশ: ইয়াত আছে আইন আৰু বিধি-ব্যৱস্থাসমূহ, আইনী প্ৰক্ৰিয়াসমূহ, মেল-মোকৰ্দমা, বা কৰ্তৃত্বসম্পন্ন চৰকাৰী বিভাগসমূহৰ অনুৰোধ।

4 আপোনাৰ ব্যক্তিগত তথ্য আমি কেনেকৈ মজুত তথা সুৰক্ষিত কৰি ৰাখো

4.1 Xiaomiৰ নিৰাপত্তা কবচ

আপোনাৰ ব্যক্তিগত তথ্য নিৰাপদে ৰাখিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। আমি আপোনাৰ ম'বাইল ডিভাইচ আৰু Xiaomi ৱেবছাইটৰ পৰা সংগ্ৰহ কৰা তথ্য ৰক্ষা কৰিবলৈ আৰু সেইসমূহৰ সুৰক্ষা প্ৰদানৰ বাবে সেইসমূহলৈ কৰ্তৃত্বহীন প্ৰৱেশ, ফাদিল বা অন্য তেনে বিপদাশংকা প্ৰতিৰোধ কৰিবলৈ, আমি আইনসন্মতভাৱে প্ৰয়োজনীয় যথেষ্ট বাস্তৱিক, ইলেক্ট্ৰনিক আৰু পৰিচালনা সংক্ৰান্তীয় পদ্ধতি ব্যৱহাৰ কৰিছো। আমি প্ৰযোজ্য আইন অনুযায়ী আপোনাৰ ব্যক্তিগত তথ্যক সুৰক্ষিত কৰাটো সুনিশ্চিত কৰিম।

উদাহৰণস্বৰূপে, আপুনি আপোনাৰ Mi একাউণ্টলৈ প্ৰৱেশ কৰোতে অধিক নিৰাপত্তাৰ বাবে আমাৰ দুটা-পৰ্যায়ৰ সত্যাপন প্ৰ'গ্ৰাম পচন্দ কৰিব পাৰে, আৰু আমি আপোনাক তেনে কৰিবলৈ দৃঢ় পৰামৰ্শ দিও। যেতিয়া আপোনাৰ ব্যক্তিগত তথ্য আপোনাৰ Xiaomi ডিভাইচ আৰু আমাৰ ছাৰ্ভাৰৰ মাজত প্ৰচাৰণ হৈ থাকে, তেতিয়া আমি ট্ৰেন্সপ'ৰ্ট লেয়াৰ চিকিউৰিটি (TLS) আৰু সঠিক এনক্ৰিপশ্বন এলগ'ৰিদম ব্যৱহাৰ কৰি সেই ডাটাক এনক্ৰিপ্ট কৰাটো নিশ্চিত কৰো।

আপোনাৰ সকলো ব্যক্তিগত তথ্য এনে সুৰক্ষিত ছাৰ্ভাৰত সঞ্চিত আৰু নিয়ন্ত্ৰিত পৰিৱেশত সংৰক্ষিত কৰা হয়। আমি গুৰুত্ব আৰু স্পৰ্শকাতৰতাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ তথ্যৰ শ্ৰেণীবিভাজন কৰো আৰু আপোনাৰ ব্যক্তিগত তথ্যৰ বাবে প্ৰয়োজনীয় স্তৰৰ নিৰাপত্তা নিশ্চিত কৰো। ক্লাউড-আধাৰিত ডাটা সংগ্ৰহণৰ বাবে আমাৰ বিশেষ প্ৰৱেশ নিয়ন্ত্ৰণ আছে, আৰু কোনো কৰ্তৃত্বহীন প্ৰৱেশ আৰু ব্যৱহাৰৰ পৰা তথ্য ৰক্ষা কৰিবলৈ আমি ভৌতিক নিৰাপত্তা পদক্ষেপসমূহক সামৰি আমাৰ তথ্য সংগ্ৰহ, সংগ্ৰহণ আৰু সংসাধন পদ্ধতি নিয়মীয়াকৈ সমীক্ষা কৰো।

আমাৰ বাণিজ্যিক অংশীদাৰ তথা তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীসকলে যাতে আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰি ৰখাত সক্ষম হয় তাক সুনিশ্চিত কৰিবলৈ আমি তেওঁলোকৰ ওপৰত যথোচিতভাৱে চকু দিও। চুক্তিমূলক প্ৰতিবন্ধকতাসমূহ প্ৰয়োগৰ দ্বাৰা আৰু প্ৰয়োজনবশতঃ গণনা আৰু মূল্যায়ন কাৰ্য সম্পন্ন কৰি এই তৃতীয় পক্ষসমূহে যথোপযুক্ত সুৰক্ষা মান বাহাল ৰাখিছে নে নাই সেয়াও আমি পৰীক্ষা কৰো। তাৰ লগতে, আপোনাৰ ব্যক্তিগত তথ্যলৈ প্ৰৱেশ কৰা আমাৰ কৰ্মচাৰীসকল আৰু আমাৰ বাণিজ্যিক অংশীদাৰ তথা তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীসকল গোপনীয়তাৰ আৰোপযোগ্য চুক্তিমূলক বাধ্যবাধকতাসমূহ মানি চলাৰ বাবে বাধ্য।

ব্যক্তিগত তথ্যক নিৰাপত্তা প্ৰদান কৰা বিষয়টোৰ গুৰুত্বৰ ওপৰত আমাৰ কৰ্মচাৰীসকলৰ সজাগতা বৃদ্ধিৰ বাবে আমি নিৰাপত্তা তথা গোপনীয়তা ৰক্ষা প্ৰশিক্ষণৰ পাঠ্যক্ৰম অনুষ্ঠিত কৰো। আপোনাৰ ব্যক্তিগত তথ্যক সুৰক্ষাকবচ প্ৰদান কৰিবলৈ আমি সকলোবোৰ ব্যৱহাৰযোগ্য তথা আইনীভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিম। অৱশ্যে, আপুনি সচেতন হোৱা উচিত যে ইণ্টাৰনেটৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিৰাপদ নহয়, আৰু এইটো কাৰণতে ইণ্টাৰনেটৰ জৰিয়তে আপোনাৰ পৰা বা আপোনালৈ হস্তান্তৰিত হওতে যিকোনো ব্যক্তিগত তথ্যৰ নিৰাপত্তা বা অখণ্ডতাৰ আমি নিশ্চয়তা দিব নোৱাৰো।

আমি প্ৰযোজ্য তথ্য সুৰক্ষা আইনৰ দ্বাৰা ব্যক্তিগত তথ্য উলংঘনক নিয়ন্ত্ৰণ কৰো, য’ত প্ৰয়োজন বোধে, সংশ্লিষ্ট তথ্য সুৰক্ষা নিৰীক্ষণ প্ৰাধিকৰণক সেই উলংঘনৰ বিষয়ে অৱগত কৰাটোও অন্তৰ্ভুক্ত হৈ থাকে।

আমাৰ তথ্য নিৰাপত্তা নীতি আৰু পদ্ধতিসমূহক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডসমূহক মানি চলি তৈয়াৰ কৰা হৈছে, আৰু এইসমূহ নিৰাপত্তা পদক্ষেপসমূহৰ দক্ষতাৰ সত্যাপনৰ বাবে সম্পন্ন কৰা তৃতীয়-পক্ষৰ পৰীক্ষণত নিয়মীয়াভাৱে উত্তীৰ্ণ হয়। Xiaomi ইনফৰমেচন ছিষ্টেমে ইনফৰমেচন চিকিউৰিটি মেনেজমেণ্ট ছিষ্টেম (ISMS)ৰ বাবে ISO/IEC 27001:2013 প্ৰমাণীকৰণ আহৰণ কৰিছে। Xiaomi ই-কমাৰ্ছ আৰু Mi গৃহ IoT প্লেটফৰ্মে পাৰ্চনেল ইনফৰমেচন মেনেজমেণ্ট ছিষ্টেম (PIMS)ৰ বাবে ISO/IEC 27701:2019 প্ৰমাণীকৰণ আহৰণ কৰিছে। MIUIয়ে ৰাজহুৱা ক্লাউড ব্যক্তিগত তথ্য সুৰক্ষাৰ বাবে ISO/IEC 27018:2019 প্ৰমাণীকৰণ আহৰণ কৰিছে।

4.2 আপুনি কি কৰিব পাৰে

অন্য ৱেবছাইটসমূহৰ পাছৱৰ্ড ফাদিল হৈ পৰিলে আপোনাৰ Xiaomiৰ একাউণ্টটোৰ নিৰাপত্তা হানি হ'ব পৰাকৈ আপোনাৰ লগইন পাছৱৰ্ড বা একাউণ্ট তথ্য কাৰো আগত প্ৰকাশ নকৰাকৈ (যদিহে তেনে এজন ব্যক্তি আপোনাৰ কৰ্তৃত্ব-প্ৰাপ্ত লোক নহয়) Xiaomiৰ বাবে এটা অনন্য পাছৱৰ্ড ছেট কৰিব পাৰে। সম্ভৱ হ'লে, দয়া কৰি কাৰো আগত আপুনি প্ৰাপ্ত কৰা সত্যাপন ক'ডটো প্ৰকাশ নকৰিব (নিজকে Xiaomi গ্ৰাহক সেৱাৰ বুলি দাবী কৰা ব্যক্তিসকলক সামৰি)। যেতিয়া আপুনি বিশেষকৈ অন্য কাৰোবাৰ কম্পিউটাৰ বা ৰাজহুৱা ইণ্টাৰনেট টাৰ্মিনেলসমূহৰ পৰা Xiaomi ৱেবছাইটত এজন Mi একাউণ্ট ব্যৱহাৰকাৰী ৰূপে লগ ইন কৰে, তেতিয়া আপুনি ছেচনৰ অন্তত সদায় লগ আউট কৰা উচিত।

আপোনাৰ ব্যক্তিগত তথ্য গোপনীয়কৈ ৰখাৰ বিফলতাৰ ফলাফলস্বৰূপে যদি কোনো তৃতীয় পক্ষই আপোনাৰ ব্যক্তিগত তথ্যলৈ প্ৰৱেশ লাভ কৰে, তেন্তে তাৰ বাবে Xiaomiক জগৰীয়া কৰিব নোৱাৰি। ইতিপূৰ্বে উল্লেখ কৰা সমূহৰ উপৰিও, যদি আপোনাৰ একাউণ্ট অন্য কোনো ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে কৰ্তৃত্বহীনভাৱে ব্যৱহাৰ কৰে বা অন্য কোনো নিৰাপত্তা লংঘন হয়, তেন্তে আপুনি আমাক অবিলম্বে অধিসূচিত কৰা উচিত। আপোনাৰ সহায়ে আপোনাৰ ব্যক্তিগত তথ্যৰ গোপনীয়তা ৰক্ষা কৰাত আমাক সহায় কৰিব।

4.3 আপোনাৰ ডিভাইচত অন্য বৈশিষ্ট্যসমূহলৈ প্ৰৱেশাধিকাৰ

আমাৰ এপ্লিকেশ্বনসমূহে সম্পৰ্ক, এছএমএছ সংগ্ৰহণ, আৰু ৱাই-ফাই নেটৱৰ্ক স্থিতি ইত্যাদি ব্যৱহাৰ কৰিবলৈ ইমেইল সক্ষম কৰাকে সামৰি আপোনাৰ ডিভাইচৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্যলৈ প্ৰৱেশাধিকাৰৰ প্ৰয়োজন হ'ব পাৰে। এই তথ্যই এপ্লিকেশ্বনসমূহক আপোনাৰ ডিভাইচক চলিবলৈ আৰু এপ্লিকেশ্বনসমূহৰ সৈতে আপোনাক ভাৱ-বিনিময় কৰিবলৈ অনুমতি দিয়ে। আপুনি ডিভাইচৰ পৰ্যায়ত সেইবোৰ অফ কৰাৰ দ্বাৰা বা https://privacy.mi.com/supportৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰি যিকোনো সময়তে আপোনাৰ অনুমতিসমূহ প্ৰত্যাহাৰ কৰিব পাৰে।

4.4 ধাৰণ নীতি

এক নিৰ্দিষ্ট প্ৰডাক্ট বা সেৱাৰ বাবে প্ৰদান কৰা অথবা প্ৰযোজ্য আইন ব্যৱস্থাৰ প্ৰয়োজনীয়তা অনুসৰি এই গোপনীয়তাৰ নীতি বা যিকোনো সুকীয়া গোপনীয়তাৰ নীতিত বৰ্ণিত তথ্য সংগ্ৰহৰ উদ্দেশ্যে প্ৰয়োজনীয় সময়কালৰ বাবে আমি ব্যক্তিগত তথ্যবোৰ ধৰি ৰাখো। ধাৰণ কালৰ বিষয়ে সবিশেষ নিৰ্দিষ্ট সেৱা বা সংশ্লিষ্ট প্ৰডাক্টৰ পৃষ্ঠাটোত স্পষ্টকৈ উল্লেখ কৰা হয়। তথ্য সংগ্ৰহৰ উদ্দেশ্য এবাৰ সম্পূৰ্ণ হৈ উঠাৰ পাছত, বা বিলোপৰ বাবে আমি আপোনাৰ অনুৰোধ লাভ কৰাটো নিশ্চিত কৰাৰ পাছত, নাইবা সংশ্লিষ্ট প্ৰডাক্ট বা সেৱাটোৰ কাম-কাজ বাতিল কৰাৰ পাছত, আমি ব্যক্তিগত তথ্য ধাৰণ কৰাটো বন্ধ কৰিম তথা সেইবোৰ বিলোপ কৰিম বা পৰিচয়বিহীন কৰি তুলিম। যি ক্ষেত্ৰত সম্ভৱ, সেই ক্ষেত্ৰত আমি সাধাৰণতে কিমান দিন ব্যক্তিগত ডাটাৰ চিনাক্তকৃত বৰ্গ, প্ৰকাৰ বা আইটেমসমূহ ধৰি ৰাখো তাৰ ইংগিত দিছো। এই ধাৰণ সময়কালসমূহৰ সম্পৰ্কে সিদ্ধান্ত লওতে, আমি নিম্নলিখিত বিষয়সমূহ বিৱেচনা কৰো:

• ব্যক্তিগত ডাটাৰ পৰিমাণ, প্ৰকৃতি আৰু স্পৰ্শকাতৰতা

• কৰ্তৃত্বহীন ব্যৱহাৰ বা প্ৰকাশৰ ফলত হ'ব পৰা বিপদৰ আশংকা

• যি কাৰণৰ বাবে আমি ব্যক্তিগত তথ্য সংসাধন কৰো সেই কাৰণসমূহ আৰু এই কাৰণসমূহৰ বাবে নিৰ্দিষ্ট ডাটা আমাক কিমান সময়ৰ বাবে প্ৰয়োজন হ'ব

• ব্যক্তিগত ডাটা কিমান দিনৰ বাবে সঠিক আৰু আপ-টু-ডেট হৈ থকাৰ সম্ভাৱনা আছে

• ভৱিষ্যতৰ আইনী দাৱীৰ ক্ষেত্ৰত ব্যক্তিগত ডাটা কিমান দিন পৰ্যন্ত প্ৰাসংগিক হৈ থাকিব পাৰে

• কোনো প্ৰযোজ্য আইনী, একাউণ্টিং, ৰিপৰ্টিং বা বিধিনিয়মমূলক প্ৰয়োজনীয়তাৰ বাবে কিছুমান ৰেকৰ্ড কিমান দিন পৰ্যন্ত ৰাখিবলগীয়া হয়।

আপোনাৰ অধিকাৰক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰি, ব্যক্তিগত তথ্যৰ ক্ষেত্ৰত ইয়াৰ এক ব্যতিক্ৰম হ'ল আমি জন-স্বাৰ্থ, বৈজ্ঞানিক, ঐতিহাসিক গৱেষণা, বা পৰিসংখ্যাজনিত উদ্দেশ্যসমূহৰ বাবে ব্যক্তিগত তথ্য সংসাধন কৰো। প্ৰযোজ্য আইন বা আপোনাৰ অনুৰোধৰ আধাৰত অনুমতি লাভ কৰিলে তথ্য সংগ্ৰহৰ মূল উদ্দেশ্যৰ সম্পৰ্কৰ সৈতে পৰৱৰ্তী তথ্য সংসাধনৰ কোনো সম্পৰ্ক নেথাকিলেও Xiaomiয়ে ইয়াৰ প্ৰয়োজনীয়তা আৰু স্বীকৃত ধাৰণ কালতকৈ বেছিদিনৰ বাবে এই ধৰণৰ তথ্যবোৰ ধৰি ৰাখিব।

5 আপোনাৰ অধিকাৰসমূহ

আপোনাৰ ব্যক্তিগত তথ্যৰ নিয়ন্ত্ৰণ

5.1 ছেটিংছ নিয়ন্ত্ৰণ

Xiaomiয়ে স্বীকাৰ কৰে যে ব্যক্তি বিশেষে গোপনীয়তা সম্পৰ্কীয় ধাৰণা ভিন্ন হ'ব পাৰে। সেয়েহে, আমি আপোনাক আপোনাৰ ব্যক্তিগত তথ্যৰ সংগ্ৰহ, ব্যৱহাৰ, প্ৰকাশ বা সংসাধন প্ৰতিবন্ধিত আৰু আপোনাৰ গোপনীয়তা ছেটিংছ নিয়ন্ত্ৰণ কৰিবলৈ Xiaomiয়ে প্ৰদান কৰা উপায়সমূহৰ উদাহৰণ প্ৰদান কৰো।

• ব্যৱহাৰকাৰী অভিজ্ঞতা কাৰ্যসূচী আৰু অৱস্থানলৈ প্ৰৱেশ ফাংচনসমূহৰ বাবে অন/অফ ট'গল;

• Mi একাউণ্টলৈ লগ ইন বা লগ আউট;

• Xiaomi ক্লাউড চিংক ফাংচনসমূহৰ বাবে অন/অফ ট'গল; আৰু

• Xiaomi ক্লাউডত সঞ্চিত যিকোনো তথ্য https://i.mi.comৰ মাধ্যমেৰে বিলোপ;

• স্পৰ্শকাতৰ আৰু ব্যক্তিগত তথ্যৰ সৈতে সম্পৰ্কিত অন্য সেৱা আৰু কাৰ্যক্ষমতাসমূহ অন/অফ ট'গল। আপুনি আপোনাৰ ডিভাইচৰ নিৰাপত্তা স্থিতি সম্পৰ্কীয় অধিক বিৱৰণ MIUI নিৰাপত্তা এপৰ পৰাও আহৰণ কৰিব পাৰে।

যদি ওপৰত উল্লেখ কৰা উদ্দেশ্যসমূহৰ বাবে আমি আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰাত আপুনি সন্মত হৈছিল, তেন্তে আপুনি যিকোনো সময়তে https://privacy.mi.com/supportৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰি আপোনাৰ মন পৰিৱৰ্তন কৰিব পাৰে।

5.2 আপোনাৰ ব্যক্তিগত তথ্যৰ ওপৰত আপোনাৰ অধিকাৰ

প্ৰযোজ্য আইন আৰু বিধিনিয়মৰ ওপৰত নিৰ্ভৰ কৰি, আমি আপোনাৰ বিষয়ে ধৰি ৰখা অন্য যিকোনো তথ্যলৈ প্ৰৱেশ, আৰু সেইসমূহ সংশোধন, মচি পেলোৱাৰ (আৰু অন্য কিছু নিৰ্দিষ্ট অধিকাৰ) অধিকাৰ আপোনাৰ থাকিব পাৰে (ইয়াৰ পিছৰ পৰা ইয়াক অনুৰোধ বুলি অভিহিত কৰা হ’ব)। এই অধিকাৰসমূহ প্ৰযোজ্য আইনসমূহৰ অধীনত নিৰ্দিষ্ট বৰ্জন আৰু ব্যতিক্ৰমসমূহৰ ওপৰত নিৰ্ভৰ কৰিব।

আপোনাৰ Mi একাউণ্টত থকা ব্যক্তিগত তথ্যৰ সৈতে সম্পৰ্কিত বিৱৰণসমূহ https://account.xiaomi.comত বা আপোনাৰ ডিভাইচত আপোনাৰ একাউণ্টত লগ ইন কৰিও প্ৰৱেশ বা নবীকৰণ কৰিব পাৰে। অতিৰিক্ত তথ্যৰ বাবে, দয়া কৰি https://privacy.mi.com/supportৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰক।

আপোনাৰ অনুৰোধে নিম্নলিখিত চৰ্তসমূহ পুৰণ কৰিলে ই আপোনাৰ অনুৰোধ দক্ষতাৰে সংসাধন কৰাত আমাক সহায় কৰিব:

(1) অনুৰোধ ওপৰত উল্লেখ কৰা Xiaomiৰ স্বতন্ত্ৰ অনুৰোধ চেনেলৰ যোগেদি জমা দিব লাগিব আৰু আপোনাৰ তথ্যৰ নিৰপত্তা সুৰক্ষিত কৰাৰ বাবে, আপোনাৰ এই অনুৰোধ লিখিত হ’ব লাগিব (যদিহে স্থানীয় আইনে স্পষ্ট ৰূপত মৌখিক অনুৰোধ স্বীকাৰ নকৰে);

(2) আপোনাৰ পৰিচয় সত্যাপন কৰাত Xiaomiক সক্ষম কৰি তুলিবলৈ আপুনি পৰ্যাপ্ত তথ্য প্ৰদান কৰিব আৰু নিশ্চিত কৰিব যে আপুনিয়েই হ'ল ডাটাৰ বিষয় বা ডাটা বিষয়ৰ হৈ কাম কৰাৰ বাবে আইনসন্মতভাৱে কৰ্তৃত্বপ্ৰাপ্ত।

আপোনাৰ অনুৰোধ সংসাধন কৰিব পাৰি বুলি নিশ্চিত কৰিবলৈ আমি যেতিয়া এবাৰ পৰ্যাপ্ত তথ্য লাভ কৰিম, তেতিয়া আপোনাৰ প্ৰযোজ্য তথ্য সুৰক্ষা আইনত উল্লেখ কৰা যিকোনো সময়সীমাৰ ভিতৰত আপোনাৰ অনুৰোধৰ উত্তৰ দিবলৈ চেষ্টা কৰিম।

বিস্তৃতভাৱে:

• আপোনাৰ ব্যক্তিগত তথ্য আমি কেনেকৈ ব্যৱহাৰ কৰো সেই বিষয়ে আৰু লগতে আপোনাৰ অধিকাৰসমূহৰ বিষয়ে স্পষ্ট, স্বচ্ছভাৱে আৰু সহজে বুজি পোৱাকৈ তথ্য লাভ কৰাৰ অধিকাৰ আপোনাৰ আছে। সেইবাবেই এই গোপনীয়তাৰ নীতিত আমি আপোনাক তথ্য প্ৰদান কৰিছো।

• প্ৰযোজ্য আইনৰ প্ৰয়োজনীয়তাৰ আধাৰত, আমি সংগ্ৰহ তথা সংসাধন কৰা আপোনাৰ ব্যক্তিগত তথ্যৰ এটা প্ৰতিলিপি আপোনাৰ অনুৰোধ অনুসৰি বিনামূল্যে প্ৰদান কৰা হ’ব। প্ৰাসংগিক তথ্যৰ ক্ষেত্ৰত অন্য কোনো অতিৰিক্ত অনুৰোধৰ বাবে আমি প্ৰযোজ্য আইন অনুসৰি বা আইনে অনুমতি দিলে আপোনাৰ পৰা প্ৰকৃত ব্যৱস্থাপন ব্যয়ৰ ওপৰত ভিত্তি কৰি গণনা কৰা এক যুক্তিসংগত মাছুল বিচাৰিব পাৰো।

• যদিহে আমাৰ ওচৰত থকা আপোনাৰ তথ্য ভুল বা অসম্পূৰ্ণ হয়, তেন্তে ব্যৱহাৰৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি আপোনাৰ ব্যক্তিগত তথ্যসমূহ শুদ্ধ তথা সম্পূৰ্ণ কৰি তোলাৰ অধিকাৰ আপোনাৰ আছে।

• প্ৰযোজ্য আইনৰ প্ৰয়োজনীয়তাৰ আধাৰত, আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰি থকাৰ বাবে আমাৰ কোনো যুক্তিসংগত কাৰণ নেথাকিলে সেইসমূহ বিলোপ বা অপসাৰণ কৰিবলৈ অনুৰোধ জনোৱাৰ অধিকাৰ আপোনাৰ ওচৰত থাকিব। আপোনাৰ বিলোপন সম্পৰ্কীয় অনুৰোধৰ বিভিন্ন দিশৰ ওপৰত আমি বিবেচনা কৰিম আৰু কাৰিকৰী উপায়সমূহক সামৰি যুক্তিসংগত পদক্ষেপ গ্ৰহণ কৰিম। দয়া কৰি মনত ৰাখিব যে প্ৰযোজ্য আইন আৰু/বা প্ৰযুক্তিমূলক সীমাবদ্ধতাসমূহৰ বাবে আমি তথ্যসমূহ বেকআপ ছিষ্টেমৰ পৰা ততালিকে আঁতৰাবলৈ সক্ষম নহ'বও পাৰো। যদি তেনে হয়, তেন্তে বেকআপ বিলোপ নকৰালৈকে বা সেই তথ্য বেনামী নকৰালৈকে আমি আপোনাৰ তথ্য নিৰাপদে মজুত ৰাখিম আৰু যিকোনো পৰৱৰ্তী সংসাধনৰ পৰা আঁতৰাই ৰাখিম।

• ডাইৰেক্ট মাৰ্কেটিঙৰ বাবে সংসাধনক (য’ত প্ৰ'ফাইলিং ব্যৱহাৰ হয় তাক সামৰি), সামৰি কিছুমান নিৰ্দিষ্ট প্ৰকাৰৰ সংসাধনৰ বিষয়ে আৰু সংসাধনৰ (প্ৰ'ফাইলিঙকে সামৰি) আইনগত ভিত্তি আমাৰ ন্যায্য স্বাৰ্থ হোৱা কিছুমান নিৰ্দিষ্ট প্ৰেক্ষাপটত আপোনাৰ আপত্তি কৰাৰ অধিকাৰ আছে।

বিশেষকৈ কিছুমান অধিকাৰক্ষেত্ৰৰ আইন-ব্যৱস্থাৰ অধীনত:

• আপোনাৰ ব্যক্তিগত তথ্যৰ সংসাধনৰ প্ৰতিবন্ধকতা আমাৰ পৰা লাভ কৰিবলৈ আপোনাৰ অধিকাৰ আছে। আপোনাৰ প্ৰতিবন্ধকতা সম্পৰ্কীয় অনুৰোধৰ বিভিন্ন দিশৰ ওপৰত আমি বিৱেচনা কৰিম। যদিহে সেই দিশসমূহ GDPRলৈ প্ৰযোজ্য হয়, তেন্তে আমি GDPRৰ অধীনত প্ৰযোজ্য পৰিস্থিতি অনুসৰিহে আপোনাৰ ব্যক্তিগত তথ্য সংসাধন কৰিম আৰু সংসাধনৰ প্ৰতিবন্ধকতা তুলি লোৱাৰ পূৰ্বে আপোনাক অৱগত কৰিম।

• আপোনাৰ সৈতে সম্পৰ্কিত বা আপোনাৰ ওপৰত একেধৰণেৰে গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱ বিস্তাৰ কৰিব পৰা আইনী প্ৰভাৱ থকা প্ৰ'ফাইলিঙক সামৰি কেৱল স্বয়ংক্ৰিয় সংসাধনৰ ওপৰত আধাৰিত সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল নহ'বলৈ আপোনাৰ অধিকাৰ আছে।

• এক সংগঠিত, সাধাৰণভাৱে ব্যৱহৃত সজ্জাত আপোনাৰ ব্যক্তিগত তথ্যৰ অনুৰোধ কৰিবলৈ আৰু সেই তথ্য অন্য এটা ডাটা নিয়ন্ত্ৰকলৈ প্ৰচাৰণ কৰিবলৈ আপোনাৰ অধিকাৰ আছে (ডাটা বহনযোগ্যতা)।

য'ত কোনো ৰেহাই প্ৰযোজ্য হয় বা প্ৰযোজ্য আইনৰ অধীনত আমি তেনে কৰিবলৈ অধিকাৰ লাভ কৰো, যেনে, অনুৰোধটো প্ৰকাশ্যে ভিত্তিহীন বা প্ৰকাশ্যে অপৰিমিত হ'লে বা এই কাৰ্যৰ বাবে তৃতীয় পক্ষসমূহৰ তথ্য প্ৰকাশ কৰাৰ প্ৰয়োজন হ'লে, তেনে সংসাধন অনুৰোধ অস্বীকাৰ কৰা বা অনুৰোধৰ কেৱল এটা অংশহে মানি লোৱাৰ অধিকাৰ আমাৰ আছে। কিছুমান পৰিস্থিতিত, প্ৰযোজ্য আইনৰ অধীনত অনুমতি লাভ কৰিলে আমি এক মাছুল আদায় কৰিব পাৰো। যদি আমি বিশ্বাস কৰো যে তথ্য বিলোপৰ এটা অনুৰোধৰ কিছুমান দিশৰ ফলত আমি সেই তথ্যসমূহক আইনী দাৱীসমূহ প্ৰমাণ, প্ৰয়োগ বা ৰক্ষা কৰাৰ বাবে বা প্ৰযোজ্য আইনে অনুমতি দিয়া কাৰণসমূহৰ বাবে আইনীভাৱে ব্যৱহাৰ কৰিবলৈ অক্ষম হৈ পৰিম, তেন্তে তেনে অনুৰোধ নাকচ কৰা হ'ব পাৰে।

5.3 সন্মতি প্ৰত্যাহাৰ

এটা অনুৰোধ দাখিল কৰাৰ দ্বাৰা আমাৰ অধিকাৰ বা নিয়ন্ত্ৰণত থকা আপোনাৰ ব্যক্তিগত তথ্য সংগ্ৰহ, ব্যৱহাৰ, আৰু/বা প্ৰকাশকে সামৰি এটা নিৰ্দিষ্ট উদ্দেশ্যত আমাক পূৰ্বতে প্ৰদান কৰা আপোনাৰ সন্মতি আপুনি প্ৰত্যাহাৰ কৰিব পাৰে। আপুনি ব্যৱহাৰ কৰি নিৰ্দিষ্ট সেৱাৰ আধাৰত, https://privacy.mi.com/supportৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰি আপোনাৰ সন্মতি প্ৰত্যাহাৰ কৰিব পাৰে। অনুৰোধ কৰাৰ সময়ৰ পৰা এক যুক্তিসংগত সময়সীমাৰ ভিতৰত আমি আপোনাৰ অনুৰোধ সংসাধন কৰিম আৰু তাৰপিছত আপোনাৰ অনুৰোধ অনুসৰি আপোনাৰ ব্যক্তিগত তথ্য সংগ্ৰহ, ব্যৱহাৰ আৰু/বা প্ৰকাশ কৰাটো বন্ধ কৰিম।

আপোনাৰ সন্মতি প্ৰত্যাহাৰৰ ব্যাপ্তিৰ ওপৰত নিৰ্ভৰ কৰি, দয়া কৰি এটা কথা মন কৰিব যে আপুনি Xiaomiৰ প্ৰডাক্ট তথা সেৱাসমূহৰ সম্পূৰ্ণ সুবিধা লাভ কৰাটো অব্যাহত ৰাখিবলৈ সক্ষম নহ'বও পাৰে। আপোনাৰ সন্মতি বা কৰ্তৃত্বৰ প্ৰত্যাহাৰে সেই প্ৰত্যাহাৰৰ সময়লৈকে থকা সন্মতিৰ আধাৰত সম্পন্ন কৰা আমাৰ সংসাধন মান্যতাক প্ৰভাৱিত নকৰিব।

5.4 এটা সেৱা বা একাউণ্টৰ বাতিলকৰণ

যদি আপুনি কোনো নিৰ্দিষ্ট প্ৰডাক্ট বা সেৱা বাতিল কৰিবলৈ ইচ্ছা কৰে, তেন্তে আপুনি https://privacy.mi.com/supportৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে।

আপুনি যদি Mi একাউণ্টটো বাতিল কৰিব বিচাৰে, তেন্তে দয়া কৰি মন কৰিব যে এই বাতিলকৰণে সকলো পৰিসৰৰ Xiaomi প্ৰডাক্ট তথা সেৱাসমূহ ব্যৱহাৰত আপোনাক বাধা আৰোপ কৰিব। কিছুমান নিৰ্দিষ্ট পৰিস্থিতিত এই বাতিলকৰণ প্ৰতিৰোধ কৰা বা বিলম্বিত হ’ব পাৰে। উদাহৰণস্বৰূপে, যদিহে আপোনাৰ একাউণ্টত Mi সংগীতৰ পৰিশোধ কৰিবলৈ বাকী থকা সদস্য সেৱা, থীম ষ্ট'ৰত পৰিশোধযোগ্য থীম, বা আপোনাৰ Mi বিত্তত পৰিশোধ কৰিবলৈ বাকী থকা ঋণ আদিৰ দৰে পৰিশোধ কৰিবলগীয়া ধন থাকে, তেন্তে আমি আপোনাৰ অনুৰোধৰ প্ৰতি ততালিকে সঁহাৰি জনাব নোৱাৰিম।

আপুনি যেতিয়া এটা তৃতীয়-পক্ষৰ একাউণ্টৰ জৰিয়তে Xiaomiত লগ ইন কৰে, তেতিয়া আপুনি তৃতীয় পক্ষৰ পৰাই একাউণ্ট বাতিলকৰণৰ বাবে আৱেদন কৰিব লাগিব।

6 আপোনাৰ ব্যক্তিগত তথ্য গ্ল'বেলভাৱে কেনেকৈ হস্তান্তৰ কৰা হয়

Xiaomiয়ে এক গ্ল'বেল পৰিচালনা তথা নিয়ন্ত্ৰণ আন্তঃগাঁথনিৰ জৰিয়তে ব্যক্তিগত তথ্য সংসাধন আৰু বেক আপ কৰে। বৰ্তমানে, চীন, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী, ৰাছিয়া আৰু চিংগাপুৰত Xiaomiৰ তথ্য কেন্দ্ৰ আছে। গোপনীয়তাৰ নীতিত বৰ্ণনা কৰা উদ্দেশ্যসমূহৰ বাবে, আপোনাৰ তথ্য প্ৰযোজ্য আইন অনুযায়ী এই তথ্য কেন্দ্ৰবোৰলৈ হস্তান্তৰ কৰা হ'ব পাৰে।

আমি আপোনাৰ তথ্য তৃতীয়-পক্ষৰ সেৱা প্ৰদানকাৰী তথা বাণিজ্যিক অংশীদাৰসকললৈও হস্তান্তৰ কৰিব পাৰো আৰু সেইবাবে আপোনাৰ তথ্য অন্য দেশ তথা অঞ্চললৈও হস্তান্তৰিত হ'ব পাৰে। এই গ্ল'বেল কেন্দ্ৰসমূহ যি অধিকাৰক্ষেত্ৰসমূহত অৱস্থিত সেইসমূহে আপোনাৰ অধিকাৰক্ষেত্ৰসমূহৰ সৈতে একেই মানদণ্ডসহ আপোনাৰ ব্যক্তিগত তথ্যক নিৰাপত্তা প্ৰদান কৰিবও পাৰে বা নকৰিবও পাৰে। ভিন্ন ডাটা সুৰক্ষা আইনৰ অধীনত ভিন্ন বিপদাশংকা থাকে। অৱশ্যে, ই আমি এই গোপনীয়তাৰ নীতি মানি চলা আৰু আপোনাৰ ব্যক্তিগত তথ্য নিৰাপদে ৰখাৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতি সলনি নকৰে।

বিশেষকৈ,

• চীনৰ মূল ভূখণ্ডৰ ভিতৰত চলোৱা কামকাজত আমি সংগ্ৰহ তথা সৃষ্টি কৰা ব্যক্তিগত তথ্য চীনৰ মূল ভূখণ্ডত অৱস্থিত তথ্য কেন্দ্ৰসমূহত সঞ্চয় কৰা হয়, এই ক্ষেত্ৰত প্ৰযোজ্য আইনৰ অনুমোদন অনুযায়ী সীমান্ত পাৰ হৈ যোৱা প্ৰচাৰণ হৈছে ইয়াৰ ব্যতিক্ৰম।

• ৰাছিয়াত চলোৱা কামকাজত আমি সংগ্ৰহ তথা সৃষ্টি কৰা ব্যক্তিগত তথ্য ৰাছিয়াত অৱস্থিত তথ্য কেন্দ্ৰসমূহত সংসাধন আৰু সঞ্চয় কৰা হয়, এই ক্ষেত্ৰত ৰাছিয়াত প্ৰযোজ্য আইনৰ অনুমোদন অনুযায়ী সীমান্ত পাৰ হৈ যোৱা প্ৰচাৰণ হৈছে ইয়াৰ ব্যতিক্ৰম।

• ভাৰতবৰ্ষত চলোৱা কামকাজত আমি সংগ্ৰহ তথা সৃষ্টি কৰা ব্যক্তিগত তথ্য ভাৰতত অৱস্থিত তথ্য কেন্দ্ৰসমূহত সঞ্চয় কৰা হয়।

যদি আমি ব্যক্তিগত তথ্য আপোনাৰ অধিকাৰক্ষেত্ৰৰ বাহিৰলৈ হস্তান্তৰ কৰিবলগীয়া হয়, তেন্তে আমাৰ সহযোগী প্ৰতিষ্ঠানেই হওক বা তৃতীয়-পক্ষ সেৱা প্ৰদানকাৰীসকলেই হওক, প্ৰযোজ্য আইন ব্যৱস্থাসমূহ আমি মানি চলিম। আমি সুনিশ্চিত কৰো যে তেনে সকলোবোৰ হস্তান্তৰ কাৰ্যত সমমানৰ সুৰক্ষাকবচ প্ৰয়োগ কৰি প্ৰযোজ্য স্থানীয় ডাটা সুৰক্ষা আইনৰ প্ৰয়োজনীতাখিনি পুৰণ কৰা হয়। আপুনি https://privacy.mi.com/supportৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰি আমি প্ৰয়োগ কৰা সুৰক্ষাকবচবোৰৰ বিষয়ে জানিব পাৰে।

যদি আপুনি আমাৰ প্ৰডাক্ট তথা সেৱাসমূহ European Economic Area (EEA)ৰ ভিতৰত ব্যৱহাৰ কৰে, তেন্তে Xiaomi Technology Netherlands B.V.য়ে তথ্য নিয়ন্ত্ৰক হিচাপে কাম কৰিব আৰু তথ্য সংসাধনৰ বাবে Xiaomi Singapore Pte. Ltd. দায়বদ্ধ হ'ব। যোগাযোগৰ সৱিশেষ "আমাৰ সৈতে যোগাযোগ কৰক’’ শাখাটোত পাব।

যদিহে EEAত আপোনাৰ দ্বাৰা সৃষ্টি হোৱা ব্যক্তিগত তথ্য Xiaomiয়ে EEA-ৰ বাহিৰত অৱস্থিত Xiaomi গোটৰ প্ৰতিষ্ঠান বা এক তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীৰ সৈতে ভাগ-বতৰা কৰে, তেন্তে আমি তেনে কাম EU মান্য চুক্তিমূলক দফাসমূহ বা GDPRত থকা অন্য যিকোনো প্ৰদত্ত সুৰক্ষাকবচ অনুযায়ীহে সম্পন্ন কৰা হ'ব। আপুনি https://privacy.mi.com/supportৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰি আমি প্ৰয়োগ কৰা নিৰ্দিষ্ট সুৰক্ষাকবচবোৰৰ বিষয়ে জানিব বা এটা প্ৰতিলিপিৰ অনুৰোধ কৰিব পাৰে।

7 নাবালকৰ সুৰক্ষা

শিশুৰ দ্বাৰা আমাৰ প্ৰডাক্ট আৰু সেৱাসমূহ ব্যৱহাৰক পৰ্যৱেক্ষণ কৰাটো আমি পিতৃ-মাতৃ বা অভিভাৱকৰ দায়িত্ব বুলি বিৱেচনা কৰো। তথাপিও, আমি এটি শিশুৰ বাবে এই সেৱাসমূহ পোনপটীয়াকৈ উপলব্ধ নকৰো বা প্ৰচাৰণৰ বাবে শিশুৰ ব্যক্তিগত তথ্য ব্যৱহাৰ নকৰো।

আপুনি যদি এগৰাকী পিতৃ বা মাতৃ অথবা অভিভাৱক আৰু আপুনি যদি ভাৱে যে আপোনাৰ নাবালক সন্তানে Xiaomiক ব্যক্তিগত তথ্য প্ৰদান কৰিলে, তেন্তে সেই ব্যক্তিগত তথ্য ততালিকে আঁতৰাই পেলাবলৈ আৰু প্ৰযোজ্য Xiaomi সেৱাৰ পৰা সেই নাবালকৰ গ্ৰাহকভুক্তি ৰদ হোৱাটো নিশ্চিত কৰিবলৈ আপুনি দয়া কৰি https://privacy.mi.com/supportৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰক।

8 মই কোনো তৃতীয় পক্ষৰ চুক্তি আৰু চৰ্তাৱলী মানি ল'ব লাগিব নেকি?

আমাৰ গোপনীয়তাৰ নীতি এটা তৃতীয় পক্ষই আগবঢ়োৱা প্ৰডাক্ট বা সেৱাৰ বাবে প্ৰযোজ্য নহয়। আপুনি ব্যৱহাৰ কৰা Xiaomi প্ৰডাক্ট আৰু সেৱাৰ ওপৰত নিৰ্ভৰ কৰি, ইয়াৰ সৈতে ভইচ সমৰ্থন, কেমেৰা প্ৰছেচিং, ভিডিঅ' প্লেবেক, ছিষ্টেম পৰিষ্কাৰ আৰু সুৰক্ষা সম্পৰ্কিত সেৱা, গেমিং, পৰিসংখ্যা, চ'চিয়েল মিডিয়াৰ বাৰ্তালাপ, পৰিশোধ সংসাধন, মেপ নেভিগেশ্বন, ভাগ-বতৰা, পুচ, তথ্য ফিল্টাৰকৰণ, ইনপুট পদ্ধতি আদিৰ দৰে তৃতীয় পক্ষৰ প্ৰডাক্ট বা সেৱাসমূহ সংযুক্ত হ'ব পাৰে। ইয়াৰে কিছুমান তৃতীয় পক্ষৰ ৱেবছাইটসমূহলৈ লিংকৰ ৰূপত আগবঢ়োৱা হ'ব আৰু অন্য কিছুমান SDKসমূহ, APIসমূহ ইত্যাদিৰ ৰূপত প্ৰৱেশযোগ্য হ'ব। আপুনি এই প্ৰডাক্ট তথা সেৱাসমূহ ব্যৱহাৰ কৰোতেও আপোনাৰ তথ্য সংগ্ৰহ কৰা হ'ব পাৰে। এই কাৰণতে, আমি দৃঢ় পৰামৰ্শ আগবঢ়াও যে আপুনি আমাৰ গোপনীয়তাৰ নীতি পঢ়াৰ দৰে তৃতীয় পক্ষৰ গোপনীয়তাৰ নীতিসমূহ পঢ়িবলৈও সময় খৰচ কৰক। তৃতীয় পক্ষসমূহে আপোনাৰ পৰা সংগ্ৰহ কৰা ব্যক্তিগত তথ্য কিদৰে ব্যৱহাৰ কৰে তাৰ বাবে আমি দায়বদ্ধ নহয় আৰু তাক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো। আমাৰ গোপনীয়তাৰ নীতি আমাৰ সেৱাসমূহৰ পৰা লিংক হৈ থকা অন্য ছাইটসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।

ওপৰত সূচীবদ্ধ কৰা নিৰ্দিষ্ট প্ৰডাক্টসমূহ আপুনি ব্যৱহাৰ কৰোতে প্ৰয়োগ হ’ব পৰা তৃতীয় পক্ষৰ চুক্তি আৰু চৰ্তাৱলীৰ উদাহৰণসমূহ তলত দিয়া হ’ল:

আপোনাৰ অৰ্ডাৰটো চুড়ান্ত কৰি ধন পৰিশোধ কৰিবলৈ আপুনি যেতিয়া এটা তৃতীয় পক্ষৰ চেক-আউট সেৱা প্ৰদানকাৰী ব্যৱহাৰ কৰে, তেতিয়া চেক-আউটৰ সময়ত আপুনি প্ৰদান কৰা ব্যক্তিগত তথ্যসমূহ তৃতীয় পক্ষৰ গোপনীয়তাৰ নীতি অনুযায়ী নিয়ন্ত্ৰিত হয়।

আপুনি যেতিয়া MIUI সুৰক্ষা এপত সুৰক্ষা স্কেন বৈশিষ্ট্যটো ব্যৱহাৰ কৰে, তেতিয়া সেৱাটোৰ পচন্দৰ ওপৰত নিৰ্ভৰ কৰি, তলত দিয়াসমূহৰ যিকোনো এটা প্ৰযোজ্য হ'ব:

• Avastৰ গোপনীয়তা আৰু তথ্য সুৰক্ষা নীতি: https://www.avast.com/privacy-policy

• Antiy Mobile Security AVL SDKৰ গোপনীয়তাৰ নীতি: https://www.avlsec.com/en/privacy-policy

• Tencentৰ গোপনীয়তাৰ নীতি: https://privacy.qq.com/

আপুনি যেতিয়া MIUI নিৰাপত্তা এপত পৰিষ্কাৰক বৈশিষ্ট্য ব্যৱহাৰ কৰে, তেতিয়া Tencentৰ গোপনীয়তাৰ নীতি প্ৰযোজ্য হয়: https://privacy.qq.com/

আপুনি যেতিয়া MIUIত বিভিন্ন নিৰ্দিষ্ট এপ্লিকেশ্বনত বিজ্ঞাপনৰ সেৱাসমূহ ব্যৱহাৰ কৰে, তেতিয়া সেৱাটোৰ পচন্দৰ ওপৰত নিৰ্ভৰ কৰি, তলত দিয়াসমূহৰ যিকোনো এটা প্ৰযোজ্য হ’ব:

• Googleৰ গোপনীয়তাৰ নীতি: https://www.google.com/policies/privacy

• Facebookৰ গোপনীয়তাৰ নীতি: https://www.facebook.com/about/privacy/update?ref=old_policy

আপুনি যেতিয়া Google ইনপুট পদ্ধতি ব্যৱহাৰ কৰে, তেতিয়া Googleৰ গোপনীয়তাৰ নীতি প্ৰযোজ্য হয়: https://policies.google.com/privacy

আমি পৰিসংখ্যা, এপ ক্ৰেশ্ব হাৰৰ নিৰীক্ষণ সম্পাদন কৰো, আৰু ক্লাউড নিয়ন্ত্ৰণ সক্ষমতাসমূহ প্ৰদান কৰোতে Google Incৰ Firebaseৰ বাবে Google Analytics বা Firebase Analytic ব্যৱহাৰ কৰো। আপুনি Google Firebase গোপনীয়তাৰ নীতিৰ বিষয়ে ইয়াত অধিক জানিব পাৰে: https://policies.google.com/privacy আৰু https://www.google.com/policies/privacy/partners/

MIUI ছিষ্টেম এপসমূহত কোনো বিজ্ঞাপন প্ৰদান কৰিবলৈ, তৃতীয়-পক্ষৰ বিজ্ঞাপন অংশীদাৰে আপোনাৰ বিজ্ঞাপন ক্লিক আৰু সমল দৰ্শনৰ দৰে অনলাইন কাৰ্যকলাপ বা বিভিন্ন ৱেবছাইট বা এপসমূহত অন্য কাৰ্যকলাপৰ পৰা সৃষ্ট ডাটা সংগ্ৰহ কৰিব পাৰে।

• Googleৰ গোপনীয়তাৰ নীতি: https://www.google.com/policies/privacy

• Facebookৰ গোপনীয়তাৰ নীতি: https://www.facebook.com/about/privacy/update?ref=old_policy

• Unityৰ গোপনীয়তাৰ নীতি: https://unity3d.com/legal/privacy-policy

• Vungleৰ গোপনীয়তাৰ নীতি: https://vungle.com/privacy

• IronSourceৰ গোপনীয়তাৰ নীতি: https://developers.ironsrc.com/ironsource-mobile/air/ironsource-mobile-privacy-policy/

• Applovinৰ গোপনীয়তাৰ নীতি: https://www.applovin.com/privacy

• Chartboostৰ গোপনীয়তাৰ নীতি: https://answers.chartboost.com/en-us/articles/200780269

• Mopubৰ গোপনীয়তাৰ নীতি: https://www.mopub.com/legal/privacy

• Mytargetৰ গোপনীয়তাৰ নীতি: https://legal.my.com/us/mytarget

• Yandexৰ গোপনীয়তাৰ নীতি: https://yandex.com/legal/privacy

• Tapjoyৰ গোপনীয়তাৰ নীতি: https://www.tapjoy.com/legal/advertisers/privacy-policy

• AdColonyৰ গোপনীয়তাৰ নীতি: https://www.adcolony.com/privacy-policy

আমি আমাৰ বিজ্ঞাপন অংশীদাৰৰ নিৰ্দেশনা অনুসৰি আমাৰ বিজ্ঞাপন অংশীদাৰৰ বাবে আমাৰ বিজ্ঞাপনসমূহৰ সৈতে আপোনাৰ পাৰস্পৰিক সম্পৰ্কৰ মেট্ৰিক্সকে সামৰি (যদিহে তেনে কিবা থাকে) ৰিপৰ্ট সৃষ্টি কৰিবলৈ আপোনাৰ তথ্য সংগ্ৰহ আৰু তৃতীয়-পক্ষৰ আৰোপণ কোম্পানীসকলৰ সৈতে ভাগ-বতৰা কৰিব পাৰো। আপুনি ব্যৱহাৰ কৰা MIUI ছিষ্টেম এপসমূহৰ ওপৰত নিৰ্ভৰ কৰি, তৃতীয়-পক্ষৰ আৰোপণ কোম্পানীত এইসমূহ অন্তৰ্ভুক্ত হৈ থাকিব পাৰে:

• Adjustৰ গোপনীয়তাৰ নীতি: https://www.adjust.com/terms/privacy-policy

• Appsflyerৰ গোপনীয়তাৰ নীতি: https://www.appsflyer.com/privacy-policy/?utm_source=google

• Appsflyerৰ গোপনীয়তাৰ নীতি: https://affise.com/privacy-policy

• Miaozhenৰ গোপনীয়তাৰ নীতি: https://www.miaozhen.com/en/privacy

• Nielsenৰ গোপনীয়তাৰ নীতি: https://www.nielsen.com/cn/en/legal/privacy-policy

9 এই গোপনীয়তাৰ নীতি আমি কেনেকৈ আপডেট কৰো

আমি ব্যৱসায়, প্ৰযুক্তি আৰু প্ৰযোজ্য আইন আৰু ভাল কৰ্মপন্থাৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ ভিত্তিত সময়ে সময়ে এই গোপনীয়তাৰ নীতিৰ সমীক্ষা কৰো, আৰু আমি এই গোপনীয়তাৰ নীতি আপডেটো কৰিব পাৰো। আমি যদি এই গোপনীয়তাৰ নীতিৰ কোনো এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰো, তেন্তে আপুনি পঞ্জীয়ন কৰা যোগাযোগৰ তথ্য যেনে, ইমেইলৰ মাধ্যমেৰে (আপোনাৰ একাউণ্টত নিৰ্দিষ্ট কৰা কৰা ইমেইল ঠিকনাটোলৈ প্ৰেৰণ কৰি) বা Xiaomi ৱেবছাইটসমূহত প্ৰকাশ কৰি আমি আপোনাক সেইবিষয়ে অৱগত কৰিম অথবা ম'বাইল ডিভাইচৰ মাধ্যমেৰে আপোনাক জনাম যাতে আমি সংগ্ৰহ কৰা তথ্য আৰু সেইসমূহ আমি কেনেকৈ ব্যৱহাৰ কৰো সেই বিষয়ে আপুনি জানিব পাৰে। গোপনীয়তাৰ নীতিৰ এনেধৰণৰ পৰিৱৰ্তনসমূহ জাননী বা ৱেবছাইটত স্পষ্টৰূপে উল্লেখ কৰা কাৰ্যকৰী তাৰিখৰ পৰা প্ৰযোজ্য হ’ব। আমাৰ গোপনীয়তাৰ নীতিৰ বিষয়ে শেহতীয়া তথ্যৰ বাবে এই পৃষ্ঠাক নিয়মীয়াকৈ পৰীক্ষা কৰিবলৈ আমি আপোনাক উৎসাহিত কৰো। ৱেবছাইট, ম'বাইল আৰু/বা অন্য যিকোনো ডিভাইচত এই প্ৰডাক্ট তথা সেৱাসমূহৰ ব্যৱহাৰ জাৰী ৰখাটো আপডেটকৃত গোপনীয়তাৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰযোজ্য আইনৰ প্ৰয়োজনীয়তা অনুসৰি, আমি যেতিয়া আপোনাৰ পৰা অতিৰিক্ত ব্যক্তিগত তথ্য সংগ্ৰহ কৰিম বা যেতিয়া আমি নতুন উদ্দেশ্যত আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ তথা প্ৰকাশ কৰিম তেতিয়া আমি আপোনাৰ পৰা স্পষ্ট সন্মতি বিচাৰিম।

10 আমাৰ সৈতে যোগাযোগ কৰক

যদি এই গোপনীয়তাৰ নীতি সম্পৰ্কে আপোনাৰ কোনো মন্তব্য প্ৰশ্ন আছে বা Xiaomiৰ দ্বাৰা আপোনাৰ ব্যক্তিগত তথ্যৰ সংগ্ৰহ, ব্যৱহাৰ, বা প্ৰকাশ সম্পৰ্কে কোনো প্ৰশ্ন আছে, তেন্তে দয়া কৰি https://privacy.mi.com/support বা তলৰ ঠিকনাৰ যোগেদি আমাৰ সৈতে যোগাযোগ কৰক। ব্যক্তিগত তথ্যলৈ প্ৰৱেশ বা ডাউনলোডিং সম্পৰ্কীয় গোপনীয়তা বা ব্যক্তিগত তথ্যৰ অনুৰোধ প্ৰাপ্ত কৰিলে, আপোনাৰ সেই সমস্যাসমূহ সমাধান কৰিবলৈ আমাৰ এটা পেছাদাৰী টিম আছে। যদিহে আপোনাৰ প্ৰশ্নটো এটা গুৰুত্বপূৰ্ণ সমস্যাৰ সৈতে সম্পৰ্কিত হয়, তেন্তে আমি আপোনাৰ পৰা অধিক তথ্য বিচাৰিব পাৰো।

যদিহে আমাৰ পৰা লাভ কৰা আপোনাৰ ব্যক্তিগত তথ্য সম্পৰ্কীয় উত্তৰত আপুনি সন্তুষ্ট নহয়, তেন্তে আপুনি সেই অভিযোগ আপোনাৰ অধিকাৰক্ষেত্ৰৰ প্ৰাসংগিক ডাটা সুৰক্ষা নিয়ামক প্ৰাধিকৰণৰ হাতলৈ হস্তান্তৰ কৰিব পাৰে। আপুনি যদি আমাৰ লগত আলোচনা কৰে, তেন্তে আমি আপোনাক অভিযোগ দাখিল কৰাৰ প্ৰাসংগিক চেনেলবোৰৰ বিষয়ে তথ্য যোগান ধৰিম যিবোৰ আপোনাৰ বাস্তৱিক পৰিস্থিতিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পাৰে।

Xiaomi Communications Co., Ltd. #019, 9th Floor, Building 6, 33 Xi'erqi Middle Road, Haidian District, Beijing, China 100085

Xiaomi Singapore Pte. Ltd. 20 Cross Street, China Court #02-12 Singapore 048422

ভাৰতৰ ব্যৱহাৰকাৰীৰ বাবে:

Xiaomi Technology India Private Limited Building Orchid, Block E, Embassy Tech Village, Outer Ring Road, Devarabisanahalli, Bengaluru, Karnataka - 560103, India

স্পৰ্শকাতৰ ব্যক্তিগত ডাটা আৰু তথ্যসমূহৰ সম্পৰ্কীয় কোনো বিসংগতি বা অভিযোগসমূহ তলত উল্লেখ কৰা মনোনীত অভিযোগ-নিষ্পত্তি বিষয়ালৈ প্ৰেৰণ কৰা উচিত:

নাম: বিশ্বনাথ চি

টেলিফোন: 080 6885 6286, সোম-শণি : পুৱা 9 বজাৰ পৰা সন্ধিয়া 6 বজা

ইমেইল: grievance.officer@xiaomi.com

European Economic Area (EEA)ৰ ব্যৱহাৰকাৰীৰ বাবে:

Xiaomi Technology Netherlands B.V. Prinses Beatrixlaan 582, The Hague 2595BM Netherlands

আমাৰ গোপনীয়তাৰ নীতি পঢ়িবলৈ সময় উলিওৱাৰ বাবে আপোনাক ধন্যৱাদ!

আপোনাৰ বাবে নতুন কি আছে

আমি তলত দিয়া ধৰণৰ কেইবাটাও আপডেট কৰিলো:

• আমি আমাৰ কিছুমান সম্পৰ্ক বিৱৰণ আপডেট কৰিলো।

• আমি আমাৰ দ্বাৰা আৰু তৃতীয় পক্ষসমূহৰ দ্বাৰা সংগ্ৰহ কৰা হোৱা তথ্য সম্পৰ্কে কিছুমান আপডেট কৰিলো।

• আমি অনা-ব্যক্তিগতভাৱে চিনাক্তযোগ্য তথ্য কিদৰে ব্যৱহাৰ কৰো সেয়া অধিক স্পষ্টভাৱে প্ৰকাশ কৰিছো।

• আমি আপোনাৰ ব্যক্তিগত তথ্য কিদৰে ব্যৱহাৰ কৰো সেয়া আপডেট কৰিছো, আৰু লগতে আমি আমাৰ আইনসন্মত স্বাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি আৰু আপোনাৰ দ্বাৰা পুচ সেৱাসমূহ ব্যৱহাৰৰ সৈতে সম্পৰ্কিত ব্যক্তিগত তথ্য সংসাধনৰ বিৱৰণ অধিক স্পষ্টভাৱে প্ৰকাশ কৰিছো।

• আমি ডাটা ধাৰণৰ বিষয়ে অধিক বিৱৰণ প্ৰদান কৰিছো।

• আমি আপোনাৰ ব্যক্তিগত তথ্যৰ ক্ষেত্ৰত আপোনাৰ অধিকাৰসমূহ অধিক স্পষ্টভাৱে প্ৰকাশ কৰিছো।